বানপানী
বানপানী (Flood)ৰ সাধাৰণ অৰ্থ পৃথিৱীৰ স্থলভাৱ জলমগ্ন হোৱা অৱস্থা বুলি ক’ব পাৰি। যেতিয়া হ্ৰদ, নদী আদিৰ পানী আদি স্থলভাগ বুৰাই পেলাই তেতিয়াই বানপানীৰ সৃষ্টি হয়। অত্যাধিক বৰষুণ, বৰফ গলা, সাগৰ পৃষ্ঠত হোৱা ধুমুহাৰ ফলত বানপানীৰ সৃষ্টি হয়।
এক কথাত ক’ব হ’লে বাঢ়ি অহা বা বাঢ়নি পানীয়ে স্থলভাগ বুৰাই পেলোৱাকে বানপানী বুলি কয়।অসমৰ বাবে ই এক জলন্ত সমস্যা। প্ৰতিবছৰে অসমত লাখ লাখ মানুহ বানত প্ৰভাৱিত হয়। বানপানীত প্ৰতিবছৰে বহু মানুহে প্ৰাণ হেৰুওৱাৰ লগতে জীৱ- জন্তু, ঘৰ দুৱাৰ খেতি পথাৰ আদিৰো বিস্তৰ ক্ষতি সাধন হয়।