
ৰবি শৰ্মা (Ravi Sarma)
অসমীয়া চলচ্চিত্ৰ জগতৰ এজন জনপ্ৰিয় অভিনেতা। ৰবি শৰ্মাৰ জন্ম ১৯৭২ চনৰ ১৯ ছেপ্টেম্বৰত গুৱাহাটীত হয়। তেওঁ ডি এ ভি স্কুল আৰু ফেকাল্টী হাই স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰি কটন মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকৰ শিক্ষা গ্ৰহণ কৰে। তাৰ পিছত তেখেতে আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁৰ মাতৃ বন্দনা শৰ্মাও এগৰাকী অভিনেত্ৰী আছিল।
ৰবি শৰ্মাই বিশিষ্ট পৰিচালক মুনিন বৰুৱাৰ ২০০০ চনত মুক্তিপ্ৰাপ্ত চুপাৰ হিট ছবি ‘হিয়া দিয়া নিয়া’ৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। চলচ্চিত্ৰৰ লগতে তেওঁ অসমৰ কেইবাখনো ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰিছে। শেহতীয়াকৈ ৰবি শৰ্মাৰ অসমীয়া ছবি ‘শ্ৰীৰঘুপতিয়ে’ অসমীয়া ছবিজগতৰ সকলো ৰেক’ৰ্ড ভাঙিছে। অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰসমূহতো অভিনয় কৰিছে ৰবি শৰ্মাই। অভিনেতাজনে নিখুঁট অভিনয়েৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে।
ৰবি শৰ্মাই মৈত্ৰেয়ী প্ৰিয়দৰ্শিনীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। এতিয়া দুই সন্তানৰ পিতৃ-মাতৃ ৰবি শৰ্মা আৰু মৈত্ৰেয়ী প্ৰিয়দৰ্শিনী।
Ravi Sarma: আজি অভিনেতা ৰবি শৰ্মাৰ জন্মদিন, জানক কোনখন ছবিৰে অভিনয় জগতত প্ৰৱেশ কৰিছিল…
কেৱল ফিটনেছেই নহয়, স্পষ্টবাদিতাৰ বাবেও সকলোৱে ভাল পায় ৰবি শৰ্মাক। সকলো কথা স্পষ্টভাৱে ক’বলৈ সাহস কৰে অভিনেতাজনে। আজি এই বিশেষ দিনটোত সামাজিক মাধ্যমত শুভেচ্ছাৰে উপচাই পেলাইছে অনুৰাগীয়ে।
- Barasha Misra
- Updated on: Sep 19, 2024
- 12:34 pm
নথি-পত্ৰ নোচোৱাকৈয়ে ধন ব্যয় কৰিছে অসমীয়া মানুহে, মই এইবোৰত নাইঃ ৰবি শৰ্মা
ট্ৰেডিং প্ৰসংগত সৰৱ অভিনেতা ৰবি শৰ্মা। ট্ৰেডিং বিৰ্তক সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিলে অভিনেতাজনে। লগতে অসমীয়া লোকৰ বিষয়ে কি ক'লে অভিনেতাজনে?
- Barasha Misra
- Updated on: Sep 17, 2024
- 20:44 pm
Ravi Sarma: কেনে আছে ৰবি শৰ্মা? ছবিৰ দৃশ্যগ্ৰহণৰ সময়তে আঘাতপ্ৰাপ্ত হয় অভিনেতাজন
'ৰুদ্ৰ'ৰ দৃশ্যগ্ৰহণত অঘটন! বিস্ফোৰণৰ দৃশ্যগ্ৰহণৰ সময়ত আঘাতপ্ৰাপ্ত অভিনেতা ৰবি শৰ্মা। বৰ্তমান কি স্বাস্থ্যৰ অৱস্থা জানো আহক...
- Barasha Misra
- Updated on: Jul 29, 2024
- 22:28 pm
কেৱল সৰু-সুৰা ঠিকাৰ লোভত দেশখনক যাতে বিক্ৰী নকৰেঃ ৰবি শৰ্মা
ৰবি শৰ্মাৰ মতে, চৰকাৰ এখনে যেতিয়া কাম কৰিব নেৱাৰে তেতিয়া মিছা কথা মাতে। এইবোৰ কৈয়ে থাকিব আৰু চলিয়েই থাকিব। মই কব বিচাৰিছোঁ, চোৰৰ অভাৱ নাই! কাৰোৱাৰ ঘৰত অভাৱ হ'ব আৰু চোৰ সৃষ্টি হ'ব। অভাৱে চোৰ সৃষ্টি কৰে, কিন্তু গৰাকী সদায় সচেতন হোৱাৰ প্ৰয়োজন।
- Barasha Misra
- Updated on: May 27, 2024
- 14:16 pm