
আইমী বৰুৱা (Aimee Baruah)
আইমী বৰুৱা এগৰাকী অসমীয়া অভিনেত্ৰী। তেওঁ কেইবাখনো অসমীয়া চলচ্চিত্ৰৰ লগতে বহুতো ধাৰাবাহিক ভিচিডিত অভিনয় কৰিছে। আইমী বৰুৱাৰ জন্ম হৈছিল নগাঁৱত। তেওঁৰ মাতৃৰ নাম মালা বৰুৱা আৰু পিতৃ স্বৰ্গীয় পূৰ্ণ বৰুৱা। পূৰ্ণ বৰুৱা এগৰাকী আৰক্ষী অধীক্ষক আছিল। আইমী নামটো দেউতাকে দিছিল যাৰ অৰ্থ ফৰাচী ভাষাত সুবাস।
আইমী বৰুৱাই ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতেই অসমৰ সাধুকথা নামৰ এখন তথ্যচিত্ৰত তেজীমলা চৰিত্ৰত অভিনয় কৰিছিল। তাৰপিছত অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতে তুমি মোৰ মাথোঁ মোৰ চলচ্চিত্ৰখনৰ বাবে বিবেচনা কৰা হৈছিল যদিও বয়স কম হোৱা বাবে শেষ মুহূৰ্তত তেওঁক বাতিল কৰা হয়। তাৰ পিছৰ বছৰতেই অৰ্থাৎ নৱম শ্ৰেণীত পঢ়ি থকা সময়ত আইমী বৰুৱাই প্ৰেম আৰু প্ৰেম ছবিত অভিনয় কৰাৰ সুযোগ পায়। যিখন আছিল তেওঁৰ জীৱনৰ প্ৰথমখন ছবি।
আইমী বৰুৱাই ৰাজনীতিবিদ পীযুষ হাজৰিকাৰ সৈতে ২০১১ চনৰ ১ অক্টোবৰত বিবাহপাশত আবদ্ধ হয়।[4] তেওঁলোকৰ বৰ্তমান দুটা সন্তান আছে।
ডিমাছা ভাষাত নিৰ্মিত “চেমখৰ” ছবিৰ বাবে টেগৰ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত সৰ্বশ্ৰেষ্ঠ বৰ্ণনামূলক ছবি, সৰ্বশ্ৰেষ্ঠ নাৰী বিষয়ক ছবি আৰু শ্ৰেষ্ঠ নৱাগত ছবি নিৰ্মাতাৰ সন্মান লাভ কৰিছে আইমীয়ে।
মহাকুম্ভত মহাস্নান অভিনেত্ৰী আইমী বৰুৱাৰ, পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰিলে ফটো
মহাকুম্ভমেলাৰ পবিত্ৰ সময়ত প্ৰয়াগৰাজলৈ গৈছে অভিনেত্ৰী আইমী বৰুৱা। আজি পৰিয়ালৰ সৈতে গংগাত স্নান কৰে অভিনেত্ৰীগৰাকীয়ে। সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে আইমীয়ে।
- Barasha Misra
- Updated on: Feb 15, 2025
- 21:58 pm
গোৱাত ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ: বহু নামী-দামী তাৰকাৰ সৈতে আইমী বৰুৱা!
২০ নৱেম্বৰৰ পৰা গোৱাত অনুষ্ঠিত হৈছিল International Film FestivaI of Goa 2024 । ২০২৪ চনৰ ২৮ নৱেম্বৰত সামৰণি পৰে এই মহোৎসৱ । যত অংশগ্ৰহণ কৰে অসমৰ মোহময়ী অভিনেত্ৰী আইমী বৰুৱাই।
- Trishna Kalita
- Updated on: Dec 4, 2024
- 15:47 pm
গোৱাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আইমী বৰুৱা, দেখা গ’ল অনন্য ৰূপত!
International Film FestivaI of Goa 2024 এইবাৰ ২০ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে। ৮ দিনীয়া এই মহোৎসৱ ২০২৪ চনৰ ২৮ নৱেম্বৰত সামৰণি পৰিব। যত অংশগ্ৰহণ কৰিছে অসমৰ মোহময়ী অভিনেত্ৰী আইমী বৰুৱাই।
- Barasha Misra
- Updated on: Nov 21, 2024
- 17:10 pm
Kati Bihu: বাপতিসাহোন কাতি বিহুৰ পৰম্পৰা ৰক্ষা কৰি তুলসী তলত চাকি দিলে আইমী বৰুৱাই, সন্তানৰ সৈতে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো
আজি কাতি বিহু। প্ৰতিজন অসমীয়াই পৰিয়ালৰ লগতে সকলোৰে মংগল কামনা কৰাৰ লগতে শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰি তুলসী তলত চাকি বন্তি লগাইছে।
- Barasha Misra
- Updated on: Oct 17, 2024
- 19:39 pm
আজি মহাসপ্তমী, সকলোৰে মংগল কামনা কৰি সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰিছে অভিনেত্ৰী আইমী বৰুৱাই
অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী তথা পৰিচালিকা আইমী বৰুৱা। দুৰ্গা পূজাৰ লগত সংগতি ৰাখি সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰিছে আইমী বৰুৱাই।
- Barasha Misra
- Updated on: Oct 10, 2024
- 16:03 pm
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা গ্ৰহণ কৰিলে আইমী বৰুৱা, পাৰ্থ সাৰথি মহন্তকে ধৰি কেইবাগৰাকী অসমীয়াই…
National film award: ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত জিলিকি উঠিল কেইবাগৰাকী অসম সন্তান। ৰাষ্ট্ৰপতি দ্ৰোপদী মূৰ্মুৰ পৰা বঁটা গ্ৰহণ কৰিছে অসমৰ শিল্পীসকলে। ইয়াৰ ভিতৰত আছে আইমী বৰুৱা, পাৰ্থ সাৰথি মহন্ত আদি।
- Barasha Sarma
- Updated on: Oct 9, 2024
- 10:07 am
Pijush-Aimee Wedding Anniversary: বিবাহ বাৰ্ষিকী বিশেষভাবে উদযাপন কৰিলে মন্ত্ৰী পীযুষ হাজৰিকা আৰু আইমী বৰুৱাই
আজি মন্ত্ৰী পীযুষ হাজৰিকা আৰু অভিনেত্ৰী আইমী বৰুৱাৰ বিবাহ বাৰ্ষিকী। ২০১১ চনৰ ১ অক্টোবৰত অভিনেত্ৰী আইমী বৰুৱা আৰু পীযুষ হাজৰিকাই বিবাহপাশত আৱদ্ধ হৈছিল।
- Barasha Misra
- Updated on: Oct 1, 2024
- 15:49 pm
৭০সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা: আইমী বৰুৱা, পাৰ্থ সাৰথি মহন্তৰ ছবিলৈ বিচাৰকৰ বিশেষ বঁটা
National Film Awards ঘোষণা কৰা হৈছে ৭০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা । শুকুৰবাৰে নতুন দিল্লীৰ নেচনেল মিডিয়া চেণ্টাৰত অনুষ্ঠিত হৈছিল এই অনুষ্ঠান।যিবোৰ চলচ্চিত্ৰ, তাৰকা আৰু পৰিচালকৰ নাম ঘোষণা কৰা হৈছে তেওঁলোকক দেশৰ ৰাষ্ট্ৰপতিয়ে বঁটা প্ৰদান কৰিব। হিন্দী ভাষাৰ শ্ৰেষ্ঠ চিনেমাৰ বঁটা লাভ কৰে গুলমোহৰে। ২০২২ বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ জুৰীয়ে বঁটা বিজয়ীসকলৰ নামৰ তালিকা ঘোষণা কৰে। ইয়াৰ লগতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত পূৰ্বৰ দৰে এইবাৰো অসমীয়া ছবিয়ে গৌৰৱ বুটলিবলৈ সক্ষম হৈছে৷
- Trishna Kalita
- Updated on: Aug 16, 2024
- 20:27 pm
পৰিয়ালৰ সৈতে স্বাধীনতা দিৱস উদযাপন মন্ত্ৰী পীযূষ হাজৰিকাৰ, সামাজিক মাধ্যমত পত্নীয়ে শ্বেয়াৰ কৰিলে ফটো
আজি দেশৰ ৭৮সংখ্যক স্বাধীনতা দিৱস। অশেষ সংগ্ৰামৰ ফলশ্ৰুতিত ব্ৰিটিচৰ দুশ বছৰীয়া শাসনৰ অন্ত পেলাই দেশবাসীয়ে লাভ কৰিছিল স্বাধীনতা। আজিৰ এই স্বাধীনতাৰ গৌৰৱোজ্জ্বল দিনটোত পৰিয়ালৰ সৈতেও কিছু সময় অতিবাহিত কৰে মন্ত্ৰী পীযূষ হাজৰিকাই।
- Barasha Misra
- Updated on: Aug 15, 2024
- 18:53 pm
ফুৰিবলৈ গ’লে কেনেকুৱা পোছাক পিন্ধিব তাৰ বাবে চিন্তিত নেকি? আইমী বৰুৱাৰ পৰা লওক আইডিয়া
আইমী বৰুৱা অভিনেত্ৰীৰ লগতে পৰিচালিকা হিচাপেও আছে আইমীৰ সুকীয়া পৰিচয়। ষ্টাইলিঙকলৈও যথেষ্ঠ সচেতন অভিনেত্ৰীগৰাকী।
- Barasha Misra
- Updated on: Aug 8, 2024
- 20:21 pm
গ্ৰীষ্মকালত কেনেধৰনৰ কাপোৰ উত্তম, অসমীয়া অভিনেত্ৰীৰ পৰা জানক ফেশ্বন টিপচ
আজিকালি ফেশ্বনৰ ক্ষেত্ৰত সকলো সচেতন। সময়ৰ সৈতে খাপ খাই চলিবলৈ সকলোৱে শিকিছে। আজি জানো আহক গ্ৰীষ্মকালত অসমীয়া অভিনেত্ৰীসকলে কেনেধৰণৰ পোছাক অনুসৰণ কৰে।
- Barasha Misra
- Updated on: Jul 17, 2024
- 15:54 pm
অনন্য ৰূপত অভিনেত্ৰী আইমী বৰুৱা, গ্ৰীষ্মকালত আইমীৰ ফেশ্বন অনুসৰণ কৰিব পাৰে…
অসমৰ জনপ্ৰিয় অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম আইমী বৰুৱা। অভিনেত্ৰীৰ লগতে পৰিচালিকা হিচাপেও আছে আইমীৰ সুকীয়া পৰিচয়। ষ্টাইলিঙকলৈও যথেষ্ঠ সচেতন অভিনেত্ৰীগৰাকী। আপুনিও গ্ৰীষ্মকালত ফেশ্বন টিপছ ল'ব পাৰে অভিনেত্ৰীগৰাকীৰ পৰা...
- Barasha Misra
- Updated on: Jul 11, 2024
- 22:25 pm
অনন্য ৰূপত আইমী বৰুৱা! Cannes Film Festival-ত এইবাৰো উজলি উঠিছে আইমী বৰুৱা
Cannes Film Festivalত উপস্থিত আছে অসমীয়া বোলছবিৰ অভিনেত্ৰী আইমী বৰুৱা। Cannes Film Festivalৰ পৰাই অভিনেত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে কেইখনমান ছবি।
- Barasha Misra
- Updated on: May 23, 2024
- 21:17 pm
Cannesত আইমী বৰুৱা, ইনষ্টাগ্ৰাম লাইভৰ জৰিয়তে এয়া কি ক’লে আইমী বৰুৱাই…
Cannesৰ পৰা ইনষ্টাগ্ৰাম লাইভ আইমীৰ। কাঁন চলচ্চিত্ৰ মহোৎসৱত যোৱা বছৰৰ দৰে এইবছৰো অসমীয়া চলচ্চিত্ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গৈছে আইমী বৰুৱা।
- Barasha Misra
- Updated on: May 17, 2024
- 15:07 pm