
সীমান্ত শেখৰ(Simanta Sekhar)
অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীসকল ভিতৰত অন্যতম সীমান্ত শেখৰ। বৰ্তমান অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ হিচাপে কাম কৰি গৈছে কণ্ঠশিল্পীগৰাকীয়ে। তেওঁ বৰ্তমান অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ। সীমান্ত শেখৰৰ সংগীত শৈলী মূলতঃ লোক সংযোজন আৰু ইণ্ডি-পপেৰে গঠিত আৰু তেওঁৰ অসমীয়া একক এলবাম গীতৰ বাবে সুপৰিচিত। তেওঁৰ প্ৰথমটো ৰেকৰ্ডিং কৰা গীত ‘তৰা দৈ’ জনপ্ৰিয় হৈছিল।
১৯৮২ চনৰ ১৮ মে’ তাৰিখে অসমৰ নলবাৰী জিলাৰ টিহুত সীমান্ত শেখৰৰ জন্ম হৈছিল। কণ্ঠশিল্পী গৰাকীৰ প্ৰকৃত নাম সীমান্ত বৰ্মন। তেওঁৰ পিতৃ দয়া ৰাম বৰ্মন আৰু মাতৃ আৰাতি বৰ্মন। স্কুলীয়া দিনৰ পৰাই তেওঁ গায়ক হ’ব বিচাৰিছিল। তেওঁ টিহু হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু তাৰপিছত তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ফাৰ্মাচিউটিকেল ছায়েন্স বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। প্ৰথম শ্ৰেণীত পঢ়ি থাকোঁতে তেওঁ গান গাবলৈ আৰম্ভ কৰিছিল।
সীমান্ত শেখৰে প্ৰীতি কংগনাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। প্ৰীতি কংগনা এগৰাকী মডেল আৰু জনপ্ৰিয় অসমীয়া অভিনেত্ৰী। তেওঁলোকৰ এজন পুত্ৰ আছে।
মহাকুম্ভৰ আধ্যাত্মিক পৰিৱেশত সীমান্ত শেখৰ, আচাৰ্য স্বামী শ্ৰী শংকৰাচাৰ্যৰ আশীৰ্বাদ লৈ অংশগ্ৰহণ কৰে মহাৰুদ্ৰ যজ্ঞত
প্ৰয়াগৰাজত অনুষ্ঠিত হোৱা মহাকুম্ভ মেলাত পৰিয়ালসহ অংশগ্ৰহণ কৰিছে সীমান্ত শেখৰে। তাত আচাৰ্য স্বামী শ্ৰী শংকৰাচাৰ্যৰ আশীৰ্বাদ লৈ অংশগ্ৰহণ কৰিছে মহাৰুদ্ৰ যজ্ঞত। মহাকুম্ভত উপস্থিত হৈ সামাজিক মাধ্যমত কি লিখিলে সীমান্তই?
- Barasha Misra
- Updated on: Feb 21, 2025
- 18:30 pm
আজি পৰিয়ালৰ সৈতে মহামৃত্যুঞ্জয় মন্দিৰত আশিস ল’লে সীমান্ত শেখৰে, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো
প্ৰথমটো ৰেকৰ্ডিং কৰা অসমীয়া গীত 'তৰা দৈ' জনপ্ৰিয় হোৱাৰ পিছতে সকলোৰে মন জয় কৰিছিল সীমান্তই। হাজাৰ বিতৰ্কৰ মাজতো সীমান্তই নিজৰ কাম নিয়াৰিকৈ আগবঢ়াই নিছে।
- Barasha Misra
- Updated on: May 20, 2024
- 22:12 pm