
ভৱেশ কলিতা
ভৱেশ কলিতা জন্ম ১ মাৰ্চ ১৯৭২ চনত হৈছে। তেওঁ অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ এজন ভাৰতীয় ৰাজনীতিবিদ আৰু ব্যৱসায়ী যিয়ে ২০২১ চনৰ পৰা বিজেপি, অসম ৰাজ্যিক ইউনিটৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ২০১৬ চনৰ পৰা তেওঁ অসম বিধানসভাত ৰঙিয়া সমষ্টিক প্ৰতিনিধিত্ব কৰে ১৯৯১ চনত বিজেপিত যোগদান কৰি ২০০৬ চনৰ পৰা ২০১১ চনলৈ বিজেপিত,অসম ৰাজ্যিক ইউনিটৰ সম্পাদক আৰু ২০১১ চনৰ পৰা সাধাৰণ সম্পাদক আছিল। ২০১৬ চনৰ পৰা ২০২১ চনলৈকে তেওঁ জলসিঞ্চনৰ ৰাজ্যিক মন্ত্ৰী (স্বাধীন দায়িত্ব) আৰু সৰ্বানন্দ সোণোৱাল মন্ত্ৰালয়ত শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী আছিল। বৰ্তমান বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপে ভৱেশ কলিতাই দায়িত্ব পালন কৰি আছে।
সাংসদ দিলীপ শইকীয়া হ’ব ৰাজ্যিক BJPৰ নতুন সভাপতি, আজি আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিব নতুন দায়িত্ব!
আজি ১১.৩০ বজাত আনুষ্ঠানিকভাৱে ঘোষণা হ'ব বিজেপিৰ নতুন ৰাজ্যিক সভাপতিৰ নাম। বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যিক সভাপতি হিচাপে নিৰ্বাচিত হ'ব সাংসদ দিলীপ শইকীয়া। আজিয়ে ৰাজ্যিক সভাপতিৰ দায়িত্বভাৰো গ্ৰহণ কৰিব নতুন সভাপতিয়ে। এই কথা জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
- Trishna Kalita
- Updated on: Feb 21, 2025
- 10:56 am
শীঘ্ৰেই সম্প্ৰসাৰণ হ’ব হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ! কোনে নতুনকৈ পাব স্থান?
শীঘ্ৰেই সম্প্ৰসাৰণ হ'ব ড০ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ। সম্প্ৰসাৰণৰ লগতে ৰদবদলৰো সম্ভাৱনা আছে শৰ্মা মন্ত্ৰীসভাৰ। ডিচেম্বৰ মাহৰ ভিতৰত মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হ’ব এজন বিধায়কক। বৰাকৰ পৰা অন্তৰ্ভুক্ত কৰা হ’ব বিধায়কগৰাকীক। এই কথা ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
- Trishna Kalita
- Updated on: Feb 21, 2025
- 10:54 am
অসম বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে ভঙাঘৰ থানাত এজাহাৰ কংগ্ৰেছৰ
ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে ভঙাগৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে কংগ্ৰেছে। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক ভাবুকি প্ৰদানেৰে সংবিধান প্ৰদত্ত অধিকাৰ খৰ্ব কৰাৰ অভিযোগত বিজেপি সভাপতিগৰাকীৰ বিৰুদ্ধে এই গোচৰ তৰিছে বিৰোধী দলটোৱে।
- Monjit Dutta
- Updated on: Feb 21, 2025
- 10:54 am