শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
চেম্পিয়নছ ট্ৰফী

চেম্পিয়নছ ট্ৰফী

বিশ্ব ক্ৰিকেট পৰিষদ (ICC)ৰ উদ্যোগত আয়োজিত দ্বিবাৰ্ষিক প্ৰতিযোগিতা আইচিচি চেম্পিয়নছ ট্ৰফী। ক্ৰিকেট বিশ্বকামৰ পাছত এই প্ৰতিযোগিতাক সবাতোকৈ ডাঙৰ ক্ৰিকেটৰ প্ৰতিযোগিতা বুলি গণ্য কৰা হয়। কিছুমানে ইয়াক মিনি বিশ্বকাপ বুলিও কয়। ১৯৯৮ চনৰ পৰা এই প্ৰতিযোগিতা মুঠ ৮ বাৰ অনুষ্ঠিত হৈছে। ক্ৰমান্বয়ে এই প্ৰতিযোগিতাসমূহত দক্ষিণ আফ্ৰিকা, নিউজিলেণ্ড, ভাৰত আৰু শ্ৰীলংকা (নিৰ্ণয় হোৱা নাই), ৱেষ্ট ইণ্ডিজ, অষ্ট্ৰেলিয়া, ভাৰত আৰু পাকিস্তানে জয়লাভ কৰিছে।

১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব চেম্পিয়নছ ট্ৰফী ২০২৫। এই চেম্পিয়ন ট্ৰফীত টিম ইণ্ডিয়াই ২০ ফেব্ৰুৱাৰীৰ পৰা খেল আৰম্ভ কৰিব। ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই খেল ইণ্ডিয়াই বাংলাদেশৰ বিৰুদ্ধে খেলিব।

Read More

উজলিল ছামি, গিলঃ সহজ জয়েৰে চেম্পিয়নছ ট্ৰফীত অভিযান আৰম্ভ ভাৰতৰ

বেটিং, বলিং উভয় দিশতে অনবদ্য অলৰাউণ্ড প্ৰদৰ্শন দাঙি ধৰি আজি ভাৰতে বাংলাদেশক ৬ উইকেটত সহজে পৰাস্ত কৰিছে। ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামৰ কঠিন উইকেটত ২২৯ ৰানৰ সহজ লক্ষ্য যথেষ্ট সতৰ্কতাৰে অতিক্ৰম কৰি প্ৰত্যাশিত বিজয়ৰ মুখ দেখে ভাৰতে। দলৰ জয়ত মুখ্য ভূমিকাৰে উজলি উঠে মহম্মদ ছামি আৰু শুভমন গিল।

Mohammed Shami: ডুবাইত ইতিহাস ৰচনা ছামিৰঃ সম্পূৰ্ণ ২০০ এদিনীয়া উইকেট, গঢ়িলে বিশ্ব ৰেকৰ্ড

আঘাতৰ বাবে চেম্পিয়নছ ট্ৰফীত ছামিৰ অংশগ্ৰহণ সন্দৰ্ভত অনিশ্চয়তাই দেখা দিছিল। কিন্তু সকলো জল্পনা-কল্পনা দূৰ কৰি অৱশেষত নিৰ্বাচকে ছামিক চেম্পিয়নছ ট্ৰফীৰ বাবে ঘোষিত দলত স্থান দিয়ে আৰু বুমৰাহৰ অনুপস্থিতিত তেওঁৰ কান্ধতে পৰে বলিং বিভাগক নেতৃত্ব প্ৰদানৰ দায়িত্ব। অৱশ্যে দল তথা অনুৰাগীক নিৰাশ কৰা নাই ছামিয়ে। তাৰ প্ৰমাণ দেখা গ’ল আজি ডুবাইত।

Champions Trophy 2025: এয়া কি! খেলৰ মাজতে ক্ষমা খুজিলে ৰোহিত শৰ্মাইঃ কিয় হ’ল এনে পৰিস্থিতি?

বাংলাদেশৰ বিপক্ষে আজি চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন মেচত অৱতীৰ্ণ হৈছে ভাৰতীয় দল। এই মেচখনৰ সময়তে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই খেলপথাৰতে ৰাজহুৱাকৈ ক্ষমা খুজিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হ’ল। পিছে কিয় হ’ল এনে পৰিস্থিতি?

Champions Trophy 2025: অভিযান আৰম্ভ কৰিবলৈ সাজু ভাৰতঃ বাংলাদেশৰ বিপক্ষে প্লেয়িং ইলেভেনত কোন কোন…

আজি বাংলাদেশৰ বিপক্ষে মেচৰ জৰিয়তে চেম্পিয়নছ ট্ৰফী ২০২৫ত অভিযান আৰম্ভ কৰিব ভাৰতীয় দলে। চাওক আজিৰ মেচখনত ভাৰতীয় দলৰ মূল একাদশত কোনকেইগৰাকী খেলুৱৈয়ে স্থান পাইছে।

IND vs BAN: আজি চেম্পিয়নছ ট্ৰফীত ভাৰত-বাংলাদেশৰ যুঁজ, টীম ইণ্ডিয়াক পৰাস্ত কৰিবলৈ কি পৰিকল্পনা বাংলাদেশী অধিনায়কৰ?

Champions Trophy 2025: বিশ্বকাপ ২০২৩ৰ পিছত এদিনীয়া ক্ৰিকেটত ভাৰত আৰু বাংলাদেশৰ মাজত এয়া প্ৰথমখন খেল। প্ৰায় ডেৰ বছৰ পূৰ্বে খেলা সেই মেচখনত টিম ইণ্ডিয়াই সহজেই জয়লাভ কৰিছিল আৰু দলটোৰ শেহতীয়া ফৰ্মখনলৈ চালে আকৌ এবাৰ বাংলাদেশৰ বিৰুদ্ধে জয়লাভ কৰাটো বেছি কঠিন যেন নালাগে।

ঘৰুৱা মাটিত মুখ থেকেচা! চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেলৰ পৰা বাহিৰ হ’ব নেকি পাকিস্তান?

এইবাৰ চেম্পিয়নছ ট্ৰফী হাইব্ৰিড মডেলত অনুষ্ঠিত হৈছে আৰু ভাৰতে আটাইকেইখন খেল ডুবাইত খেলিব। ২৩ ফেব্ৰুৱাৰীত ভাৰত-পাকিস্তানৰ মেচ ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব।

Champions Trophy 2025: ভাৰতক ৮৫ ৰেটিং দিলে আৰ আশ্বিনে…বুমৰাহৰ অনুপস্থিতিক লৈও উদ্বেগ

আজিৰে পৰা আৰম্ভ হৈছে চেম্পিয়নছ ট্ৰফী । গ্ৰুপ A ত স্থান লাভ কৰা ভাৰতীয় দলত নাথাকিব মুখ্য বলাৰ যশপ্ৰীত বুমৰাহ । তেওঁৰ অবিহনে ভাৰতৰ প্ৰদৰ্শন কেনে হ'ব পাৰে তাক লৈ নিজা পৰ্যালোচনাৰে পইন্ট দিছে আৰ আশ্বিনে ।

Champions trophy 2025: ১৯ দিন, ৮টা দল, ১৫ খন মেচ…আজিৰে পৰা আৰম্ভ চেম্পিয়নছ ট্ৰফী, চাওক মেচৰ সম্পূৰ্ণ সূচী

Champions Trophy Match Schedule: ৮ বছৰৰ পিছত আকৌ অনুষ্ঠিত হ'ব চেম্পিয়নছ ট্ৰফী। ৮টা দলৰ মাজত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখন ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব। এই প্ৰতিযোগিতাখন ১৯ দিনলৈ চলিব, য’ত ইখনৰ পিছত সিখনকৈ ১৫খন মেচ উপভোগ কৰিব পাৰিব অনুৰাগীয়ে, যাৰ মাজত আছে ভাৰত-পাকিস্তানৰ মেচ।

BCCIয়ে সলনি কৰিলে নিয়ম! ভাৰতীয় খেলুৱৈৰ সৈতে থাকিব পাৰিব পৰিয়ালৰ লোক

চেম্পিয়নছ ট্ৰফীৰ বাবে বৰ্তমান সময়ত ডুবাইত আছে টীম ইণ্ডিয়া। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চেম্পিয়নছ ট্ৰফীৰ সময়ত খেলুৱৈসকলৰ লগত থাকিব পাৰিব পৰিয়ালৰ লোক। অৱশ্যে ইয়াৰ বাবে বান্ধি দিয়া হৈছে এটা চৰ্ত। 

Champions trophy: চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে বিপদত টিম ইণ্ডিয়া! ঘৰলৈ উভতিল প্ৰশিক্ষক…

Champions trophy: কাইলৈৰ পৰা আৰম্ভ হ'ব আই চি চিৰ চেম্পিয়নছ ট্ৰফী। ইয়াৰ বাবে ইতিমধ্যে সাজু হৈছে বিশ্বৰ ৮টাকৈ ক্ৰিকেট দল। কিন্তু ইয়াৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলটোৰ বাবে আহিছে এক বেয়া খবৰ।

বিতৰ্কৰ অৱসান! চেম্পিয়নছ ট্ৰফীত ভাৰতীয় দলৰ জাৰ্চিত থাকিব পাকিস্তানৰ নাম

১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব ICC চেম্পিয়নছ ট্ৰফী ২০২৫ত। আন দলৰ দৰে ভাৰতীয় দলৰ জার্চিতো লিখা থাকিব পাকিস্তানৰ নাম৷ ভাৰতীয় দলৰ জাৰ্চিত পাকিস্তানৰ নাম লিখাৰ কাৰণ হ'ল এইবাৰ চেম্পিয়নছ ট্ৰফীৰ আয়োজক পাকিস্তান।

আজৱ কথা! ১২ বছৰে চেম্পিয়নছ ট্ৰফীৰ এখনো মেচত জয়ী হোৱা এই বিশ্বজয়ী দল…

আইচিচি চেম্পিয়নছ ট্ৰফী প্ৰথমবাৰৰ বাবে ১৯৯৮ চনত অনুষ্ঠিত হৈছিল আৰু ইয়াৰ পিছত এতিয়ালৈকে প্ৰতিযোগিতাখনৰ আঠটা সংস্কৰণ অনুষ্ঠিত হৈছে। ভাৰত আৰু অষ্ট্ৰেলিয়াই দুবাৰকৈ খিতাপ জয়েৰে এই প্ৰতিযোগিতাৰ আটাইতকৈ সফল দল হিচাপে স্বীকৃতি লাভ কৰিছে। পিছে চেম্পিয়নছ ট্ৰফীৰ বিগত দুটা সংস্কৰণত এখনো মেচত জয়ী হোৱা নাই এটা শক্তিশালী দল।

চেম্পিয়নছ ট্ৰফীত উঠিব ধনৰ উজান! কিমান ধনৰাশি পুৰস্কাৰ লাভ কৰিব বিজয়ী দলে?

অহা বুধবাৰ অৰ্থাৎ ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব আইচিচি চেম্পিয়নছ ট্ৰফী। ক্ৰিকেটপ্ৰেমীৰ মাজত প্ৰতিযোগিতাখনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উন্মাদনাৰ মাজতে আইচিচিয়ে ঘোষণা কৰিছে চেম্পিয়নছ ট্ৰফীৰ পুৰস্কাৰৰ ধনৰ সবিশেষ তথ্য। আইচিচিৰ এই অন্যতম মূল ইভেণ্টৰ বাবে পুৰস্কাৰ হিচাপে এইবাৰ বৃ্হৎ পৰিমাণৰ ধনৰাশি নিৰ্ধাৰণ কৰা হৈছে।

কোন হ’ব চেম্পিয়নছ ট্ৰফীত ভাৰত-পাক মেচৰ আম্পায়াৰ! চাওক সবিশেষ….

আইচিচি চেম্পিয়নছ ট্ৰফীৰ বহু প্ৰত্যাশিত ভাৰত বনাম পাকিস্তান মেচৰ বাবে ক্ৰিকেটপ্ৰেমীৰ মাজত আৰম্ভ হৈছে উন্মাদনা। অহা ২৩ ফেব্ৰুৱাৰীত ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব দুই চুবুৰীয়া ক্ৰিকেট শক্তিৰ এই বহুচৰ্চিত মেচখন। এই মেচখনত আম্পায়াৰ তথা মেচ ৰেফাৰী কোন হ’ব, এই বিষয়ে জনাৰ হেঁপাহ অনুৰাগীসকলৰ মনত পৰিলক্ষিত হৈছে।

চেম্পিয়নছ ট্ৰফীলৈ মাত্ৰ কেইটামান দিনঃ ভাৰত-পাক মেচৰ পূৰ্বে অনুৰাগীলৈ এনে চিন্তাৰ খবৰ

স্বাভাৱিকতেই ক্ৰিকেট বিশ্বত ভাৰত বনাম পাকিস্তানৰ মেচ আটাইতকৈ ৰোমাঞ্চকৰ মেচ হিচাপে বিবেচিত হৈ আহিছে। চেম্পিয়নছ ট্ৰফীত অনুষ্ঠিত হ’বলগা ভাৰত-পাক মেচৰ বাবেও সেয়ে ক্ৰিকেটপ্ৰেমীয়ে অত্যন্ত উছাহেৰে অপেক্ষা কৰিছে। পিছে এই মেচখনৰ পূৰ্বে ক্ৰিকেট অনুৰাগীৰ বাবে আহিছে এক অনাকাংক্ষিত খবৰ।