শিশু দিৱস
ভাৰতত প্ৰতি বছৰে ১৪ নৱেম্বৰত শিশু দিৱস পালন কৰা হয়।এই তাৰিখটো বাছি লোৱা হৈছিল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনৰ লগত সংগতি ৰাখি। শিশু দিৱস হৈছে শিশুসকলৰ বাবে প্ৰতি বছৰে ভিন্ন দেশত ভিন্ন তাৰিখত পালন কৰা এটা বিশেষ দিৱস। ১৯২৫ চনত শিশু কল্যাণ সম্পৰ্কীয় বিশ্ব সন্মিলনৰ সময়ত জেনেভাত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় শিশু দিৱস ঘোষণা কৰা হৈছিল। ১৯৫০ চনৰ পৰা প্ৰায়বোৰ কমিউনিষ্ট আৰু উত্তৰ-কমিউনিষ্ট দেশতে ১ জুনত ইয়াক উদযাপন কৰা হয়। ১৯৫৯ চনৰ ২০ নৱেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে শিশুৰ অধিকাৰ ঘোষণাৰ স্মৃতিত ২০ নৱেম্বৰত বিশ্ব শিশু দিৱস পালন কৰে। কিছুমান দেশত শিশু দিৱসৰ সলনি শিশু সপ্তাহ পালন কৰা হয়। শিখসকলে ২০ ডিচেম্বৰৰ পৰা ২৭ ডিচেম্বৰলৈ গুৰু গোবিন্দ সিংহৰ পুত্ৰৰ স্মৃতিত শিশু সপ্তাহ পালন কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰত জুন মাহৰ দ্বিতীয় দেওবাৰে শিশু দিৱস পালন কৰা হয়। ভাৰতত স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে ১৪ নৱেম্বৰত শিশু দিৱস পালন কৰা হয়।