শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
কটন বিশ্ববিদ্যালয় (Cotton University)

কটন বিশ্ববিদ্যালয় (Cotton University)

কটন বিশ্ববিদ্যালয়ক পূৰ্বতে কটন কলেজ বুলি জনাজাত। ১৯০১ চনত কটন কলেজ হিচাপে ব্ৰিটিছ চৰকাৰে ইয়াক প্ৰতিষ্ঠা কৰিছিল। প্ৰথমে কলকাতা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত কটন কলেজ পিছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত হৈছিল। ২০১১ চনত কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন হোৱাত কটন কলেজ ইয়াৰ অন্তৰ্ভুক্ত হ’ল।

২০১৭ চনত অসম চৰকাৰে কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ নাম সলনি কৰি কটন বিশ্ববিদ্যালয় ৰাখিলে তথা কটন কলেজক এখন পূৰ্ণ পৰ্যায়ৰ বিশ্ববিদ্যালয়ৰ মৰ্যাদা দিয়া হ’ল।

চীফ কমিছনাৰ ছাৰ হেনৰী ষ্টেডমেন কটন, কে.চি.এছ.আই-এ ১৯০১ চনৰ ২৭ মে’ৰ দিনা কটন কলেজৰ আৰম্ভণি হ’ল বুলি ঘোষণা কৰিছিল। প্ৰদেশখনৰ উচ্চ শিক্ষালৈ হেনৰী ষ্টেডমেন কটনে আগবঢ়োৱা অসামান্য বৰঙনিৰ বাবে তেখেতৰ নামেৰে প্ৰতিষ্ঠানটোৰ নাম কটন কলেজ ৰখা হৈছিল। অধ্যক্ষ উইলিয়াম ফ্ৰেডেৰিক ছুডমাৰ্ছনকে ধৰি পাঁচ অধ্যাপকেৰে কটন কলেজৰ শিক্ষাদান আৰম্ভ হৈছিল। আৰম্ভণি বৰ্ষত এফ.এ. প্ৰথম বৰ্ষ শ্ৰেণীত ৩৭ জন আৰু এফ.এ. দ্বিতীয় বৰ্ষ শ্ৰেণীত ২জন, মুঠ ৩৯ জন ছাত্ৰই নামভৰ্তি কৰিছিল। ১৯৯২ চনৰ ৬ অক্টোবৰ তাৰিখে ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি শংকৰ দয়াল শৰ্মাৰ উপস্থিতিত হোৱা এক অনুষ্ঠানত কটন কলেজক এখন স্নাতকোত্তৰ শিক্ষা প্ৰতিষ্ঠান হিচাপে ঘোষণা কৰা হয়।

 

 

Read More

পিতৃয়ে পদপথত দিয়ে পাণ-তামোলৰ দোকান, মাতৃয়ে নাজানে APSC কি? APSCত ৰুবু বৰাৰ সফলতাত উৎফুল্লিত সকলো…

APSC Results: ৰুবুৰ জীৱন কাহিনী আজি চৰ্চাত। কাৰণ ৰুবুৰ পিতৃ-মাতৃ তেনেই সাধাৰণ। দেউতাক তামোল-পাণৰ দোকানী আৰু মাক সাধাৰণ গৃহিণী। আনৰ ঘৰত তাত বৈ দুই-এপইচা যোগাৰ কৰে মাকে। পিতৃ কলীয়া বৰা আৰু মাতৃ চিনু বৰাই অতি কষ্টৰে চলাই আহিছে ঘৰখন। APSCত [ACS 14th RANK] চতুৰ্দশ স্থান লাভেৰে জিলিকি উঠিল দৰিদ্ৰ পৰিয়ালৰ ৰুবু বৰা।

নিলম্বন নহয়, বৰ্খাস্ত কৰক OC ভাৰ্গৱ বৰবৰাক: জ্ঞানদীপক প্ৰহাৰ কৰাক লৈ সৰৱ কটনৰ ছাত্ৰ সমাজ

ৰাজপথত কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ জ্ঞানদীপক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ পিছতেই কটনিয়ানৰ হুংকাৰ। OC ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ক্ষোভ কটনীয়ানৰ। নিলম্বন নহয়, OC ভাৰ্গৱ বৰবৰাক বৰ্খাস্ত কৰাৰ দাবী।

Dighalipukhuri Tree: গোটেই নিশা দীঘলীপুখুৰীৰ গছ পহৰা দিলে কটনিয়ানে, ক’লে- কোনো পধ্যেই কাটিব দিয়া নহয়…

Dighalipukhuri tree: গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত থকা গছসমূহ ৰক্ষা কৰিবলৈ ওলাই আহিছে ৰাইজ। সাধাৰণ ৰাইজে দিনৰ ভাগত কৰা প্ৰতিবাদৰ পাছত মঙলবাৰে নিশা গছসমূহ পহৰা দিয়ে কটনিয়ানে। তেওঁলোকে কয়, কোনো পধ্যেই এই গছসমূহ কাটিবলৈ দিয়া নহয়।

Assam cotton university: কটন বিশ্ববিদ্যালয়ত শ্ৰেণীকোঠাৰ অভাৱ! ৩ মাহ ধৰি হোৱা নাই পাঠদান..

Assam Cotton university: শ্ৰেণীকোঠাৰ অভাৱত ভুগিছে গুৱাহাটীস্থিত ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়। বিগত ৩ মাহ ধৰি শ্ৰেণীকোঠাৰ অভাৱৰ সন্মুখীন হৈ অহা ছাত্ৰ- ছাত্ৰীসকলে আজি এক প্ৰকাৰ প্ৰতিবাদ সাব্যস্ত কৰে।

কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ নিৰ্বাচন: GS পদৰ বাবে পুনৰ হ’ব ভোটগণনা

সাঃ সম্পাদক পদক লৈ নিশা কটনত উত্তেজনা। GS পদৰ ভোটগণনাত বাতিল হৈছিল ২৭টা ভোট। এটা ভোটৰ ব্যৱধানত জয়ী হয় ছাত্ৰমুক্তিৰ সমৰ্থিত প্ৰাৰ্থী। যাৰ সাধাৰণ সম্পাদক পদৰ বাবে সোমবাৰে কটনত হ'ব পুনৰ ভোটগণনা।

হত্যা নে দুৰ্ঘটনা? কেনেকৈ মৃত্যু হৈছিল কটন বিশ্ববিদ্যালয়ৰ অধীক্ষক ধ্ৰুৱজ্যোতি বৰ্মনৰ?

আৰক্ষীয়ে কোৱা অনুসৰি, বাল্কাৰ নহয়, প্ৰথমে এখন ট্ৰেইলাৰৰ সৈতে খুন্দা লাগিছিল ধ্ৰুজ্যোতিৰ বাহনৰ। খুন্দা লগা ট্ৰেইলাৰখন আগচি ধৰিব বিচাৰিছিল ধ্ৰুৱজ্যোতি বৰ্মনে। তাৰ বাবে কিছুদূৰ আগুৱাই গৈ আগত ৰখাই দিছিল বাহনখন। কিন্তু ট্ৰেইলাৰখন ৰখোৱা নাছিল।

শিহৰণকাৰী! ট্ৰাক চালকে মৰিয়াই মৰিয়াই হত্যা কৰিলে কটন বিশ্ববিদ্যালয়ৰ অধীক্ষকক

এটা দুৰ্ঘটনাক লৈ সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড। গুৱাহাটীৰ পৰা তেজপুৰলৈ গৈ আছিল অধীক্ষকগৰাকী। ধ্ৰুৱজ্যোতি বৰ্মনৰ বাহনখনত প্ৰথমে খুন্দা মাৰিছিল ট্ৰাকখনে। দুৰ্ঘটনাক লৈ তৰ্কা-তৰ্কিত লিপ্ত হৈছিল ট্ৰাকখনৰ চালকজন।

কটন বিশ্ববিদ্যালয়ত মাৰপিটৰ ঘটনা! সুৰাপান কৰিবলৈ নিদিয়াৰ বাবে সুৰক্ষাকৰ্মীক প্ৰহাৰ ছাত্ৰৰ

আন এজন যুৱকেও সুৰক্ষাকৰ্মীগৰাকীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।  কেৱল ইমানেই নহয়, সুৰাপান কৰি হোষ্টেলৰ কোঠাত ছাত্ৰজনে প্ৰস্ৰাৱ কৰে বুলিও জানিব পৰা গৈছে।