
ঘূৰ্ণীবতাহ
বায়ুমগুলীয় প্ৰবাহৰ যি অৱস্থাত এটা নিম্নচাপক কেন্দ্ৰ কৰি তীব্ৰবেগী বতাহে চক্ৰকাৰ গতি লয় তাকে ঘূৰ্ণীবতাহ বা চক্ৰবাত বোলে । ঘূৰ্ণীবতাহৰ কেন্দ্ৰত থকা নিম্নচাপৰ তুলনাত চাৰিওফালৰ বায়ুমগুলীয় চাপ বহু বেছি হোৱাৰ বাবে বতাহৰ গতিবেগ তীব্ৰতৰ হয় । ঘূৰ্ণীবতাহ প্ৰধানকৈ দুই প্ৰকাৰৰ – (১) ক্ৰান্তীয় ঘূৰ্ণীবতাহ আৰু (২) বহিঃ ক্ৰান্তীয় বা মধ্যঅক্ষাংশীয় ঘূৰ্ণীবতাহ ।
ক্ৰান্তীয় অঞ্চলত যি নিম্নচাপক কেন্দ্ৰ কৰি চাৰিওদিশৰ উচ্চচাপ অঞ্চলৰ পৰা অহা তীব্ৰবেগী বতাহে যেতিয়া চক্ৰাকাৰে বলি এক ভয়স্কৰ ৰূপ লয় তাকে ক্ৰান্তীয় ঘৰ্ণীবতাহ বোলা হয় । উল্লেখযোগ্য যে পৃথিৱীৰ আবৰ্তনৰ বাবে উত্তৰ গোলাৰ্ধত সৃষ্টি হোৱা এনে ঘূৰ্ণীবতাহ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত আৰু দক্ষিণ গোলৰ্ধত ঘড়ীৰ কাঁটাৰ দিশত বলে । ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ গতিবেগ প্ৰতি ঘন্টাত ১২০ৰ পৰা ২৮০ কিলোমিটাৰমানৰ পৰা কেবাশ কিলোমিটাৰ পৰ্যন্ত হব পাৰে । ক্ৰান্তীয় চক্ৰবাত সম্পূৰ্ণভাৱে সাগৰীয় পৰিৱেশৰ প্ৰভাৱত কেৱল গ্ৰীষ্মকালতেই উৎপত্তি হয় । ইয়াৰ নিম্নচাপ কেন্দ্ৰটো সম্পূৰ্ণ হোৱাৰ পিছত ই সাগৰীয় উপকূল আৰু ক্ৰমে স্থলভাগলৈ ধাবিৰ হয় ।
নাতিশীতোষ্ণ আৰু উচ্চ অক্ষাংশ অঞ্চলত সৃষ্টি হোৱা ঘূৰ্ণীবতাহক বহিঃ ক্ৰন্তীয় ঘূৰ্ণীবতাহ বা Extra- Tropical বোলা হয়। বহিঃ ঘৰ্ণীবতাহ উত্তৰ আৰু দক্ষিণ গোলাৰ্ধৰ ৩০০ ৰ পৰা ৬৫০ অক্ষাংশ অঞ্চলত উৎপত্তি হয় । প্ৰধানকৈ ভিন্ন বৈশিষ্ট্যৰ বায়ুৰ ঢৌ মিলনৰ ফলত সৃষ্টি হোৱা বাতাগ্ৰত এনে চক্ৰবাতৰ উৎপত্তি হয় বাবে ইয়াক তৰঙ্গ ঘূৰ্ণীবতাহ বুলিও কোৱা হয় । উল্লেখযোগ্য যে শীতল মেৰু বতাহ আৰু ক্ৰন্তীয় উষ্ণ বতাহৰ মিলনৰ ফলত বাতাগ্ৰৰ সৃষ্টি হয় । যেতিয়া ক্ৰান্তীয় অঞ্চলৰ উষ্ণ বতাহ আৰু মেৰু অঞ্চলৰ শীতল বতাহ মধ্য অক্ষাংশ অঞ্চলত থকা নিম্নচাপকেন্দ্ৰৰ দ্বাৰা আকৰ্ষিত হৈ মিলন হোৱাৰ ফলত সৃষ্টি হোৱা মেৰু বাতাগ্ৰত যি বায়ুমগুলীয় অস্থিৰতাৰ উদ্ভৱ হয় তাকে বহিঃ ক্ৰান্তীয় ঘূৰ্ণীবতাহ বোলা হয় ।
Cyclone Dana update: ঘূৰ্ণিবতাহ ‘ডানা’ৰ বাবে পশ্চিমবংগত সতৰ্কবাণী, অসমতো পৰিছে প্ৰভাৱ!
গুৱাহাটীৰ লগতে ৰাজ্যৰ ঠায়ে ঠায়ে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হৈ আছে। কেইবাখনো জিলাত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। ডানাৰ প্ৰভাৱত ৫ ডিগ্ৰীলৈ হ্ৰাস পাইছে তাপমাত্ৰা। গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ ২৬ ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন ২২ ডিগ্ৰী চেলচিয়াছ।
- Trishna Kalita
- Updated on: Oct 25, 2024
- 10:44 am
Cyclone Dana: ১২০ কিলোমিটাৰ গতিবেগ, প্ৰচণ্ড বৰষুণ, উভালি পৰিছে গছ… বিধ্বংসী ৰূপ ধাৰণ কৰিছে ‘ডানা’ই
Cyclone Dana: ওড়িশা আৰু পশ্চিমবংগৰ উপকূলত খুন্দা মৰাৰ পিছত এতিয়া ‘ডানা’ই বিধ্বংসী ৰূপ ধাৰণ কৰিছে। প্ৰচণ্ড বতাহ বলিছে, ধাৰাসাৰ বৰষুণ দি আছে। ইয়াৰ বাবে বহু ঠাইত ৰাস্তাতে উভালি পৰিছে গছ। ভূমিস্খলনৰ বাবে বহু স্থানত বাট-পথ বিচ্ছিন্ন হৈছে।
- Barasha Misra
- Updated on: Oct 25, 2024
- 07:49 am
Cyclone Dana: ওড়িশাত বৰষুণ, পশ্চিমবংগত ধুমুহা আৰু বিমানবন্দৰ বন্ধ…প্ৰভাৱ দেখিবলৈ আৰম্ভ কৰিছে ‘ডানা’ৰ
পশ্চিমবংগৰ উপসাগৰৰ পৰা উদ্ভৱ হোৱা ঘূৰ্ণীবতাহ ধুমুহা ‘ডানা’ই প্ৰভাৱ দেখুৱাবলৈ আৰম্ভ কৰিছে। ওড়িশাত প্ৰচণ্ড বৰষুণ দি থকাৰ সময়তে পশ্চিম বংগতো ধুমুহা আহিবলৈ আৰম্ভ কৰিছে। ঘূৰ্ণীবতাহ ধুমুহা ‘ডানা’ৰ গতিবেগ প্ৰতি ঘণ্টাত ১২০ কিলোমিটাৰ হ’ব পাৰে। শুকুৰবাৰে পুৱা ওড়িশা আৰু বংগৰ উপকূলত আঘাত হানিব পাৰে। এই কথা মনত ৰাখি NDRF আৰু SDRFৰ দল নিয়োগ কৰা হৈছে।
- Barasha Misra
- Updated on: Oct 24, 2024
- 22:45 pm
Cyclone Dana: ভক্তৰ বাবে বন্ধ থাকিব জগন্নাথ মন্দিৰ, জানক ‘ডানা’ৰ প্ৰভাৱৰ বিষয়ে…
‘ডানা’ৰ প্ৰভাৱ আৰম্ভ হৈছে। যাৰ বাবে ভক্তসকলক পুৰীৰ জগন্নাথ মন্দিৰ দৰ্শন নকৰিবলৈ পৰামৰ্শ দিছে। শুকুৰবাৰে পুৱা ওড়িশা আৰু বংগত ঘূৰ্ণীবতাহৰ ধুমুহাৰ প্ৰচণ্ড প্ৰভাৱ দেখা গৈছে।
- Barasha Misra
- Updated on: Oct 24, 2024
- 18:52 pm
Cyclone Dana: ‘ডানা’ৰ পৰা আপুনি কেনেকৈ সুৰক্ষিত হৈ থাকিব? জানক সবিশেষ
বৰষুণৰ বাবে আজি কমলা ৰঙৰ সতৰ্কতা আৰু কাইলৈ কলকাতাকে ধৰি আশে-পাশে থকা জিলাসমূহৰ বাবে ৰঙা সতৰ্কতাবাণী জাৰি কৰিছে। এই সময়ত আতংকিত নহয়, কেনেকৈ সাৱধানেৰে থাকিব জানক।
- Barasha Misra
- Updated on: Oct 24, 2024
- 17:23 pm
Cyclone Dana Update: তীব্ৰ গতিৰে আগবাঢ়িছে ‘ডানা’! অসমত কেতিয়া আৰু কোন কোন জিলাত পৰিব ইয়াৰ প্ৰভাৱ?
শেহতীয়া আপডেট অনুসৰি, কলকাতা আৰু ইয়াৰ কাষৰীয়া জিলাবোৰত কম সময়ৰ ভিতৰতে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। দুপৰীয়াৰ পৰা আবেলিৰ ভিতৰত সৰ্বাধিক ৪০ কিলোমিটাৰ গতিৰে ধুমুহা অহাৰ আশংকা প্ৰকাশ কৰা হৈছে। 'ডানা'ৰ ক্ষয়ক্ষতি ৰোধৰ বাবে বিভিন্ন সতর্কতামূলক ব্যৱস্থা লোৱা হৈছে পশ্চিমবংগত। জনাসাধাৰণৰ সুবিধাৰ বাবে সাজু কৰি তোলা হৈছে নিয়ন্ত্ৰণ কক্ষ।
- Trishna Kalita
- Updated on: Oct 24, 2024
- 17:23 pm