শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
দিল্লী

দিল্লী

ভাৰতৰ ৰাজধানী নতুন দিল্লী ইয়াৰ অন্তৰ্গত। দিল্লীৰ চাৰিসীমাৰ তিনিদিশত হাৰিয়ানা ৰাজ্য (গুড়গাঁও জিলা, ফৰিদাবাদ জিলা, ঝজ্জৰ জিলা আৰু চ’নিপট জিলা) আৰু পূব দিশত উত্তৰ প্ৰদেশ ৰাজ্য (গৌতম বুদ্ধ জিলা, গাজিয়াবাদ জিলা আৰু বাঘপট জিলা) অৱস্থিত।
২০১১ চনৰ লোকপিয়ল অনুসৰি কেৱল দিল্লী মূল চহৰাঞ্চলৰ জনসংখ্যা ১.১ কোটিৰো অধিক, এয়া মুম্বাইৰ পিছতে ভাৰতৰ দ্বিতীয় জনবহুল চহৰ। আনহাতে সম্পূৰ্ণ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলটোৰ জনসংখ্যা ১.৬৮ কোটি। দিল্লীৰ নগৰাঞ্চলক বৰ্তমানে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলটোৰ চাৰিসীমাৰ বাহিৰেও দাতিকাষৰীয়া চহৰসমূহ, যেনে গাজিয়াবাদ, নইডা, বৃহত্তৰ নইডা, ফৰিদাবাদ, গুড়গাঁও, বাহডুৰগড় আৰু চ’নিপটকো অঞ্চলকো অন্তৰ্ভুক্ত কৰি কেন্দ্ৰীয় ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (Central National Capital Region, CNCR) নামেৰে নামকৰণ কৰা হয়। ২০১৬ চনৰ অনুমান অনুসৰি এই বৃহত্তৰ অঞ্চলটোৰ জনসংখ্যা ২.৬ কোটিৰো অধিক। এয়া ৰাষ্ট্ৰসংঘৰ অনুসৰি পৃথিৱীৰ দ্বিতীয় জনবহুল নগৰ অঞ্চল। মানৱ উন্নয়ন সূচকৰ ফালৰ পৰা ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ভিতৰত দিল্লীৰ স্থান পঞ্চম আৰু জনমুৰিৰ ফালৰ পৰা দেশখনৰ ভিতৰত দ্বিতীয়। ইয়াৰোপৰি, দিল্লী পৃথিৱীৰ সৰ্বাধিক প্ৰদূষিত চহৰসমূহৰ ভিতৰত অন্যতম।

Read More

Delhi new CM: দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ৰেখা গুপ্তাৰ, ২৭ বছৰ পাছত বিজেপিৰ হাতলৈ ৰাজধানীৰ বাঘজৰী…

Delhi new CM: দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৰেখা গুপ্তাই। দিল্লীৰ চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্ৰী ৰেখা গুপ্তা। ইয়াৰ পূৰ্বে সুষমা স্বৰাজ, শীলা দীক্ষিত আৰু আতিশীয়ে দিল্লীৰ শাসনভাৰ গ্ৰহণ কৰিছিল।

Delhi New CM Rekha Gupta: ৰেখা গুপ্তাক দিল্লীৰ মুখ্যমন্ত্ৰী পতাৰ আঁৰৰ কথা জানো আহক

বহু প্ৰত্যাশাৰ অন্তত ঘোষণা হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী নাম। ৰেখা গুপ্তা হ’ব দিল্লীৰ নতুন মুখ্যমন্ত্ৰী৷ প্ৰৱেশ বাৰ্মা হ’ব দিল্লীৰ উপ-মুখ্যমন্ত্ৰী। জানো আহক নতুন মহিলা মুখ্যমন্ত্ৰীৰ বিষয়ে।

Delhi CM Rekha Gupta: ৰেখাক ভৰষা কৰি দিল্লীত শাসনৰ যো-জা ভাৰতীয় জনতা পাৰ্টীৰ

দিল্লী বিধানসভা নিৰ্বাচন-২০২৫ত শালিমাৰ বাগৰ পৰা বিধায়িকা নিৰ্বাচিত হৈছে ৰেখা । তেওঁ আম আদমী পাৰ্টিৰ প্ৰাৰ্থীক ২৯,৫৯৫ টা ভোটত পৰাস্ত কৰে । প্ৰথমবাৰৰ বাবে বিধায়িকা হিচাপে নিৰ্বাচিত হৈছে ৰেখা গুপ্তা ।

দিল্লীৰ নতুন মুখ্যমন্ত্ৰী ৰেখা গুপ্তা… ২৭ বছৰৰ পিছত দেশৰ ৰাজধানীত বিজেপিৰ মুখ্যমন্ত্ৰী

দিল্লীৰ নতুন মুখ্যমন্ত্রীৰ নাম ঘোষণা বিজেপিৰ ৷ দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব শালিমাৰ বাগৰ বিধায়িকা ৰেখা গুপ্তা। দলৰ দুয়োজন পৰ্যবেক্ষক ৰবি শংকৰ প্ৰসাদ আৰু ওম প্ৰকাশ ধনকাৰে এজন এজনকৈ বিধায়কৰ সৈতে কথা পাতি তাৰ পিছত ৰেখা গুপ্তাৰ নাম ঘোষণা কৰে।

বিপদ চাপিছে আপৰ! জয়ৰ আনন্দৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে দিলে হুংকাৰ

বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ লগে লগে আজি গেৰুৱা হৈ উঠিল দিল্লীৰ ৰাজপথ। বিজয়ৰ আনন্দ দেখা গ’ল দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত। দলীয় সাফল্য উপভোগৰ বাবে খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও মুখ্য কাৰ্যালয়ত উপস্থিত হয়। মুখ্য কাৰ্যালয়ৰ পৰাই প্ৰধানমন্ত্ৰীগৰাকীয়ে আপৰ প্ৰতি এক তীব্ৰ সকীয়নি প্ৰদান কৰিছে।

নামে কি কৰে, কামেহে ৰাজনীতি তৰে! আনন্দতে যেন এইদৰেই ক’লে পৰৱেশ বাৰ্মাৰ কন্যাই

আজি ঘোষিত দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে ক্ষমতা দখলৰ পথ মুকলি কৰে বিজেপিয়ে। নিৰ্বাচনত পৰাজয়ৰ সন্মুখীন হৈছে আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল। নতুন দিল্লী আসনৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱা কেজৰিৱালক পৰাভূত কৰে বিজেপিৰ পৰৱেশ সিং বাৰ্মাই। এই ফলাফলৰ পিছতে বিজেপি নেতাগৰাকীৰ কন্যাই প্ৰকাশ কৰা প্ৰতিক্ৰিয়াই চৰ্চা লাভ কৰিছে।

Election 2025 Results LIVE: দিল্লীত চৰকাৰ গঠনৰ দিশে বিজেপিঃ ৰণত পৰিল কেজৰিৱাল, চিছ’দিয়া

Delhi Assembly Election Results 2025 LIVE: কিছুসময় পিছতে আৰম্ভ হ’ব দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনা। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত দিল্লী বিধানসভাৰ ৭০ খন আসনৰ বাবে জনসাধাৰণে যোৱা ৫ ফেব্ৰুৱাৰীত ইভিএমত কৰা মতদানৰ গণনা কৰা হ’ব। সেই উপলক্ষে ইতিমধ্যে নিৰ্বাচন আয়োগ আৰু দিল্লী প্ৰশাসনে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

Delhi Air Pollution: দিল্লীত ভয়ংকৰ বায়ু প্ৰদূষণ! দীপাৱলীৰ আতচবাজীৰ পিছত বিষাক্ত হৈ পৰে দিল্লীৰ আকাশ-বতাহ

দেশৰ ৰাজধানী দিল্লী এতিয়া বায়ু প্ৰদূষণৰ কৱলত পৰিছে। বৃহস্পতিবাৰে সমগ্ৰ দেশতে উদযাপন কৰা দীপাৱলী। এই উৎসৱৰ সময়ত জ্বলোৱা বৃহৎ আতচবাজীৰ ফলত ইতিমধ্যে দিল্লীৰ বতাহ অধিক বিষাক্ত হৈ পৰিছে। দিল্লীৰ বায়ুৰ মান অতি নিম্ন শ্ৰেণীত উপনীত হৈছে। ৰাজধানীত পুৱা ৫ বজাত বায়ুৰ গুণাগুণ সূচকাংক (AQI) ৩৬০ত হৈছে।