ধনতেৰাচ
ধনতেৰাচ হ’ল হিন্দু সকলৰ উৎসৱ। হিন্দু ধৰ্মত দীপাৱলীৰ আগতে ধনতেৰাচৰ উৎসৱ পালন কৰা হয়, ইয়াক ধনত্ৰয়োদশী নামেৰে জনা যায়।
এই উৎসৱত দীপান্বিতাৰ প্ৰাক্ মুহূৰ্তত গণেশ আৰু লক্ষ্মী দেৱীক একেলগে উপবাস-উপাসনাৰে পূজা অৰ্চনা কৰা হয়, আৰু ধন-সোণ আনি ঘৰত স্থাপন কৰা হয়। এই উৎসৱ মূলত উত্তৰ ভাৰতীয়। এই উৎসৱত সোণ বা তেনে কোনো মূল্যবান ধাতু ক্ৰয় কৰা হয়। যাতে গোটেই বছৰজুৰি ঘৰত বা ব্যৱসায়ত লক্ষ্মী থাকে। ইয়াৰ লগতে ভগৱান বিষ্ণুৰ অন্যতম অৱতাৰ ধন্বন্তৰি দেৱতা আৰু অসুৰৰ সাগৰ মন্থনৰ ফলত কাৰ্তিক কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিত হাতত অমৃতৰ ঘটলৈ সাগৰৰ পৰা অৱতৰণ হৈছিল। সেয়ে দেৱালীৰ দুদিন আগতে তেওঁৰ জন্মজয়ন্তী পালন কৰা হয়। এই দিনা ভাৰতৰ কিছুমান ঠাইত ধনতেৰাচ হিচাপে পালন কৰা হয়। তেওঁৰ হাতত শংখ, চক্ৰ, অমৃতৰ ঘট আৰু বনৌষধি থাকে। আয়ুৰ্বেদৰ জনক হিচাপে তেওঁক সুস্থ আৰু আৰোগ্য জীৱন লাভ কৰিবলৈ পূজা অৰ্চনা কৰে। আয়ুৰ্বেদিক মহাবিদ্যালয় সমূহত ধন্বন্তৰিক বিশেষ মৰ্যাদা দিয়া হয়।