
ড’নাল্ড ট্ৰাম্প
ড’নাল্ড ট্ৰাম্প এজন ৰাজনীতিবীদৰ লগতে সফল আমেৰিকান ব্যৱসায়ীও। ১৯৪৬ চনৰ ৪ জুনত নিউয়ৰ্কৰ কুইন্সত জন্মগ্ৰহণ কৰিছিল ড’নাল্ড ট্ৰাম্পে। তেওঁৰ পিতৃ আছিল এজন ৰিয়েল ইষ্টেট ব্যৱসায়ী। ১৩ বছৰ বয়সত ট্ৰাম্পে পঢ়া-শুনা কৰিবলৈ মিলিটাৰী স্কুললৈ যায়। পিছলৈ ১৯৬৪ চনত তেওঁ মিলিটাৰী একাডেমীৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।
৭০ৰ দশকতে ট্ৰাম্পে লোকচান হোৱা ক’ম’ডৰ হোটেলখন ৭ কোটি ডলাৰত ক্ৰয় কৰিছিল আৰু ১৯৮০ চনত তেওঁ দ্য গ্ৰেণ্ড হায়াট নামেৰে এই হোটেলখন আৰম্ভ কৰিছিল। ১৯৮২ চনত ড’নাল্ড ট্ৰাম্পে নিউয়ৰ্কত ট্ৰাম্প টাৱাৰ নিৰ্মাণ কৰিছিল, যিটো নিউয়ৰ্কৰ অন্যতম বিখ্যাত অট্টালিকা।
১৯৯৯ চনতো ট্ৰাম্পে ৰাজনীতিত হাত দিছিল। তেওঁ ৰিফৰ্ম পাৰ্টি গঠন কৰে। কিন্তু তেতিয়া তেওঁ ৰাষ্ট্ৰপতি পদত উপনীত হ’ব নোৱাৰিলে। পিছলৈ তেওঁৰ সকলো বিতৰ্কৰ মাজতো ২০১৬ চনৰ ১৯ জুলাইত ট্ৰাম্পক আমেৰিকাৰ গ্ৰেণ্ড অল্ড পাৰ্টি ৰিপাব্লিকান পাৰ্টিৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰা হয়। আমেৰিকাৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হৈছে ট্ৰাম্প। নিৰ্বাচনৰ সময়ত তেওঁৰ বয়স আছিল ৭০ বছৰ। তেওঁ আছিল প্ৰথমজন ৰাষ্ট্ৰপতি যাৰ কোনো বিশেষ ৰাজনৈতিক পটভূমি নাছিল।
ট্ৰাম্পৰ এটা বৃহৎ সিদ্ধান্ত! বিপদত বিশ্বৰ প্ৰায় ১২ লাখ শিশুৰ জীৱন, ভয়ংকৰ তথ্যই চিন্তাত পেলাইছে সকলোকে…
দৰিদ্ৰ দেশসমূহৰ টিকাকৰণ কাৰ্যসূচীত সহায় কৰা সংস্থা গাভিক দিয়া আৰ্থিক সাহায্যৰ অন্ত পেলাইছে আমেৰিকাই। ইয়াৰ বাবেই অনুমান কৰা হৈছে যে আগন্তুক ৫ বছৰত ৭.৫ কোটি শিশুৱে টিকা ল’ব নোৱাৰিব আৰু ১২ লাখ শিশুৰ মৃত্যু হ’ব। এই সিদ্ধান্ত বিশ্ব স্বাস্থ্য সুৰক্ষাৰ বাবে এক বৃহৎ ভাবুকি। ইয়াৰ ফলত বহু দেশত মেলেৰিয়া, এইচআইভি আৰু টিবিৰ দৰে ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ কৰা কাৰ্যসূচীটো ইয়াৰ প্ৰভাৱ পৰিব।
- Trishna Kalita
- Updated on: Mar 27, 2025
- 08:01 am
বন্ধুক পাহৰা নাই! মোদীৰ প’ডকাষ্ট পচন্দ আহিল ট্ৰাম্পৰ, কৰিলে এই কাম…
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্পৰ্কৰ কথা সকলোৱে জানে। কিন্তু যোৱা কেইটামান দিনৰ পৰা দুয়োৰে মাজৰ বন্ধুত্বৰ ওপৰত প্ৰশ্নবোধক আহি পৰিছিল। ইয়াৰ মাজতে কালি এক প'ডকাষ্টত নৰেন্দ্ৰ মোদীয়ে ট্ৰাম্পৰ প্ৰশংসা কৰে।
- Barasha Sarma
- Updated on: Mar 17, 2025
- 17:51 pm
টেছলা মডেল এছৰ এখন ধুনীয়া ৰঙা বাহন কিনিলে ট্ৰাম্পে, কিমান টকা দিলে ইলন মাস্কক?
প্ৰতিশ্ৰুতি ৰক্ষা কৰি গাড়ী কিনিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে । টেছলাৰ স্বত্বাধিকাৰী ইলন মাস্কক কথা দিছিল মাৰ্কিন ৰাষ্ট্ৰপতিয়ে । সেই কথা ৰাখি টেছলাৰ এছ মডেলৰ এখন ৰঙা চকুত লগা বাহন ক্ৰয় কৰে ট্ৰাম্পে ।
- Raj Saikia
- Updated on: Mar 12, 2025
- 13:20 pm
ট্ৰাম্পৰ বিশেষ তালিকা; আমেৰিকাত নিষিদ্ধ হ’ব পাৰে পাকিস্তানী
২০১৮ চনত তেওঁৰ কাৰ্যকালত ট্ৰাম্পে মুছলমান সংখ্যাগৰিষ্ঠ সাতখন দেশৰ পৰ্যটকৰ আমেৰিকাত প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰিছিল । কিন্তু ২০২১ চনত জো বাইডেনে ক্ষমতালৈ অহাৰ লগে লগে ট্ৰাম্পে আৰোপ কৰা সকলো নিয়ম সম্পূৰ্ণৰূপে আঁতৰাই দিয়ে । কিন্তু ট্ৰাম্পে পুনৰ ক্ষমতা দখল কৰাৰ পিছত পুনৰবাৰ এই “নিষেধাজ্ঞা” সন্দৰ্ভত জল্পনা-কল্পনা বৃদ্ধি পাইছে ।
- Raj Saikia
- Updated on: Mar 7, 2025
- 20:26 pm
আমেৰিকাত পাকিস্তান আৰু আফগানিস্তানৰ প্ৰৱেশ নিষিদ্ধ কৰিব নেকি ট্ৰাম্পে?
ট্ৰাম্পে অতি সোনকালে আমেৰিকাত পাকিস্তানীৰ বাবে ‘নো এণ্ট্ৰি’ নিষেধাজ্ঞা ঘোষণা কৰিব পাৰে । কেৱল পাকিস্তানে নহয়, আফগানিস্তানো ট্ৰাম্পৰ তালিকাত থাকিব পাৰে ।
- Raj Saikia
- Updated on: Mar 7, 2025
- 16:28 pm
ভাৰতৰ বিৰুদ্ধে কঠোৰ স্থিতি! বন্ধু ৰাষ্ট্ৰৰ পৰা শুল্ক আদায় কৰিব ট্ৰাম্পে..
দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে কেইবাটাও কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ মাজতে পুনৰ ভাৰতৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে ট্ৰাম্প।
- Barasha Sarma
- Updated on: Mar 5, 2025
- 10:34 am
ভাৰতৰ ওপৰত মাধমাৰ! ট্ৰাম্পৰ এই সিদ্ধান্তৰ পাছতে ভাৰতত নিৰ্মিত সামগ্ৰী হৈ পৰিব ব্যয়বহুল…
ভাৰতৰ বিৰুদ্ধে পুনৰ এক ডাঙৰ সিদ্ধান্ত আমেৰিকাৰ। শেহতীয়াকৈ ট্ৰাম্প চৰকাৰে লোৱা এক বিশেষ সিদ্ধান্তৰ প্ৰভাৱ ভাৰতীয় অৰ্থনীতিত পৰিব পাৰে।
- Barasha Sarma
- Updated on: Feb 25, 2025
- 10:37 am
বন্ধুত্বত আঘাত! ভাৰতীয় বহুকেইটা কোম্পানীৰ ওপৰত নিষেধাজ্ঞা আৰোপ আমেৰিকাৰ…
দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে ড'নাল্ড ট্ৰাম্পে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। শেহতীয়াকৈ কেইবাটাও কোম্পানীত নিষেধাজ্ঞা আৰোপ কৰিছে আমেৰিকাই।
- Barasha Sarma
- Updated on: Feb 25, 2025
- 09:28 am
ক্ষোভিত ট্ৰাম্প! ডলাৰৰ বিকল্প মুদ্ৰা প্ৰৱৰ্তনৰ দিশে ব্ৰিকছ…
ব্ৰিকছৰ ওপৰত ক্ষোভিত হৈ পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প। ইয়াৰ মাজতে ডলাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব বিচাৰে ভাৰতে।
- Barasha Sarma
- Updated on: Feb 24, 2025
- 19:47 pm
ক্ষোভিত ট্ৰাম্প! ভাৰত আগবাঢ়িছে ডি-ডলাৰাইজেশ্যনৰ পিনে, আহিব ডলাৰৰ বিকল্প মুদ্ৰা…
ডি-ডলাৰাইজেশ্যনৰ পিনে আগবাঢ়িছে ভাৰত। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি ভাৰতে ডলাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব বিচাৰিছে। ইয়াৰোপৰি ব্ৰিকছে নতুন মুদ্ৰা প্ৰৱৰ্তনৰ কথা চিন্তা কৰিছে।
- Barasha Sarma
- Updated on: Feb 24, 2025
- 14:22 pm
আমি ভাৰতক ২১ মিলিয়ন ডলাৰ কিয় দিম? কিয় ক’লে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে…
আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কৰ কথা সকলোৱে জানে। কিন্তু শেহতীয়াকৈ কিছুমান ঘটনাই দেশ দুখনৰ সম্পৰ্কৰ মাজত কিছু প্ৰশ্নৰ উত্থাপন কৰিছে। এনে পৰিস্থিতিৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এক ডাঙৰ মন্তব্য কৰিছে। ‘আমি ভাৰতক ২১ মিলিয়ন ডলাৰ কিয় দিম?’ বুলি প্ৰশ্ন কৰিছে ট্ৰাম্পে।
- Barasha Sarma
- Updated on: Feb 20, 2025
- 20:07 pm
বন্ধুত্বৰ যৱনিকা! ট্ৰাম্পে ক’লে, টেছলাই ভাৰতত ব্যৱসায় কৰা আমেৰিকাৰ বাবে অন্যায় হ’ব…
Tesla in india: ড'নাল্ড ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত বহু অৱনতি ঘটিছে। ইলন মাস্কৰ কোম্পানী ভাৰতলৈ অহাত অসন্তুষ্ট প্ৰকাশ কৰে ট্ৰাম্পে।
- Barasha Sarma
- Updated on: Feb 20, 2025
- 14:57 pm
ভাৰত-আমেৰিকাই কৰিব ৫০০ মিলিয়ন ডলাৰৰ ব্যৱসায়, হ্রাস হ’ব শুল্ক, শ্বেয়াৰ বজাৰে ল’ব গতি!
US-India Trade Deal, Effect on Indian Market: ১৩ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰি এই চুক্তিৰ বিষয়ে আলোচনা কৰে। ইয়াৰ পিছত যে ভাৰতীয় বজাৰে কিছু আশাৰ পোহৰ দেখিব, সেয়া ব্যৱসায়িক মহল নিশ্চিত হৈছে ।
- Trishna Kalita
- Updated on: Feb 19, 2025
- 16:24 pm
সম্পৰ্কত মেলিছে নেকি ফাঁট! ট্ৰাম্পে ক’লে- আমি ভাৰতক কিয় ২১ মিলিয়ন ডলাৰ দিম?
আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে ড'নাল্ড ট্ৰাম্পে বহু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ মাজতে ট্ৰাম্প চৰকাৰে বন্ধ কৰিছে ভাৰতক প্ৰদান কৰি অহা ২১ মিলিয়ন ডলাৰৰ পুঁজি।
- Barasha Sarma
- Updated on: Feb 20, 2025
- 14:29 pm
প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আপুনি মহান: মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এই বৈঠক কেৱল বাণিজ্য আৰু প্ৰতিৰক্ষা বিষয়ত আলোচনাৰ বাবেই নহয়, দুয়োখন দেশৰ মাজত সুদৃঢ় সম্পৰ্ক আৰু ব্যক্তিগত বন্ধুত্বৰো প্ৰতীক আছিল। প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ পিছত যৌথ সংবাদমেলযোগে প্ৰশংসা কৰে ট্ৰাম্পে। সংবাদমেলত ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা কৰি মহান বন্ধু আৰু এজন মহান ব্যক্তি হিচাপে আখ্যা দিয়ে।
- Trishna Kalita
- Updated on: Feb 14, 2025
- 16:24 pm