
ডুৰাণ্ড কাপ
ডুৰাণ্ড কাপ হৈছে এক বাৰ্ষিক ঘৰুৱা ফুটবল প্ৰতিযোগিতা। ১৮৮৮ চনত শিমলাত ডুৰাণ্ড কাপৰ উদ্বোধনী বৰ্ষৰ খেল আৰম্ভ হয়। তাৰ পিছত ১৯৪০ চনত নতুন দিল্লীলৈ স্থানান্তৰিত হয়৷ ২০১৬ চনলৈকে প্ৰতিযোগিতাখন দেশৰ ৰাজধানীতে অনুষ্ঠিত হোৱাৰ পাছত ২০১৯ চনত ইষ্টাৰ্ণ কমাণ্ডৰ তত্বাৱধানত এই প্ৰতিযোগিতাখন দেশৰ পূব অংশলৈ স্থানান্তৰিত হয় আৰু ভাৰতীয় ফুটবলৰ মক্কা কলকাতাত খেল আয়োজন কৰা হয়৷ ডুৰাণ্ড কাপক আৰু অধিক অনন্য কৰি তোলা বিষয়টো হ’ল বিজয়ীসকলে তিনিটা ট্ৰফী পায় ডুৰাণ্ড কাপ আৰু শিমলা ট্ৰফী দিয়াৰ লগতে আৰু এটা স্থায়ীৰূপত চেম্পিয়ন দলটোৱে ৰখাৰ বাবে প্ৰেচিডেণ্ট’ছ কাপ দিয়া হয়৷
ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলঃ বি এছ এফৰ বিৰুদ্ধে জয়ৰে কোৱাৰ্টাৰত প্ৰৱেশৰ আশা সজীৱ বড়োলেণ্ড এফ চিৰ
অসমৰ বড়োলেণ্ড এফ চিয়ে চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশৰ আশা সজীৱ ৰাখিছে। আজি কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ‘ই’ৰ এখন মেচত দলে ৪-৩ গলৰ ব্যৱধানত পৰাস্ত কৰে বি এছ এফ ফুটবল দলক। এয়া আছিল বড়োলেণ্ড এফ চিৰ অন্তিম গ্ৰুপ মেচ। দলে তিনিখন মেচৰ দুখনত জয় তথা এখনত পৰাস্ত হৈছে৷
- Barasha Misra
- Updated on: Aug 12, 2024
- 22:59 pm
Durand Cup 2024: কোকৰাঝাৰত ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল, প্ৰথম মেচত নৰ্থ ইষ্ট ইউনাইটেড-বড়োলেণ্ড এফ চি
চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ খেল কাইলৈৰ পৰা অসমৰ কোকৰাঝাৰতো অনুষ্ঠিত হ’ব৷ ভাৰতীয় সেনাই এছিয়াৰ আটাইতকৈ প্ৰাচীন লগতে বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ খেল ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত কৰিছে। কাইলৈ ছাই ষ্টেডিয়ামত দিনৰ তিনি বজাৰ পৰা হ’বলগা গ্ৰুপ ‘ই’ৰ প্ৰথম মেচত স্থানীয় দল বড়োলেণ্ড এফ চিয়ে নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ বিৰুদ্ধে খেলিব৷ এই গ্ৰুপৰ আন দুটা দল হ’ল ওড়িছা এফ চি আৰু বি এছ এফ ফুটবল দল৷
- Barasha Misra
- Updated on: Jul 29, 2024
- 17:23 pm