5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো
দুৰ্গা পূজা

দুৰ্গা পূজা

হিন্দু ধৰ্মৰ এক বৃহৎ ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গা পূজা বা দুৰ্গোৎৱ। এই সময়চোৱাত হিন্দু দেৱী দুৰ্গাৰ আৰধনা কৰা হয়। দুৰ্গাক দুৰ্গতি নাশনি বুলি কোৱা হয়। বিশ্বাস অনুসৰি, দুৰ্গাই পৃথিৱীৰ পৰা অপায়- অমংগল দূৰ কৰাৰ লগতে ভক্তসকলৰ মনোবাঞ্চা পূৰণ কৰে।

শাস্ত্ৰমতে আহিন মাহৰ শুক্ল পক্ষত বা চ’ত মাহৰ শুক্ল পক্ষত এই পূজা পালন কৰা হয়। আহিনৰ এই দুৰ্গা পূজাত শাৰদীয়া দুৰ্গাপূজা নামেৰে জনাজাত। ভাৰতৰ পশ্চিম বংগ, অসম, ওড়িশা, ত্ৰিপুৰা, বিহাৰ, ঝাৰখণ্ড আদিত দৰ্গা পূজা জাকত- জিলিকাকৈ অনুষ্ঠিত কৰা হয়।

দুৰ্গা দেৱৰ মূৰ্তিটো সাধাৰণতে পৰিয়ালৰ লগত দেখা যায়। এই মূৰ্তি সমূহৰ মধ্য স্থানত দেৱী দুৰ্গা থাকে আৰু সোঁ ফালে লক্ষ্মী আৰু গনেশ থাকে। লগতে বাওঁফালে দেৱী সৰস্বতী আৰু কাৰ্তিক থাকে। কলিকতাত পোন প্ৰথমবাৰৰ বাবে ১৬১০ চনত সাবৰ্ণ ৰায় চৌধুৰী পৰিয়ালে এই প্ৰথাৰ প্ৰচলন কৰিছিল।

 

Read More

Durga Puja 2024: দুৰ্গা পূজাৰ সময়ত আপোনজনলৈ প্ৰেৰণ কৰক এই শুভকামনা, মায়ে দিব আশীৰ্বাদ

Dugra Puja 2023: বছৰৰ আটাইতকৈ ডাঙৰ উৎসৱৰ ভিতৰত অন্যতম নৱৰাত্ৰিৰ। এই উপলক্ষে মানুহে আনকি আপোনজনক বাৰ্তা, উক্তি বা কবিতাও প্ৰেৰণ কৰে। এই শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। এই দুৰ্গা পূজাত আপোনাৰ আপোনজনক কেনেকৈ বিশেষ ধৰণেৰে Happy Durga Puja বাৰ্তা প্ৰেৰণ কৰিব জানক।

Durga Puja: কেতিয়াৰ পৰা আৰম্ভ হ’ব শাৰদীয় দুৰ্গোৎসৱ? জানক দুৰ্গা পূজাৰ তাৎপৰ্য আৰু মহত্ব

ধৰাৰ বুকুলৈ আকৌ আহিছে শৰৎ। কঁহুৱা, শেৱালীৰ সুৱাসেৰে শাৰদী ৰাণীক আদৰিবলৈ সাজু প্ৰকৃতি। আজি জানো আহক শাৰদীয় দুৰ্গোৎসৱৰ তাৎপৰ্য আৰু মহত্ব...

সমাগত দুৰ্গা পূজা, নৱৰাত্ৰিত পূজা–অৰ্চনা কৰা দেৱীৰ ৯টা ৰূপ কি কি জানেনে? প্ৰতিটো দিনৰেই আছে বিশেষ মহত্ব

‘দ’-আখৰে দৈত্যনাশক, ‘ঊ’-কাৰে বিঘ্ননাশক, ‘ৰেফ’ ৰোগনাশক, ‘গ’-আখৰে পাপনাশক আৰু ‘অ’-কাৰে ভয় তথা শত্ৰুনাশক। অৰ্থাৎ, দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু ভয়-শত্ৰুৰ পৰা যিয়ে ৰক্ষা কৰে সেয়ে দুৰ্গা। দেৱী দুৰ্গা হ’ল সৃষ্টিৰ আদি। পিতামহ ব্ৰহ্মা, ভগৱান বিষ্ণু আৰু ভগৱান শংকৰে তেখেতৰে শক্তিৰে এই সৃষ্টিৰ সৃজন, পালন-পোষণ আৰু সংহাৰ কৰে।

Durga puja: দুৰ্গা পূজাৰ বাবে SOP জাৰি, মানিব লাগিব এইসমূহ নিয়ম…

Durga puja sop: পৌৰাণিক কথা অনুসৰি, হিমালয়ৰ কন্যা উমা (দুৰ্গা)ই বিবাহৰ বহু বছৰ পাছত পুত্ৰ কন্যাৰ লগত মাত্ৰ তিনিদিনৰ বাবেহে পতি গৃহৰ পৰা পিতৃ গৃহলৈ আহিছিল। মাতৃ মেনকাক কন্দুৱাই চতুৰ্থ দিনা তেওঁ পুনৰ স্বামী গৃহলৈ গৈছিল।