5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো
গামোচা(Gamosa)

গামোচা(Gamosa)

গামোচা অসমীয়া জাতিৰ অতিকৈ আপোন বস্ত্ৰ। সাধাৰণতে গামোচা চাৰিওফালে ৰঙা সূতাৰে (সেউজীয়া ৰঙো থাকে) পাৰি দি বোৱা এখন বগা দীঘলীয়া কাপোৰ। কপাহী সূতাৰে বিশেষভাৱে গামোচা তৈয়াৰ কৰা হয় যদিও পাট আদি সূতাৰেও ইয়াক তৈয়াৰ কৰা হয়। ২০২২ চনৰ ১৩ ডিচেম্বৰত বস্তুৰ ভৌগোলিক ও পদৰ্শন (পঞ্জীয়ন তথা সংৰক্ষণ) অধিনিয়ম ১৯৯৯ অনুসৰি ভাৰত চৰকাৰে অসমৰ গামোচাক ভৌগোলিক উপদৰ্শন পঞ্জীয়ন চমুকৈ GI tag-ত অন্তৰ্ভুক্ত কৰে।
অসমীয়াৰ দৰে বঙালী, বিহাৰী আৰু উৰিয়া মানুহেও গামোচা সদৃশ গমছা বা গামছা নামৰ এবিধ বস্ত্ৰ ব্যৱহাৰ কৰে। অসমীয়া গামোচাৰ লগত তেওঁলোকৰ গামছাৰ বহুখিনি পাৰ্থক্য আছে। আনহাতে অসমীয়া মানুহে গামোচাখনক এক সাংস্কৃতিক তথা সন্মানৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰে। কিন্তু আন ঠাইত ইয়াক অকল নিত্য ব্যৱহাৰ্য্য সামগ্ৰী হিচাপেহে ব্যৱহাৰ কৰা দেখা যায়। নামনি অসমত গামোচাক ‘গাম্‌চা’, ‘মুক্‌চা’ বা ‘দুহেইটা’ আদি নামেৰে জনা যায়।
অসমৰ বিভিন্ন জনগোষ্ঠীয়ে নিজ নিজ গামোচা ব্যৱহাৰ কৰে। উদাহৰণস্বৰূপে কছাৰী আৰু কোচসকলৰ গামোচা হালধীয়া ৰঙৰ, তিৱা সকলৰ কমলা ৰঙৰ বা ৰাভাসকলৰ ৰঙা। বগা ৰঙৰ গামোচাখন উজনি অসমত সৃষ্টি হৈছিল উদ্ধৃতিৰ প্ৰয়োজন আৰু ইয়াৰ থলুৱা ভূমিপুত্ৰ চুতীয়া/বৰাহী, দেউৰী, মৰাণ ইত্যাদি জনগোষ্ঠীৰ লোকে ব্যৱহাৰ কৰিছিল। এওঁলোকে ব্যৱহাৰ কৰা গামোচাৰ ৰং বগা হোৱাৰ এটা বিশেষ কাৰণ আছে। প্ৰাচীন কালত উজনি অসমত জনজাতীয় তান্ত্ৰিক ধৰ্মৰ প্ৰচলন আছিল আৰু এই থান সমূহত দেউৰী পূজাৰীয়ে পূজা কৰিছিল। দেউৰী নীতি-নিয়ম অনুসৰি থানৰ ভিতৰত বগা ৰঙৰ বস্ত্ৰৰ সলনি আন ৰঙৰ বস্ত্ৰ পৰিধান কৰি সোমোৱা নিষেধ আছিল। লোক-বিশ্বাস মতে দেৱীয়ে বগাৰ বাহিৰে অন্য ৰঙৰ কাপোৰ সহ্য নকৰে। সেইবাবেই দেৱীক সন্তুষ্ট কৰি ৰাখিবলৈ গামোচাৰ লগতে মন্দিৰলৈ পিন্ধি যোৱা সাজপাৰো বগা ৰঙৰহে আছিল। আজিও দেউৰী জনগোষ্ঠীয় সমাজত এই নিয়ম কঠোৰভাবে পালন কৰা হয়। চাৰিশাল গোসাঁনীৰ দেশ শদিয়াৰ লগত গামোচাৰ এক বিশেষ সম্পৰ্ক আছে।

Read More