গণেশ চতুৰ্থী
গণেশ চতুৰ্থীক বিনায়ক চতুৰ্থী বুলিও কোৱা হয়। হিন্দু ধৰ্মত গণেশ চতুৰ্থীৰ মহত্ব অধিক। এই সময়ত প্ৰভু গণেশে মাতৃ পাৰ্বতীৰ সৈতে কৈলাস পৰ্বতৰ পৰা পৃথিৱীলৈ আহিছিল বুলি বিশ্বাস কৰা হয়। ১০ দিনীয়া উত্সৱৰ শেষৰ দিনটোক অনন্ত চতুৰ্দশী বুলি জনা যায়। এই দিনটোত গণেশৰ মূৰ্তি নগী বা সাগৰ আদিত বিসৰ্জন দিয়া হয়।
গণেশ চতুৰ্থী বিশেষকৈ মধ্য আৰু পশ্চিমৰ ৰাজ্যসমূহত পালন কৰা হয়। মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, গুজৰাট, তেলেংগানা, গোৱা, ৰাজস্থান, কৰ্ণাটক, তামিলনাডু আদিত এই উত্সৱ বহু ডাঙৰকৈ পালন কৰা হয়। অসমতো গণেশ চতুৰ্থী বহুতে পালন কৰে।
শিৱপুৰাণ অনুসৰি ভাদ মাহত শুক্ল পক্ষৰ চতুৰ্থী তিথিৰ পৰা গণেশ উৎসৱ আৰম্ভ হয়। প্ৰথম দিনা মূৰ্তি স্থাপনৰ পাছত শেষৰ দিনা মূৰ্তি বিসৰ্জনেৰে ইয়াৰ অন্ত পৰে।