
হাৰিয়ানা বিধানসভা নিৰ্বাচন
নিৰ্বাচন আয়োগে ১৬ আগষ্টত হাৰিয়ানাত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। এই নিৰ্বাচন এটা পৰ্যায়তে অনুষ্ঠিত হ’ব। হাৰিয়ানাৰ গোটেই ৯০ খন আসনত ১ অক্টোবৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। ফলাফল ৪ অক্টোবৰত ঘোষণা কৰা হ’ব। ১৯৬৬ চনত পঞ্জাৱ ৰাজ্যৰ পৰা পৃথক হৈছিল হাৰিয়ানা। এতিয়া ১ অক্টোবৰত, ১৫ তম বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।
২০১৯ ৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰিছিল। নিৰ্বাচনৰ পিছত, বিজেপিয়ে জননায়ক জনতা পাৰ্টি আৰু সাতজন নিৰ্দলীয় বিধায়কৰ সৈতে ইয়াত মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰে। ইয়াৰ পিছত, বিজেপিৰ মনোহৰ লাল খট্টৰে মুখ্যমন্ত্ৰী আৰু জেজেপিৰ সভাপতি দুষ্মন্ত চৌটালাউপ মুখ্যমন্ত্ৰী হিচাপে শপত লয়। কিন্তু পিছত বিজেপি-জেজেপি মিত্ৰতা ভংগ হয়। অৱশ্যে, মনোহৰ লাল খট্টৰে নিৰ্দলীয় বিধায়কসকলৰ সৈতে তেওঁৰ মুখ্যমন্ত্ৰীৰ পদ বজাই ৰাখিছিল।
২০১৯ চনৰ হাৰিয়ানা বিধানসভা নিৰ্বাচনত, বিজেপিৰ ভোটৰ অংশ আছিল ৩৬.৭ শতাংশ। বিজেপিয়ে মুঠ ৪০ খন আসন জিকিবলৈ সক্ষম হৈছিল। একে সময়তে, বিজেপি সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰে। কংগ্ৰেছ ৩১ খন আসনৰ সৈতে দ্বিতীয় স্থানত আছিল। দুষ্য়ন্ত চৌটালাৰ জেজেপিয়ে ১০ খন আসন লাভ কৰিছিল। লোকহিত পাৰ্টিয়ে এখন আসন জিকিছিল। সাতজন নিৰ্দলীয় দলও জিকিছিল। বৰ্তমান, বিজেপিৰ নয়াব সিং সৈনী মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ আছে।
হাৰিয়ানাত বিজেপিৰ অভূতপূৰ্ব জয়! আঁৰত আছে এগৰাকী অসমীয়া…
Hariyana election: ৪৮ খন আসনৰ সৈতে হাৰিয়ানা বিধানসভা নিৰ্বাচনত জয়লাভ কৰিলে বিজেপিয়ে। এই যুঁজ বিজেপিৰ বাবে সহজ নাছিল। বিগত কেইটামান মাহত দেখা দিয়া সমস্যা আঁতৰ কৰি এই জয় লাভ কৰে বিজেপিয়ে। অৱশ্যে ইয়াৰ কৰ্তৃত্ব যায় এগৰাকী অসমীয়াৰ ওপৰতো।
- Barasha Sarma
- Updated on: Oct 9, 2024
- 20:25 pm
কোন হ’ব হাৰিয়ানাৰ মুখ্যমন্ত্ৰী? নিৰ্বাচনৰ ফলাফলৰ পাছতে আৰম্ভ হৈছে বাক-বিতণ্ডা!
হাৰিয়ানা বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে (বিজেপি) ৪৮খন আসন লাভ কৰিছিল। ইয়াৰ লগে লগে ৰাজ্যখনত একেৰাহে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ ওলাইছে বিজেপিয়ে। ইয়াৰ মাজতে মুখ্যমন্ত্ৰীৰ পদক লৈও আৰম্ভ হৈছে বাক-বিতণ্ডা । এই ক্ষেত্ৰত দুজন কেন্দ্ৰীয় মন্ত্ৰীৰ বক্তব্যই আনিছে নতুন টুইষ্ট!
- Trishna Kalita
- Updated on: Oct 9, 2024
- 14:31 pm
হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ফলাফলঃ য’ত নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধীয়ে কৰিছিল ৰেলী…সেই স্থানত কোনে মাৰিলে শেষ হাঁহি?
হাৰিয়ানাত ভাৰতীয় জনতা পাৰ্টিয়ে সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰি একেৰাহে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ ওলাইছে। প্ৰধানমন্ত্ৰী মোদীয়ে হাৰিয়ানাত ৪খন সভা সম্বোধন কৰিছিল। আনহাতে ৰাহুল গান্ধীয়ে মুঠ ৮খন নিৰ্বাচনী সভাত ভাষণ দিছিল। এই আসন সমূহত কোনে জয়লাভ কৰিছে জানক।
- Barasha Misra
- Updated on: Oct 8, 2024
- 20:36 pm
‘ৰাইজৰ মৰম সদায় লগত ৰাখিম’, ৬ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত জয় প্ৰাক্তন মল্লযুঁজাৰু বিনেশ ফ’গাটৰ
নিৰ্বাচনত জয়লাভ কৰিছে প্ৰাক্তন মল্লযুঁজাৰু তথা কংগ্ৰেছ প্ৰাৰ্থী বিনেশ ফ’গাটে । প্ৰথমবাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিয়ে জয়ৰ মুখ দেখিছে প্ৰাক্তন মল্লযুঁজাৰু গৰাকীয়ে । হাৰিয়ানাৰ জুলানা বিধানসভাৰ আসনত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল প্ৰাক্তন মল্লযুঁজাৰু গৰাকীয়ে ।
- Manas Borah
- Updated on: Oct 8, 2024
- 15:50 pm
Vinesh phogat: কি হ’ব বিনেশৰ ভাগ্য? নিৰ্বাচনী বৈতৰণী পাৰ কৰিবনে মল্লযুঁজাৰুগৰাকীয়ে…
Vinesh phogat: নিৰ্বাচনী বৈতৰণী পাৰ কৰিব পাৰিবনে মল্লযুঁজাৰু বিনেশ ফ'গাটে। হাৰিয়ানা নিৰ্বাচনত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে খেলুৱৈগৰাকীয়ে। কিছু সময় পাছতেই প্ৰকাশ পাব ফলাফল।
- Barasha Sarma
- Updated on: Oct 8, 2024
- 12:24 pm
jammu and Kashmir Haryana Assembly Election: কোনে চৰকাৰ গঠন কৰিব হাৰিয়ানা আৰু জম্মু-কাশ্মীৰত?
Jammu kashmir and hariyana election result 2024: কাৰ হাতলৈ যাব জম্মু- কাশ্মীৰ আৰু হাৰিয়ানাৰ শাসন? পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে হাৰিয়ানা আৰু জম্মু- কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা। ৯০ খনকৈ আসনৰ বাবে অনুষ্ঠিত হোৱা এই নিৰ্বাচনৰ মেজিক নম্বৰ ৪৬।
- Barasha Sarma
- Updated on: Oct 8, 2024
- 11:48 am
জম্মু-কাশ্মীৰ, হাৰিয়ানা নিৰ্বাচন ফলাফল 2024 LIVE: জম্মু-কাশ্মীৰ কংগ্ৰেছ-NCৰ, হাৰিয়ানা বিজেপিৰ
jammu and Kashmir Haryana Assembly Election Results 2024 LIVE Counting and Updates: কাৰ হাতলৈ যাব জম্মু- কাশ্মীৰ আৰু হাৰিয়ানা শাসনৰ বাঘজৰী ? ৮ অক্টোবৰ, আজি কিছুসময় পাছতেই ৰাজ্যকেইখনত আৰম্ভ হ'ব ভোট গণনা প্ৰক্ৰিয়া। দুয়োখন ৰাজ্যতে মুঠ আসনৰ সংখ্যা ৯০ খন। কিছু সময় পাছতেই আৰম্ভ হ'ব ভোট গণনা।
- Barasha Sarma
- Updated on: Oct 8, 2024
- 17:05 pm
কাৰ দখললৈ হাৰিয়ানাৰ মচনদ! আজি ইভিএমত বন্দী হ’ব ‘ৰাজনৈতিক’ ভাগ্য
আজি অনুষ্ঠিত হ’ব হাৰিয়ানা বিধানসভা নিৰ্বাচন। ৰাজ্যখনৰ ৯০খন বিধানসভা আসনৰ আটাইকেইখনতে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। বিধানসভা নিৰ্বাচনৰ এই ভোটগ্ৰহণ প্ৰক্ৰিয়া পুৱা ৭ বজাৰ পৰা আৰম্ভ হ’ব আৰু সন্ধিয়া ৬ বজাত সামৰণি পৰিব। অহা ৮ অক্টোবৰত হাৰিয়ানা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।
- Monjit Dutta
- Updated on: Oct 5, 2024
- 07:22 am
ক্ৰিকেট নহয়, এইবাৰ নিৰ্বাচনী পিট্ছত বীৰেন্দ্ৰ ছেহৱাগ! কাৰ পক্ষত বিচাৰিলে ভোট?
Haryana Election 2024: হাৰিয়ানা নিৰ্বাচনত প্ৰচাৰত ব্যস্ত বীৰেন্দ্ৰ ছেহৱাগ। ছেহৱাগে তোছাম আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীৰ বাবে ভোট বিচাৰিছিল। ৫ অক্টোবৰত হাৰিয়ানাত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। তাৰ আগতে ছেহৱাগৰ ভোটৰ আহ্বানে কিমান প্ৰভাৱ পেলাব, কেৱল সময়হে ক'ব।
- Trishna Kalita
- Updated on: Oct 3, 2024
- 11:04 am
মোল্লা নহয়, লাগে ডাক্তৰ; সেয়ে বন্ধ কৰা হ’ল ৬০০ মাদ্ৰাছাঃ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ
শনিবাৰে হাৰিয়ানাৰ শোনিপটত দলৰ হৈ প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই প্ৰচাৰৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই কয় যে ভাৰতত মোল্লা নহয়, ডাক্তৰ আৰু অভিযন্তা লাগে। সেয়ে অসমত ৬০০ খন মাদ্ৰাছা বন্ধ কৰি বুলি হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে।
- Monjit Dutta
- Updated on: Sep 30, 2024
- 10:28 am
MSPৰ সম্পূৰ্ণ ৰূপ কি জানেনে ৰাহুল গান্ধীয়ে! তীব্ৰ কটাক্ষৰে প্ৰশ্ন অমিত শ্বাহৰ
আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে আজি হাৰিয়ানাৰ ৰেৱাৰীত নিৰ্বাচনী প্ৰচাৰ চলায় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এই নিৰ্বাচনী সভাত অমিত শ্বাহে ৰাহুল গান্ধী আৰু কংগ্ৰেছক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লয়। নিজ ভাষণত অমিত শ্বাহে ৰাহুল গান্ধীক কটাক্ষ কৰি কংগ্ৰেছ নেতাগৰাকীয়ে এম এছ পিৰ সম্পূৰ্ণ ৰূপ জানেনে বুলি প্ৰশ্ন কৰে।
- Monjit Dutta
- Updated on: Sep 27, 2024
- 15:06 pm
virender sehwag: ৰাজনীতিলৈ বীৰেন্দ্ৰ ছেহৱাগ! কোনটো দলত যোগদান কৰিব প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে…
virender sehwag: প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহবাগ বৰ্তমান চৰ্চাত আছে। একাংশই দাবী কৰিছে যে অতি শীঘ্ৰেই তেওঁ শীঘ্ৰেই এটা দলত যোগদান কৰিব। ইতিমধ্যে হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে তেওঁ প্ৰচাৰ অভিযান চলাইছে।
- Barasha Sarma
- Updated on: Sep 26, 2024
- 12:26 pm
বিধানসভা নিৰ্বাচনঃ বিজেপি, কংগ্ৰেছক পিছ পেলাই হাৰিয়ানাত চলিব নেকি নিৰ্দলীয় প্ৰাৰ্থীৰ দপদপনি
Hariyana election: হাৰিয়ানাৰ নিৰ্বাচনী যুঁজখন বিজেপি আৰু কংগ্ৰেছৰ মাজত হ'ব বুলি ভাবিলেও এই ৰাজ্যত নিৰ্দলীয় প্ৰাৰ্থীৰ যথেষ্ঠ গুৰুত্ব আছে। যোৱা কেইবাটাও নিৰ্বাচনত এই কথা বাৰে বাৰে প্ৰমাণ হৈ আহিছে।
- Barasha Sarma
- Updated on: Sep 18, 2024
- 16:02 pm
৬টা বিষয় লৈ হাৰিয়ানাৰ নিৰ্বাচনী যুদ্ধ জিকিবলৈ সাজু কংগ্ৰেছ , কি কি থাকিব ইস্তাহাৰত?
হাৰিয়ানাৰ কংগ্ৰেছ ইস্তাহাৰ সমিতিৰ সমন্বয়ক অমিতাভ দুবেৰ মতে, ৰাজ্যিক টীমে ইস্তাহাৰ প্ৰস্তুত কৰি কংগ্ৰেছ হাইকমাণ্ডলৈ প্ৰেৰণ কৰিছে। হাইকমাণ্ডে মোহৰ লগোৱাৰ লগে লগে ইস্তাহাৰখন মুকলি কৰা হ'ব। কংগ্ৰেছে জনসাধাৰণৰ বাবে ৬টা ডাঙৰ ঘোষণা প্ৰস্তুত কৰিছে।
- Trishna Kalita
- Updated on: Sep 12, 2024
- 11:32 am
কোন হ’ব হাৰিয়ানাৰ মুখ্যমন্ত্ৰী? ১১ জনক লাগে শাসনৰ বাঘজৰী..
যদি দলৰ ফালৰ পৰা চোৱা যায় তেন্তে কংগ্ৰেছৰ ফালৰ পৰা মুখ্যমন্ত্ৰীৰ দৌৰত থাকিব ৫ জনকৈ প্ৰাৰ্থী, তাৰ পাছতে বিজেপিৰ ৩ জন আৰু বাকী ৩ জন আন কোনো দলৰ। ইয়াৰে ২ গৰাকী প্ৰাৰ্থী আছে যিয়ে পূৰ্বতে মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল।
- Barasha Sarma
- Updated on: Sep 11, 2024
- 14:36 pm