ফাকুৱা
ফাগুন মাহৰ পূৰ্ণিমাত হিন্দু ধৰ্মৰ লোকসকলে ৰঙৰ উৎসৱ ফাকুৱা বা হোলী উদযাপন কৰে। ভাৰতৰ বিভিন্ন প্ৰান্তত উলহ-মালহেৰে ফাকুৱা উদযাপন কৰা হয়। হিন্দুসকলৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ বা বিষ্ণুক উদ্দেশ্য কৰি এই উৎসৱ পালন কৰা হয়। অসমৰো বিভিন্ন স্থানত ফাকুৱাৰ সময়ত দৌলোত্সৱ পালন কৰা দেখা যায়। বৰপেটাত দৌলোত্সৱ তিনিৰ পৰা পাঁচদিনলৈকে অনুষ্ঠিত কৰা হয়।
ফাকুৱা মানেই যেন ৰং। এই দিনটোত এজনে আনজনক বিভিন্ন ধৰণৰ ৰং সানি, হোলী গীত গাই, নাচি বাগি আনন্দ কৰে।
এই উৎসৱক হোলী, ফাকুৱা, ফলগু উৎসৱ, বসন্তোৎসৱ, মদনোৎসৱ, হোলিকা দাহন আৰু দেউল উৎসৱ আদি নামেৰে বিভিন্ন ৰাজ্যত পালন কৰা হয়। ওড়িশা, বিহাৰ, পশ্চিমবংগ আদিতো বিভিন্ন নামেৰে আনন্দৰ উৎসৱ পালন কৰে।