
স্বাধীনতা দিৱস
ভাৰতবৰ্ষই ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনটোত ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ ঐতিহাসিক দিনটোক সুঁৱৰি প্ৰতিবছৰে ১৫ আগষ্টৰ দিনটোক স্বাধীনতা দিৱস হিচাপে উদ্যাপন কৰা হয়। ভাৰতবৰ্ষই ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত অহিংস আন্দোলনৰ মাধ্যমেৰে এই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হয়। এই স্বাধীনতা লাভৰ লগতে দেশৰ বিভাজনো সংঘটিত হয়।
স্বাধীনতা দিৱসৰ মূল কাৰ্য্যসূচী দেশৰ ৰাজধানী দিল্লীত পালন কৰা হয়। লালকিল্লাত পালন কৰা এই অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰু দেশৰ জনসাধাৰণক উদ্দেশ্যি বক্তৃতা দিয়ে। এই দিৱস দেশৰ সকলো অংশতে পতাকা উত্তোলন, পেৰেড তথা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে পালন কৰা হয়।
পৰিয়ালৰ সৈতে স্বাধীনতা দিৱস উদযাপন মন্ত্ৰী পীযূষ হাজৰিকাৰ, সামাজিক মাধ্যমত পত্নীয়ে শ্বেয়াৰ কৰিলে ফটো
আজি দেশৰ ৭৮সংখ্যক স্বাধীনতা দিৱস। অশেষ সংগ্ৰামৰ ফলশ্ৰুতিত ব্ৰিটিচৰ দুশ বছৰীয়া শাসনৰ অন্ত পেলাই দেশবাসীয়ে লাভ কৰিছিল স্বাধীনতা। আজিৰ এই স্বাধীনতাৰ গৌৰৱোজ্জ্বল দিনটোত পৰিয়ালৰ সৈতেও কিছু সময় অতিবাহিত কৰে মন্ত্ৰী পীযূষ হাজৰিকাই।
- Barasha Misra
- Updated on: Aug 15, 2024
- 18:53 pm
স্বাধীনতা দিৱসৰ অনুষ্ঠানত সংৰক্ষিত আসন এৰি কিয় পিছত বহিল ৰাহুল গান্ধী!
দেশৰ ৭৮তম স্বাধীনতা দিৱস উপলক্ষে পৰম্পৰাগতভাৱে আজি লালকিল্লাত জাতীয় পতাকা উত্তোলন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই অনুষ্ঠানত বিৰোধীৰ নেতা হিচাপে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ বাবে আসন সংৰক্ষিত আছিল যদিও তেওঁ পিছৰ সাধাৰণ আসনহে গ্ৰহণ কৰিছিল। এই কাৰণ সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে প্ৰকৃত তথ্য।
- Monjit Dutta
- Updated on: Aug 15, 2024
- 13:54 pm
৫খন দেশপ্ৰেমমূলক ছবি, যাৰ নায়কে কঁপাই তুলিছিল দেশৰ চৰকাৰ আৰু ব্যৱস্থা
সমগ্ৰ দেশে আজি ৭৮ তম স্বাধীনতা দিৱস উদযাপন কৰি আছে। এনে পৰিস্থিতিত প্ৰতিখন ঘৰতে বা অনুষ্ঠানত দেশপ্ৰেমমূলক গীত বজোৱা হয়। যদি চলচ্চিত্ৰ ফালে চোৱা হয় আমি আপোনাক কিছুমান চলচ্চিত্ৰ ক'ম য'ত ছবিখনৰ নায়কে চৰকাৰ আৰু ব্যৱস্থা সম্পূৰ্ণৰূপে জোকাৰি গৈছিল। বলীউডত দেশপ্ৰেমৰ ওপৰত নিৰ্মিত বহুতো চলচ্চিত্ৰ আছে যিবোৰ মানুহে প্ৰায়ে চায়। ইয়াৰ লগতে কিছুমান চলচ্চিত্ৰৰ কাহিনী ইমান ভাল যে সেইবোৰ চোৱাৰ পাছত দেশপ্ৰেমৰ আবেগে আপোনাক শিহৰিত কৰি তোলে।
- Trishna Kalita
- Updated on: Aug 15, 2024
- 13:22 pm
নাৰী নিৰ্যাতনকাৰীক দিয়া হওক কঠোৰতম শাস্তি: লালকিল্লাৰ পৰা সকীয়নি প্ৰধানমন্ত্ৰী মোদীৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ পৰা দেশৰ ভিতৰত ধৰ্ষণৰ দৰে জঘন্য অপৰাধ কৰাসকলক তীব্ৰ সমালোচনা কৰে। তেওঁ অপৰাধীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ কথা কয় আৰু চলিত ঘটনাসমূহক লৈ উদ্বেগ প্ৰকাশ কৰে। মহিলাসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে কয়, "তেওঁলোকে কেৱল অংশগ্ৰহণ বৃদ্ধি কৰাই নহয়, নেতৃত্বও দিছে।"
- Trishna Kalita
- Updated on: Aug 15, 2024
- 12:14 pm
বাংলাদেশত হিন্দু আৰু সংখ্যালঘু সম্প্ৰদায়ৰ সুৰক্ষাক লৈ চিন্তিত দেশবাসী: প্ৰধানমন্ত্ৰী মোদী
বাংলাদেশত হিন্দুসকল প্ৰতিবাদকাৰীৰ লক্ষ্যত আছে। হিন্দুসকলৰ বহুতো মন্দিৰ আৰু ঘৰক লক্ষ্য কৰি লোৱা হৈছে। এই বিষয়ত উদ্বেগ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে । লালকিল্লাৰ পৰা দেশক সম্বোধন কৰি তেওঁ এই সন্দৰ্ভত মন্তব্য প্ৰদান কৰিছে। ১৪০ কোটি দেশবাসীৰ চিন্তা হৈছে তাত হিন্দু আৰু সংখ্যালঘু সম্প্ৰদায়ৰ সুৰক্ষা নিশ্চিত কৰা।
- Trishna Kalita
- Updated on: Aug 15, 2024
- 17:03 pm
৫ বছৰত ৭৫ হাজাৰলৈ বৃদ্ধি কৰা হ’ব মেডিকেল কলেজৰ আসন: লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ ঘোষণা
Independence Day 2024: স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাটাও ডাঙৰ ঘোষণা কৰে। তেওঁ কৈছে যে ৫ বছৰত দেশত মেডিকেল চীটৰ সংখ্যা ৭৫ হাজাৰলৈ বৃদ্ধি কৰা হ'ব।
- Trishna Kalita
- Updated on: Aug 15, 2024
- 11:05 am
Independence day Modi’s speech: শিক্ষা, অলিম্পিক,অপৰাধীৰ শাস্তি, লালকিল্লাৰ মোদীৰ ভাষণ পঢ়ক ১ মিনিটতে
Independence day celebration: আজি দেশে পালন কৰিছে ৭৮ সংখ্যক স্বাধীনতা দিৱস। পুৱা ৭.৩০ বজাত লালকিল্লাত জাতীয় পতাকা উত্তোলন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তাৰ পাছত তেওঁ যুৱ সমাজ, কৃষক, মহিলা,দক্ষতা বিকাশ, বিকশিত ভাৰত, শিক্ষা , প্ৰাকৃতিক দুৰ্যোগ আদি বিভিন্ন দিশ সামৰি জনতাক সম্বোধন কৰে।
- Barasha Sarma
- Updated on: Aug 15, 2024
- 09:18 am
Independence Day Celebration 2024 Live: বাংলাদেশৰ হিন্দু সুৰক্ষিত হৈ থকা বিচাৰোঃ মোদী
Independence Day Parade 2024 Live Updates: আজি সমগ্ৰ দেশে পালন কৰিব ৭৮ সংখ্যক স্বাধীনতা দিৱস।দেশৰ বিভিন্ন প্ৰান্তত এই স্বাধীনতা দিৱস পালন কৰা হ'ব। ১৯৪৭ চনৰ আজিৰ দিনটোতেই দেশ স্বাধীন হৈছিল আৰু লালকিল্লাত প্ৰধানমন্ত্ৰীয়ে উত্তোলন কৰিছিল জাতীয় পতাকা।
- Barasha Sarma
- Updated on: Aug 15, 2024
- 13:40 pm
Independence Day 2024: আজি স্বাধীনতা দিৱস, জানক ১৫ আগষ্টৰ ইতিহাস আৰু তাৎপৰ্য
Independence Day History: ব্ৰিটিছ শাসনৰ পৰিকল্পনা অনুসৰি ভাৰতে ১৯৪৮ চনৰ ৩০ জুনত স্বাধীনতা লাভ কৰিব লাগিছিল। কিন্তু জৱহাৰলাল নেহৰু আৰু জিন্নাৰ মাজত বৃদ্ধি পোৱা বিবাদে সাম্প্ৰদায়িক সংঘৰ্ষও বৃদ্ধি কৰিছিল। যাৰ বাবে এই পৰিকল্পনা সলনি কৰা হৈছিল
- Barasha Sarma
- Updated on: Aug 15, 2024
- 06:00 am
Independence day 2024 : ঘৰতে বহি শিশুসকলক শিকাওক ৰংগোলীৰ এই ডিজাইন
কাইলৈ স্বাধীনতা দিৱস। এই দিনটো দেশৰ প্ৰতিটো প্ৰান্ততে পালন কৰা হয়। এই দিনটো বিদ্যালয়সমূহত বিভিন্ন ধৰণৰ প্ৰতিযোগিতাও হয়। বহুতে বিদ্যালয় চৌহদত ৰংগোলী আঁকি ভাল পায়। এই কেইটা ডিজাইনেৰেও আপুনি আঁকিব পাৰে ৰংগোলী।
- Barasha Sarma
- Updated on: Aug 14, 2024
- 22:59 pm
স্বাধীনতা দিৱসত এইখন চহৰত উত্তোলন কৰা হ’ব দেশৰ আটাইতকৈ ওখ ৰাষ্ট্ৰীয় পতাকা! ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা
MP: মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে দাবী কৰিছে যে দেশৰ সৰ্ববৃহৎ ত্ৰিৰংগা ভূপালৰ বদা তালাবত উত্তোলন কৰা হ'ব। দেশৰ স্বাধীনতাৰ ৭৮ তম বাৰ্ষিকী উপলক্ষে ভাষণ প্ৰদান কৰি তেওঁ কয় যে এই সময়ত দেশত 'হৰ ঘৰ তিৰংগা' অভিযান চলি আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত মধ্য প্ৰদেশ চৰকাৰে এই সিদ্ধান্ত লৈছে।
- Trishna Kalita
- Updated on: Aug 14, 2024
- 15:40 pm
Flag hosting: স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ পাৰ্থক্য কি? জানক…
কাইলৈ সমগ্ৰ দেশে পালন কৰিব স্বাধীনতা দিৱস। দিল্লীৰ লালকিল্লাত পুৱাই প্ৰধানমন্ত্ৰীয়ে দেশৰ জাতীয় পতাকা উত্তোলন কৰিব। ২৬ জানুৱাৰী আৰু ১৫ আগষ্টৰ পতাকা উত্তোলন পিছে একে নহয়। ইয়াৰ মাজত আছে বিশেষ পাৰ্থক্য।
- Barasha Sarma
- Updated on: Aug 14, 2024
- 15:00 pm
Independence day 2024 : স্বাধীনতা দিৱসৰ দিনা এইদৰে সজাওক বিদ্যালয়ৰ চৌহদ, ফুলৰ ৰংগোলীৰ কেইটামান সহজ ডিজাইন
১৫ আগষ্টত বিদ্যালয়ত বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয় আৰু শিশুৰ মাজত সৰু সৰু প্ৰতিযোগিতাৰো আয়োজন কৰে। এই প্ৰতিযোগিতাই শিশুৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰে।
- Barasha Misra
- Updated on: Aug 14, 2024
- 00:46 am
Independence Day 2024 Speech: শিক্ষাৰ্থীসকলৰ বাবে ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ ভাষণৰ বিষয়, জানক সবিশেষ
সমাগত ৭৮ সংখ্যক স্বাধীনতা দিৱস। দেশত স্বাধীনতা দিৱসৰ চলিছে বিশেষ প্ৰস্তুতি৷ স্বাধীনতা দিৱসৰ সময়চোৱাত যাতে কোনো ধৰণৰ কূটাঘাতমূলক কাম-কাজ সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷
- Barasha Misra
- Updated on: Aug 14, 2024
- 00:47 am