
নৰেন্দ্ৰ মোদী(Narendra Modi)
নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী। তেওঁৰ সম্পূৰ্ণ নাম নৰেন্দ্ৰ দামোদৰদাস মোদী। ১৭ ছেপ্তেম্বৰ, ১৯৫০চনত গুজৰাটৰ মেহচানা জিলাৰ ভদনগৰত অন্যান্য পিছপৰা জাতিৰ ঘাঞ্চী-তেলি সমাজৰ এটি পৰিয়ালত মোদীৰ জন্ম হয়। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ এজন জ্যেষ্ঠ নেতা। ২০০১ৰ পৰা ২০১৪ চনলৈকে সুদীৰ্ঘ ১৩ বছৰ ধৰি তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰীৰ পদত আছিল।
মোদী ১৯৯৫ আৰু ১৯৯৮ত অনুষ্ঠিত হোৱা গুজৰাট বিধান সভা নিৰ্বাচনত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ মূল কৌশল নিৰ্দ্ধাৰক আছিল। ২০০৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনৰো তেওঁ বিজেপি দলৰ এগৰাকী প্ৰধান নিৰ্বাচনী প্ৰচাৰক আছিল। ২০০১ চনত মোদী প্ৰথম বাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হয়। গুজৰাটৰ উপ-নিৰ্বাচনত বিজেপি পৰাজিত হোৱা বাবে মুখ্যমন্ত্ৰী কেশুভাই পেটেলে পদত্যাগ কৰাত মোদীয়ে মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰে। তেতিয়াৰে পৰা তেওঁ একেৰাহে ৪ৰ্থটো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰিত্বৰ দায়িত্বত আছিল। তেওঁ ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনৰ বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ (এন.ডি.এ) প্ৰধান মন্ত্ৰী পদৰ বাবে প্ৰক্ষেপিত প্ৰাৰ্থী আছিল। সেই নিৰ্বাচনত বিজেপিয়ে ২৮২খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰে।
মোদী ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এজন সদস্য। প্ৰচাৰ মাধ্যম আৰু পণ্ডিতসকলে তেওঁক এগৰাকী হিন্দু জাতীয়তাবাদী বুলি বৰ্ণনা কৰিছে। তেওঁ নিজেও সেই কথা স্বীকাৰ কৰে। তেওঁ কেবল ৰাষ্ট্ৰীয় পৰ্যায়তে নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এগৰাকী বিতৰ্কিত ব্যক্তি। ২০০২ৰ গুজৰাট দাংগাত হোৱা চৌপাশৰ ঘটনাৱলীৰ বাবে তেওঁৰ প্ৰশাসনক কঠোৰ ভাবে সমালোচনা কৰিছিল।
১০ বছৰত কি কি পৰিৱৰ্তন হৈছে দেশত? WITTৰ মঞ্চত প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে বাখ্যা
টিভি ৯ নেটৱৰ্কৰ উদ্যোগত আয়োজিত ‘What India Thinks Today’ শীৰ্ষক সন্মিলনত আজি অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অনুষ্ঠানত প্ৰদান কৰা ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ প্ৰগতিশীল অৰ্থনীতিৰ প্ৰসঙ্গও উল্লেখ কৰে। তেওঁ লগতে ভাৰতে আত্মনিৰ্ভৰশীলতাৰ দিশত লোৱা পদক্ষেপৰ বিষয়েও ভাষণত দাঙি ধৰে।
- Monjit Dutta
- Updated on: Mar 28, 2025
- 23:51 pm
দিনে-নিশাই গালি শুনা EDএ উদ্ধাৰ কৰিছে ২২ হেজাৰ কোটি টকাঃ WITTৰ মঞ্চত ক’লে প্ৰধানমন্ত্ৰীয়ে
নিজ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে দিনে নিশাই দুৰ্ব্যৱহাৰৰ সন্মুখীন হোৱা কেন্দ্ৰীয় সংস্থাটোৱে এতিয়ালৈকে ২২ হাজাৰ কোটি টকা উদ্ধাৰ কৰি দেশৰ জনসাধাৰণক অধিকাৰ ঘূৰাই দিয়া বুলি মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ চৰকাৰে বিগত ১০ বছৰত বহু গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন কৰিছে বুলি উল্লেখ কৰি এনে পদক্ষেপসমূহৰ বাবে দেশ প্ৰতিটো ক্ষেত্ৰতে আগবাঢ়িছে বুলিও মন্তব্য কৰে।
- Monjit Dutta
- Updated on: Mar 28, 2025
- 22:43 pm
WITT: মানৱতাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে ভাৰতে: টিভি9ৰ মঞ্চত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টিভি9 ভাৰতবৰ্ষ অনুষ্ঠানত মানৱতাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ প্ৰাকৃতিক দুৰ্যোগৰ পৰা সকাহ দিয়াৰ লক্ষ্যৰে ক’লিচন ফৰ ডিজাষ্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ (চিডিআৰআই) স্থাপনৰ কথা উল্লেখ কৰে।
- Trishna Kalita
- Updated on: Mar 28, 2025
- 20:05 pm
TV9ৰ ‘হোৱাট ইণ্ডিয়া থিংকছ টুডে’ অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে, এইদৰে চাব পাৰিব লাইভ…
TV9 WITT 2025: দিল্লীত অৱস্থিত বিখ্যাত ভাৰত মণ্ডপামত ‘What India Thinks Today 2025’ৰ ভৱিষ্যৎ মঞ্চৰ আয়োজন কৰা হৈছে। ২৮ মাৰ্চ, ২০২৫ৰ পৰা আৰম্ভ হ’ব এই দুদিনীয়া অনুষ্ঠান।দেশৰ সৰ্ববৃহৎ নিউজ নেটৱৰ্ক টিভি9ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি গ্ৰেণ্ড মঞ্চ শোভা বঢ়াব প্ৰধানমন্ত্ৰী মোদীয়ে ।
- Trishna Kalita
- Updated on: Mar 28, 2025
- 22:54 pm
ইউক্ৰেইনত নতুন চৰকাৰ গঠন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে! পুটিনৰ ঘোষণা – ভাৰত এক নিৰ্ভৰযোগ্য আৰু নিৰপেক্ষ শক্তি
ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ তত্বাৱধানত ইউক্ৰেইনত অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ প্ৰস্তাৱ আগবঢ়াইছে পুটিনে। পুটিনে কয় যে, ভাৰতে এই প্ৰস্তাৱৰ নেতৃত্ব দিয়া উচিত। ভাৰতক নিৰপেক্ষ আৰু বিশ্বাসযোগ্য দেশ বুলি অভিহিত কৰিছে পুটিনে। ইয়াৰ পূৰ্বেও ভাৰতে দুয়োখন দেশৰ মাজত শান্তি স্থাপনৰ প্ৰচেষ্টা চলাইছিল।
- Trishna Kalita
- Updated on: Mar 28, 2025
- 12:18 pm
মোদীৰ আমন্ত্ৰণ স্বীকাৰ, শীঘ্ৰেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন…
ভাৰত ভ্ৰমণৰ বাবে সাজু হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন। উল্লেখ্য যে, যোৱা বৰ্ষৰ জুলাই মাহত ৰাছিয়া ভ্ৰমণ কৰিছিল মোদীয়ে, তাৰ পাছত এতিয়া ভাৰত ভ্ৰমণৰ বাবে আহিব পুটিন।
- Barasha Sarma
- Updated on: Mar 27, 2025
- 17:56 pm
ইউনুছক লাগে মোদীৰ সহায়, বিচাৰে আলোচনা! প্ৰধানমন্ত্ৰীয়ে পত্ৰ লিখি ক’লে…
ভাৰতৰ সৈতে সম্পৰ্ক ভাল কৰাৰ চেষ্টা মহম্মদ ইউনুছ চৰকাৰৰ। আনকি মহম্মদ ইউনুছে ভাৰত ভ্ৰমণৰ বাবেও আগ্ৰহ প্ৰকাশ কৰিছে। কিন্তু এই ক্ষেত্ৰত ভাৰতে এতিয়ালৈকে কোনো সঁহাৰি দিয়া নাই।
- Barasha Sarma
- Updated on: Mar 27, 2025
- 11:09 am
TV9 নেটৱৰ্কৰ WITT মহামঞ্চৰ আয়োজন, উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদীকে ধৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
দিল্লীৰ বিখ্যাত ভাৰত মণ্ডপামত আয়োজন কৰা হ’ব ‘What India Thinks Today (WITT) 2025’ৰ। ২৮ আৰু ২৯ মাৰ্চত অনুষ্ঠিত হ’ব WITT ৰ ২ দিনীয়া অনুষ্ঠান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰিও ১১ গৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু ৫গৰাকী মুখ্যমন্ত্ৰীয়ে টিভি ৯ নেটৱৰ্কৰ এই বাৰ্ষিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱেও এই মঞ্চত শোভা বঢ়াব।
- Trishna Kalita
- Updated on: Mar 25, 2025
- 23:41 pm
বিগত ৩ বছৰত প্ৰধানমন্ত্ৰী মোদীৰ বিদেশ ভ্ৰমণৰ বাবদ কিমান টকা খৰচ হৈছে? কেন্দ্ৰীয় চৰকাৰে দাখিল কৰিলে সবিশেষ তথ্য
কেন্দ্ৰীয় চৰকাৰে সংসদত দাখিল কৰা তথ্য অনুসৰি ২০২৩ চনৰ জুন মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণত ২২ কোটিতকৈ অধিক টকা ব্যয় কৰা হৈছিল। আনহাতে ২০২২ চনৰ পৰা ২০২৪ চনৰ ভিতৰত তেওঁৰ ৩৮টা বিদেশ ভ্ৰমণত মুঠ ২৫৮ কোটি টকা ব্যয় কৰা হৈছে। ইয়াৰ ভিতৰত হোটেল, নিৰাপত্তা আৰু অন্যান্য খৰচো অন্তৰ্ভুক্ত।
- Trishna Kalita
- Updated on: Mar 21, 2025
- 14:30 pm
ভাৰতৰ মাটিৰ পৰা আঁতৰি যাওকঃ কাশ্মীৰ সন্দৰ্ভত পাকিস্তানক হুংকাৰ ভাৰতৰ….
ভাৰত-পাকিস্তানৰ মাজত পুনৰ গৰম হৈ উঠিছে কাশ্মীৰ বিষয়। পাকিস্তানক এটাৰ পাছত আন এটা হুংকাৰ প্ৰদান কৰিছে ভাৰতে। লগতে পাকিস্তানে দখল কৰি থকা কাশ্মীৰ এৰি যাবলৈ কৈছে।
- Barasha Sarma
- Updated on: Mar 20, 2025
- 13:29 pm
কেন্দ্ৰীয় কেবিনেটৰ অনুমোদনঃ ১০,৬০১ কোটি টকা ব্যয় সাপেক্ষে নামৰূপত স্থাপন হ’ব ইউৰিয়া প্ৰকল্প
Urea plant in Assam: অসমত স্থাপন হ'ব ইউৰিয়া প্ৰকল্প। বুধবাৰে কেন্দ্ৰীয় কেবিনেটে এই প্ৰকল্পত অনুমোদন জনায়। ইয়াৰ ফলত অসমত ইউৰিয়া উৎপাদন ক্ষমতা বৃদ্ধি হ'ব লগতে ই নিয়োগ সৃষ্টিও কৰিব।
- Barasha Sarma
- Updated on: Mar 20, 2025
- 12:30 pm
উভতি অহাৰ পিচত ভাৰতত দেখা পোৱাৰ আশা কৰিছোঁ, পত্ৰযোগে সুনীতা উইলিয়ামছক আমন্ত্ৰণ প্ৰধানমন্ত্ৰী মোদীৰ
সুদীৰ্ঘ ৯ মাহৰ পাচত পৃথিৱী অভিমুখে ৰাওনা হৈছে মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুচ উইলম'ৰ । ভাৰতীয় সময় অনুসৰি বুধবাৰে পুৱতি নিশা তেওঁলোকে অৱতৰণ কৰাৰ কথা । এই সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে সুনীতা উইলিয়ামছলৈ শুভেচ্ছা ভৰা পত্ৰ প্ৰেৰণ কৰি তেওঁক ভাৰতলৈ আমন্ত্ৰণ জনাইছে ।
- Raj Saikia
- Updated on: Mar 18, 2025
- 19:50 pm
বন্ধুক পাহৰা নাই! মোদীৰ প’ডকাষ্ট পচন্দ আহিল ট্ৰাম্পৰ, কৰিলে এই কাম…
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্পৰ্কৰ কথা সকলোৱে জানে। কিন্তু যোৱা কেইটামান দিনৰ পৰা দুয়োৰে মাজৰ বন্ধুত্বৰ ওপৰত প্ৰশ্নবোধক আহি পৰিছিল। ইয়াৰ মাজতে কালি এক প'ডকাষ্টত নৰেন্দ্ৰ মোদীয়ে ট্ৰাম্পৰ প্ৰশংসা কৰে।
- Barasha Sarma
- Updated on: Mar 17, 2025
- 17:51 pm
মধুৰ হোৱাৰ দিশে সম্পৰ্ক! মোদীৰ প্ৰশংসা ৰঙা চীনৰ, ক’লে…
সম্পৰ্ক মধুৰ হোৱাৰ দিশে আগবাঢ়িছে ভাৰত-চীনৰ। দেওবাৰে মোদীয়ে এক প'ডকাষ্টত অংশগ্ৰহণ কৰি ভাৰত-চীনৰ সম্পৰ্কৰ কথা উল্লেখ কৰে। তাৰ পাছতে চীনে প্ৰধানমন্ত্ৰীৰ প্ৰশংসা কৰে আৰু সম্পৰ্ক উন্নত কৰাৰ ইংগিত প্ৰদান কৰে।
- Barasha Sarma
- Updated on: Mar 17, 2025
- 16:14 pm
বিশ্বৰ বৃহৎ সংখ্যক অভিযন্তা আমাৰ দেশত আছে, ভাৰত অবিহনে AI অসম্পূৰ্ণঃ মোদী
ভাৰত অবিহনে AI অসম্পূৰ্ণ। এক প'ডকাষ্টত অংশ গ্ৰহণ কৰি এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয় যে, ভাৰতত প্ৰকৃত বুদ্ধিমত্তাৰ অভাৱ নাই। ভাৰতত বৃহৎ সংখ্যক অভিযন্তা আছে।
- Barasha Sarma
- Updated on: Mar 16, 2025
- 23:02 pm