5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো
কাজি নেমু (kaji nemu, state fruit of assam)

কাজি নেমু (kaji nemu, state fruit of assam)

অসমৰ জাতীয় ফল কাজি নেমু। অসমত অতি সহজতেই উৎপাদিত হোৱা এই কাজি নেমুৰ সোৱাদ টেঙা। কাজি নেমুৰ বৈজ্ঞানিক নাম Citrus limon । কাজি নেমুৰ এনে কিছুমান বৈশিষ্ট আছে যাৰ বাবে ই অন্য নেমুতকৈ পৃথক। কাজি নেমুৰ গোন্ধ আৰু আকাৰো অন্য নেমুতকৈ পৃথক। ইয়াৰোপৰি কাজি নেমুৰ সাধাৰণতে বিশেষ কোনো বতৰ নাথাকে। সকলো সময়তে এই নেমু উপলব্ধ হয়। অৱশ্যে নৱেম্বৰৰ পৰা জানুৱাৰী মাহলৈ উৎপাদন  কিছু কম হয়।

কাজি নেমুৰ গছজোপা কাঁইটীয়া আৰু গুল্মজাতীয় গছ। ইয়াৰ গছবোৰ সাধাৰণতে ৩.৫ মিটাৰ উচ্চতালৈ হয়। পাতসমবহ ৭.১০ ছেন্টিমিটাৰ দীঘল আৰু ৩-৫ ছেন্টিমিটাৰ বহল। কাজি নেমুৰ বয়স ২০ ৰ পৰা ২৫ বছৰ। প্ৰতি হেক্টৰ মাটিত বছৰি ২০ ৰ পৰা ৩০ টন উৎপাদন হয়।

ক’ত খেতি ভাল হয় আৰু কেনেকৈ খায়

পলসুৱা মাটিত কাজি নেমুৰ খেতি ভাল হয়। কলমৰ দ্বাৰা খেতি হয় যদিও গুটিৰ পৰাও ইয়াৰ গছ হয়। অসমত কাজি নেমুৰ এখন বিশাল বজাৰ আছে। ৰপ্তানিও হয় এই কাজি নেমু।

কাজি নেমু শৰীৰৰ বাবে অতি উপকাৰী। বিশেষকৈ গৰম দিনৰ ই স্বাস্থ্যৰ বাবে অতি উপযুক্ত। গৰমৰ দিনত বিশেষকৈ চৰ্বত বনাই খোৱাৰ লগতে অন্য ৰন্ধন প্ৰণালী বা ভাত, আঞ্জাতো  ব্যৱহাৰ হয়। বহুতে গৰমৰ দিনত ভাতৰ লগত কাজি নেমু খাবলৈ ভাল পায়। ইয়াৰোপৰি কাজি নেমুৰ ঔষধি গুণো আছে।

কেতিয়া লাভ কৰে স্বীকৃতি

চিআৰএছ ন-দিহং নেমু টেঙা উন্নয়ন সমিতিয়ে অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত কাজি নেমুৰ স্বীকৃতি বিচাৰি ২০১৮ চনৰ ৫ জানুৱাৰীত আবেদন দাখিল কৰিছিল। ২০১৯ চনত ই ভৌগালীক স্বীকৃতি লাভ কৰাৰ পাছতেই ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত ইয়াত অসম চৰকাৰে জাতীয় ফল হিচাপে ঘোষণা কৰিছিল।

Read More