কালী পূজা
কালী পূজা বা শ্যামা-পূজা হিন্দু দেৱী কালীৰ প্ৰতি উৎসৰ্গিত ভাৰতীয় উপমহাদেশত উদযাপিত হোৱা উৎসৱ। কাতি মাহৰ অমাৱস্যা তিথিত এই পূজা পালন কৰা হয়। কালী পূজা ঘাইকৈ ভাৰতৰ পশ্চিম বংগ, অসম, ত্ৰিপুৰা, ওড়িশা, বিহাৰৰ মিথিলা অঞ্চল আৰু মহাৰাষ্ট্ৰৰ তিতৱালা চহৰ আৰু বাংলাদেশত পালন কৰা হয়। এইদিনা ভাৰতৰ আন অঞ্চলত লক্ষ্মীপূজা আৰু দেৱালী অনুষ্ঠিত হয়। বৰ্তমান তিনিওটা উৎসৱ প্ৰায় একেলগে উদ্যাপন হোৱা দেখা যায়।
শাক্তধৰ্মৰ কালীকুল সম্প্ৰদায়ৰ মতে সৰ্বোচ্চ মহাজাগতিক দেৱী মহাকালী পৃথিৱীত অশুভ শক্তিৰ বিনাশৰ বাবে ১০টা ৰূপত আৱিৰ্ভাৱ হৈছিল। এই দহটা ৰূপক একেলগে দশ মহাবিদ্যা নামে জনাজাত। প্ৰত্যেক মহাবিদ্যা ১২ মাহৰ হিন্দু দিনপঞ্জী-মতে অৱতাৰৰ তিথি আছে। এই দশ মহাবিদ্যাৰ ভিতৰত শেষ-দেৱী হৈছে কমলতমিকা বা কমলা। তেওঁৰ অৱতাৰৰ দিন কমলাতমিকা জয়ন্তী হিচাপে দেৱালীৰ দিনা পালন কৰা হয়। তেওঁক ‘তান্ত্ৰিক লক্ষ্মী’ হিচাপেও জনা যায়। ভাৰতীয় উপমহাদেশৰ বাকী অংশত এই দিন দেৱতা শ্ৰীৰাম বা শ্ৰীকৃষ্ণৰ সৈতে যুক্ত। যিহেতু উভয়ে বৈষ্ণৱধৰ্মৰ কেন্দ্ৰীয় দেৱতা অধিকাংশ ভাৰতীয়ই দেৱালীক বৈষ্ণৱ উৎসৱ হিচাপে উদযাপন কৰে আৰু ভগৱান মহাবিষ্ণুৰ সংগী দেৱী লক্ষ্মীৰ পূজা কৰে।