
লৰেন্স বিষ্ণোই
লৰেন্স বিষ্ণোইৰ জন্ম ১৯৯৩ চনৰ ১২ ফেব্ৰুৱাৰীত পঞ্জাৱৰ ফাজিলকাত হৈছিল । তেওঁৰ পিতৃ এজন আৰক্ষী কনিষ্টবল আছিল । লৰেন্সৰ পিতৃয়ে তেওঁক এজন আইএএছ বিষয়া হোৱাটো বিচাৰিছিল । কিন্তু লৰেন্সৰ মগজুত আন কিবা হে চলি আছিল । দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিচত লৰেন্স চণ্ডীগড়লৈ যায় আৰু ডিএভি মহাবিদ্যালয়ত নামভৰ্তি কৰে । তাৰ পাছত তেওঁ ছাত্ৰ ৰাজনীতিত সক্ৰিয় হৈ পৰে আৰু গেংষ্টাৰ গোল্ডি ব্ৰাৰৰ সৈতে তেওঁৰ বন্ধুত্ব হয় ।
লৰেন্সে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল কিন্তু পৰাজিত হৈছিল । কিন্তু তেওঁ এই পৰাজয় সহজভাৱে ল’ব নোৱাৰিলে আৰু পৰাজয়ৰ প্ৰতিশোধ ল’বলৈ ৰিভলভাৰ হাতত তুলি ল’লে । এইদৰে অপৰাধজগতত লৰেন্সৰ আগমন হয়। কিন্তু একাংশ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি নিৰ্বাচনত পৰাজিত হোৱাৰ পাছত এক দলীয় কাজিয়াত তেওঁৰ প্ৰেমিকা নিহত হৈছিল । যাৰ বাবে তেওঁ বন্দুক লৈছিল ।
লৰেন্স বিষ্ণইৰ গেঙৰ কুখ্যাত গেংষ্টাৰ লভিছক গ্ৰেপ্তাৰ, চণ্ডীগড়ৰ সমীপত কুটাঘাট সংঘটিত কৰাৰ পূৰ্বে গ্ৰেপ্তাৰ
পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লৰেন্স বিষ্ণয় গেঙৰ কুখ্যাত গেংষ্টাৰ লেভিছ গ্ৰ’ভাৰক। তেওঁ জিৰকপুৰত কুটাঘাট সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল যদিও আৰক্ষীয়ে তেওঁৰ পৰিকল্পনা বিফল কৰে। আৰক্ষীয়ে অভিযুক্তৰ হাতৰ পৰা তিনিটা অস্ত্ৰ-শস্ত্ৰ আৰু নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰে।
- Barasha Misra
- Updated on: Mar 22, 2025
- 11:59 am
চলমান খানৰ বাসগৃহত নিৰাপত্তা বৃদ্ধি, লৰেন্স বিষ্ণৈইৰ ভাবুকিৰ পিছত বেলকনিত বুলেট প্ৰুফ গ্লাছ ব্যৱহাৰ
Salman Khan: দীৰ্ঘদিন ধৰি লৰেন্স গেলেক্সীৰ টাৰ্গেটত আছিল চলমান খান। যাৰ বাবে ২০২৪ বৰ্ষটো ভাইজানৰ বাবে বৰ ভাল নাছিল। বিগত বৰ্ষত চলমানে ঘনিষ্ঠ বন্ধুকো হেৰুৱাবলগীয়া হৈছিল। অৱশ্যে নতুন বছৰৰ লগে লগে নিৰাপত্তাও বৃদ্ধি পাইছে চলমানৰ।
- Barasha Misra
- Updated on: Jan 7, 2025
- 18:15 pm
Year Ender 2024: গেংষ্টাৰৰ ভাবুকিৰ পৰা ভাতৃসদৃশ বন্ধুৰ মৃত্যুলৈ…! ২০২৪ বৰ্ষটো কেনে গ’ল বলীউডৰ ‘ভাইজান’ৰ?
Salman Khan Birthday: বলীউডৰ 'দাবাং' চলমান খানে আজি ৫৯ বছৰ বয়সত ভৰি দিছে। তেওঁৰ জন্মদিন উপলক্ষে, চলমানে তেওঁৰ ছবি 'সিকন্দৰ'ৰ এক আভাস শ্বেয়াৰ কৰিছে। কিন্তু এই বছৰ তেওঁৰ কোনো ছবি ছবিগৃহত মুক্তি পোৱা নাছিল।২০২৪ বৰ্ষটো চলমান খানৰ বাবে অতি প্ৰত্যাহ্বানমূলক আছিল। এই বছৰটোত তেওঁ কেৱল মৃত্যুৰ ভাবুকি লাভ কৰাই নহয়, তেওঁৰ ভাতৃসদৃশ বন্ধু বাবা চিদ্দিকীকো হেৰুৱাইছিল।
- Trishna Kalita
- Updated on: Dec 27, 2024
- 14:22 pm
ক্ষমা অথবা ৫ কোটি টকা দাবী : ছলমান খানক ভাবুকি প্ৰদান কৰা ব্যক্তিক গ্ৰেপ্তাৰ
ছলমান খানৰ সুৰক্ষা এই সময়ত এটা ডাঙৰ সমস্যা হৈ পৰিছে। চলমান খানে দীৰ্ঘদিন ধৰি মৃত্যুৰ ভাবুকি লাভ কৰি আহিছে। শেহতীয়াকৈ, তেওঁক এটা বাৰ্তাৰ জৰিয়তে ৫ কোটি টকা দাবী কৰা হৈছিল। আৰক্ষীয়ে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিছে যিয়ে ছলমানক ভাবুকি দিছিল।
- Trishna Kalita
- Updated on: Nov 7, 2024
- 11:37 am
Sikandar: চিকন্দৰৰ শ্বুটিং স্থলীৰ পৰা ফটো ভাইৰেল, ভাবুকিৰ মাজতে ৰশ্মিকা মণ্ডান্নাৰ সৈতে শ্বুটিঙত ব্যস্ত চলমান খান
এফালে চলমান খানে তেওঁৰ পৰৱৰ্তী ছবি চিকন্দৰৰ শ্বুটিঙত ব্যস্ত, আনফালে পুনৰবাৰ মৃত্যুৰ ভাবুকি লাভ কৰিছে চলমান খানে। অৱশ্যে এই সকলোবোৰৰ মাজতে চলমান হায়দৰাবাদত আছে আৰু তেওঁ তাজ ফলকনুমা পেলেচত ৰশ্মিকা মণ্ডান্নাৰ সৈতে চিকন্দৰৰ এটা গুৰুত্বপূৰ্ণ অংশৰ শ্বুটিং কৰি আছে।
- Barasha Misra
- Updated on: Nov 5, 2024
- 20:11 pm
Salman khan: লৰেন্স বিষ্ণই নহয়, তেন্তে এইবাৰ কোনে দিলে চলমান খানক হত্যাৰ ভাবুকি? দাবী কৰিলে ২ কোটি টকা!
বলীউড উদ্যোগৰ এটা ডাঙৰ নাম চলমান খান । বৰ্তমান তেওঁ গেংষ্টাৰ লৰেন্স বিষ্ণইৰ লক্ষ্যত আছে। অভিনেতাজনে বিষ্ণই দলৰ পৰা নিৰন্তৰ ভাবুকি লাভ কৰি আছে। ইয়াৰ মাজতে তেওঁ এতিয়া আন এটা নতুন ভাবুকি লাভ কৰিছে। কিন্তু আশ্চৰ্যজনকভাৱে, তেওঁ বিষ্ণই সম্প্ৰদায়ৰ পৰা নহয় আন কোনো ঠাইৰ পৰা এই ভাবুকি লাভ কৰিছে।
- Trishna Kalita
- Updated on: Oct 30, 2024
- 14:30 pm
গেংষ্টাৰ লৰেন্স বিষ্ণইৰ বিৰুদ্ধে কঠোৰ NIA: ভাতৃ আনমোল বিষ্ণইৰ সন্ধান দিওঁতালৈ ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা
কুখ্যাত লৰেন্স বিষ্ণইক দলটোক দমন কৰিবলৈ কঠোৰ হৈছে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA) । তদন্তকাৰী সংস্থাটোৱে লৰেন্সৰ ভাতৃ আৰু গেংষ্টাৰ আনমোল বিষ্ণইৰ সন্ধানকাৰীলৈ ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। কেইবাটাও গোচৰত অভিযুক্ত আনমোল । আনমোলৰ সন্দৰ্ভত কোৱা হয় যে তেওঁ কানাডা আৰু আমেৰিকাৰ পৰা বিষ্ণই লৰেন্স দলটো চলাই আছে।
- Trishna Kalita
- Updated on: Oct 25, 2024
- 12:28 pm
Salman khan: ছলমান খানক হত্যাৰ ভাবুকি আৰু ৫ কোটি দাবী কৰা অভিযুক্ত গ্ৰেপ্তাৰ,জানক কোন শ্বেইখ হুচেইন
Salman khan: বিগত কেইটামান দিন ধৰি অহৰহ ছলমান খানলৈ ভাবুকি ভৰা বাৰ্তা আহি আছে। ইয়াৰ মাজতে মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন অভিযুক্তক। এই লোকজন পেচাত পাচলি বিক্ৰেতা।
- Barasha Sarma
- Updated on: Oct 24, 2024
- 07:46 am
ছলমান খানক ভাবুকি দিয়া লৰেন্স বিষ্ণইৰ ওপৰত নিৰ্মাণ হ’ব ৱেব ছিৰিজ! কি কি থাকিব ছিৰিজখনত?
লৰেন্স বিষ্ণই এনে এজন গেংষ্টাৰ যিয়ে অলপতে এনচিপি নেতা আৰু ছলমানৰ ঘনিষ্ঠ সহযোগী বাবা ছিদ্দিকীক হত্যা কৰিছিল। এতিয়া এই গেংষ্টাৰৰ কাহিনী ওপৰত নিৰ্মাণ কৰা হ'ব এখন ৱেব ছিৰিজে, যিয়ে ইতিমধ্যে অনুমোদন লাভ কৰিছে। ছিৰিজখনত দৰ্শকে লৰেন্সৰ জীৱনৰ সৈতে সম্পৰ্কিত কাহিনী দেখা পাব।
- Trishna Kalita
- Updated on: Oct 19, 2024
- 18:08 pm
Salman Khan Threats: বাবা ছিদ্দিকীতকৈ ভয়াৱহ হ’ব ছলমান খানৰ অৱস্থা: শত্ৰুতাৰ অৱসান ঘটাবলৈ ৫ কোটি টকাৰ দাবীৰে ভাবুকি বাৰ্তা
মেছেজটোত উল্লেখ কৰা হৈছে- “এই বাৰ্তাক সহজভাৱে নল’ব। যদি চলমান খানে জীয়াই থাকিব বিচাৰে আৰু লৰেন্স বিষ্ণোইৰ সৈতে শত্ৰুতা শেষ কৰিব বিচাৰে তেন্তে তেওঁ ৫ কোটি দিব লাগিব । যদি ধন পৰিশোধ কৰা নহয়, তেন্তে ছলমান খানে বাবা ছিদ্দিকীতকৈও বেয়া অৱস্থা সন্মুখীন হ’ব লাগিব।”
- Trishna Kalita
- Updated on: Oct 18, 2024
- 13:58 pm
Sikandar: জীৱনলৈ ভাবুকি অহাৰ মাজতে চলমান খানৰ আন এক বিপদ! নিৰাপত্তাজনিত কাৰণত পিছুৱালে কাম
Sikandar: লৰেঞ্চ বিষ্ণোই গেঙৰ বাবে বিপদত পৰিছে চলমান খান। ইতিমধ্যে তেওঁ বহুবাৰ ভাবুকি পাইছে। ঘনিষ্ঠ বন্ধু বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ পিছত তেওঁৰ সুৰক্ষা সন্দৰ্ভত সজাগ হৈ পৰিছে আৰক্ষী। ইফালে চলমান খানে নিজৰ প্ৰজেক্টৰ শ্বুটিং কেনেকৈ কৰিব সেই বিষয়টোলৈ চিন্তিত হৈ পৰিছে। এতিয়া ভাইজানৰ নিৰাপত্তাৰ কথা মনত ৰাখি ‘চিকন্দৰ’ৰ শ্বুটিং সূচী সলনি কৰা হৈছে।
- Barasha Misra
- Updated on: Nov 6, 2024
- 11:59 am
Lawrence Bishnoi: জীৱন্তে জ্বলাই দিছিল যুৱতীক!কিয় আৰু কেনেকৈ লৰেন্স বিষ্ণোই প্ৰৱেশ কৰিছিল অপৰাধ জগতত
Lawrence Bishnoi: বৰ্তমান চৰ্চাত থকা এটা নাম লৰেন্স বিষ্ণোই। এন চি পি নেতা বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ পিছত বিশেষ চৰ্চাত আছে এই গেঙটো। ৩১ বছৰীয়া লৰেন্স কেনেকৈ অপৰাধ জগতত প্ৰৱেশ কৰিছিল তাৰ আছে এক কাহিনী।
- Barasha Sarma
- Updated on: Oct 16, 2024
- 15:58 pm
১৪৮৫ চনত স্থাপন আৰু ২৯টা নিয়ম প্ৰণয়ন, তাৰে ৯টা ভংগ কৰে চলমান খানে; বিষ্ণোই পন্থাৰ সম্পূৰ্ণ কাহিনী জানক
বলীউডৰ অভিনেতা চলমান খানৰ বিৰুদ্ধে ১৯৯৮ চনত ৰাজস্থানৰ যোধপুৰ জিলাত ক’লা হৰিণ চিকাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল। ক’লা হৰিণ বিষ্ণোই সমাজে শ্ৰদ্ধা কৰে। তেওঁলোকে এই হৰিণক নিজৰ জীৱনতকৈও বেছি গণ্য কৰি ৰক্ষা কৰে। বিষ্ণোই সমাজখন ২৯টা নিয়মৰ দ্বাৰা বান্ধ খাই আছে আৰু সেইবোৰ পালন তেওঁলোকৰ বাবে সৰ্বোচ্চ গুৰুত্বপূৰ্ণ। এই ২৯টা নিয়মৰ ভিতৰত ৯টা নিয়ম ভংগ কৰাৰ বাবে সমাজৰ মানুহে চলমান খানক দোষাৰোপ কৰে। জানক সবিশেষ...
- Barasha Misra
- Updated on: Oct 16, 2024
- 15:17 pm
লৰেঞ্চ বিষ্ণই কেনেকৈ ক’লা হৰিণৰ বাবে চলমান খানৰ জীৱনৰ শত্ৰু হৈ পৰিল? জানক সবিশেষ
NCPৰ নেতা বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ পিছতে তিনিটা নাম সৰ্বাধিক চৰ্চিত হৈছে - চলমান খান, ক'লা হৰিণ আৰু গেংষ্টাৰ লৰেঞ্চ বিষ্ণয় । বাবা ছিদ্দিকী আৰু ছলমান খানৰ ভাল বন্ধুত্ব আছিল আৰু এতিয়া চৰ্চা হৈছে যে বাবাৰ অজুহাতত বিষ্ণই গেঙে চলমান খানক প্ৰত্যক্ষ বাৰ্তা দিছে। ইতিমধ্যে চলমানক আক্ৰমণ কৰিছে বিষ্ণই চক্ৰই। দেউতাই চেলিম খানক ভাবুকি দিছে। গোটেই বিষয়টো ২৬ বছৰ পুৰণি। ক'লা হৰিণে কেনেকৈ চলমানক লৰেন্স বিষ্ণয়ৰ ডাঙৰ শত্ৰু কৰি তুলিলে জানক।
- Barasha Misra
- Updated on: Oct 16, 2024
- 14:07 pm