লোকসভা ( loksabha)
লোকসভা হৈছে ভাৰতৰ সংসদৰ নিম্ন সদন। এই সদনৰ প্ৰতিনিধিসকলক পোনপটীয়াকৈ ৰাইজে নিৰ্বাচন কৰে। সদনত নিজ সমষ্টিক প্ৰতিনিধিত্ব কৰিবলৈ এই সদস্যসকলক নিৰ্বাচন কৰা হয়। ভাৰতত আছে দুই সদনঃ উচ্চ সদন আৰু নিম্ন সদন। ৰাজ্যসভাক উচ্চ সদন বুলি কোৱাৰ বিপৰীতে লোকসভাক নিম্ন সদন বুলি কোৱা হয়।
এগৰাকী সাংসদৰ কাৰ্যকাল ৫ বছৰ। ইয়াৰোপৰি কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতিয়ে সদন ভংগ নকৰালৈকে কাৰ্যনিৰ্বাহ কৰিব পাৰে তেওঁলোকে। নতুন দিল্লীত অনুষ্ঠিত হয় ইয়াৰ বৈঠক।
ভাৰতৰ সংবিধানে আবণ্টন দিয়া সদনৰ সৰ্বোচ্চ সদস্য সংখ্যা ৫৫২খন (প্ৰথম অৱস্থাত ১৯৫০ চনত ৫০০ জন)। বৰ্তমান সদনত ৫৪৩ খন আসন আছে। ১৯৫২ চনৰ পৰা ২০২০ চনৰ ভিতৰত ভাৰত চৰকাৰৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতিয়ে এংলো-ভাৰতীয় সম্প্ৰদায়ৰ অতিৰিক্ত ২ জন সদস্যকো মনোনীত কৰে।
লোকসভাত অনুসূচিত জাতি (৮৪) আৰু অনুসূচিত জনজাতি (৪৭)ৰ প্ৰতিনিধিৰ বাবে মুঠ ১৩১খন আসন (২৪.০৩%) সংৰক্ষিত। সদনৰ বাবে কোৰাম মুঠ সদস্যৰ ১০%।
১৯৫২ প্ৰথম সাধাৰণ নিৰ্বাচনৰ পিছত দেশে প্ৰথম লোকসভা লাভ কৰে। ভাৰতীয় জাতীয় কংগ্ৰেছে ৩৬৪খন আসন লাভ কৰি ক্ষমতালৈ আহিছিল। ইয়াৰ লগে লগে জৱাহৰলাল নেহৰুৱে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয়। তেতিয়া কংগ্ৰেছে ৪৫ শতাংশ লাভ কৰিছিল।