
লুৰীণজ্যোতি গগৈ
লুৰীণজ্যোতি গগৈৰ জন্ম হয় ১৯৭৭ চনৰ ২৮ ডিচেম্বৰ তাৰিখে তিনিচুকীয়া জিলাত। পিতৃৰ নাম প্ৰবীন গগৈ আৰু মাতৃ প্ৰয়াত দুলু গগৈ। তেওঁ ঘৰৰ একমাত্ৰ পুত্ৰ সন্তান।
লুৰীণজ্যোতি গগৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক (২০১৫-২০২০) তথা অসমৰ এগৰাকী প্ৰাক্তন ছাত্ৰনেতা।বৰ্তমান তেওঁ অসমৰ ৰাজনৈতিক দল অসম জাতীয় পৰিষদ (চমুকৈ অজাপ)ৰ সভাপতি পদত কাৰ্যনিৰ্বাহ কৰি আছে।
তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰা স্নাতক পৰ্যায়ত অধ্যয়ন কৰি থাকোঁতে লুৰীণজ্যোতি গগৈয়ে আছু (সদৌ অসম ছাত্ৰ সন্থা)ত জড়িত হৈছিল। পিছত তেওঁ দীপাংক নাথৰ সভাপতিত্বত ২০১৫ চনত আছুৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছিল। ২০২০ চনৰ নৱেম্বৰ মাহত লুৰীণজ্যোতি গগৈয়ে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ পদ ত্যাগ কৰে। পিছলৈ তেওঁ সক্ৰিয় ৰাজনীতিত ভৰি থয় আৰু ২০২১ চনৰ বিধানসভা নিৰ্বাচনত দুলিয়াজান আৰু নাহৰকটীয়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে।
কংগ্ৰেছ অবিহনেও থাকিব অসম সন্মিলিত মৰ্চা, গঠন কৰিলে নতুন সমিতি!
কংগ্ৰেছে জয়ন্ত বৰাক প্ৰাৰ্থিত্ব প্ৰদানৰ পাছতে সৰব হৈ পৰে অসম সন্মিলিত মৰ্চা। অসম সন্মিলিত মৰ্চাৰ হৈ বিহালী উপ নিৰ্বাচনত CPIML য়ে দিব প্ৰাৰ্থী। বিহালীত CPI(ML)ৰ লক্ষ্মীকান্ত কুৰ্মীক প্ৰাৰ্থীৰূপে সমৰ্থন সন্মিলিত মৰ্চাৰ। গৌৰৱ গগৈ, ভূপেন বৰাৰ কাজিয়াৰ পৰিণতিত এই প্ৰতাৰণা বুলি অভিযোগ সন্মিলিত মৰ্চাৰ।
- Trishna Kalita
- Updated on: Oct 24, 2024
- 19:17 pm
Assam by election 2024: উপ-নিৰ্বাচনৰ পূৰ্বে থানবান বিৰোধী ঐক্য, অসম সন্মিলিত মৰ্চাত নাথাকে অসম জাতীয় পৰিষদ!
বিৰোধী ঐক্যৰ পৰা ওলাই আহিব অসম জাতীয় পৰিষদ। বিহালীৰ প্ৰাৰ্থিত্বক লৈ সংঘাত আৰম্ভ হৈছিল বিৰোধী ঐক্যত। তাৰ পাছতে বিৰোধী ঐক্যৰ উমৈহতীয়া মঞ্চ অসম সন্মিলিত মৰ্চাৰ পৰা ওলাই অহাৰ সিদ্ধান্ত অসম জাতীয় পৰিষদৰ। আজি দিনৰ ১১-৩০ বজাত আছে দলটোৰ কৰ্ণধাৰ বৈঠক।
- Trishna Kalita
- Updated on: Oct 24, 2024
- 12:46 pm
Assam by election: বিৰোধিৰ মাজত যুঁজ! বিহালীৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিলে চিপিআই (এম এল)য়ে
Assam by election: বিহালী সমষ্টিক লৈ বিৰোধিৰ মাজত খোৱা- কামৰা। কংগ্ৰেছে প্ৰাৰ্থী ঘোষণা কৰাৰ পাছতেই আজি বিহালী সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিলে চিপিআই (এম এল)য়ে। ৰাজ্যত ভংগ বিৰোধিৰ মিত্ৰতা।
- Barasha Sarma
- Updated on: Oct 24, 2024
- 12:30 pm