
নীৰজ চোপ্ৰা
নীৰজ চোপ্ৰাৰ জন্ম ২৪ ডিচেম্বৰ ১৯৯৭ ত হৈছিল। তেওঁ হৈছে ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড খেলুৱৈ আৰু ভাৰতীয় সেনাৰ এগৰাকী জুনিয়ৰ কমিছণ্ড বিষয়া (JCO)। তেওঁ ট্ৰেক এণ্ড ফিল্ডৰ জেভলীন থ্ৰ’ খেল খেলে। নীৰজ চোপ্ৰাৰ জেভলীন থ্ৰ’ৰ শ্ৰেষ্ট প্ৰদৰ্শন হৈছে ৮৮.০৭ মিটাৰ। তেওঁ ২০২০ টকিঅ’ অলিম্পিকত ৮৭.৫৮ মিটাৰ দূৰত্বলৈ জেভলীন দলিয়াই সোণৰ পদক লাভ কৰে। ২০১৮ চনৰ কমনৱেলথ গেমছত তেওঁ দেশৰ পতাকা ধাৰণ কৰিছিল। তেওঁৰ কেৰিয়াৰৰ আৰম্ভণিত, তেওঁ ২০১৬ চনত বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ খিতাপ জয় কৰিছিল আৰু বিশ্বৰ ২০ বছৰৰ তলৰ ৮৬.৪৮ মিটাৰ অভিলেখ গঢ়িছিল। তেওঁ হৈছে জুনিয়ৰ শাখাৰ ট্ৰেক এণ্ড ফিল্ডত বিশ্ব খিতাপ জয় কৰা প্ৰথম ভাৰতীয় খেলুৱৈ। অভিনৱ বিন্দ্ৰাৰ পিছত অলিম্পিকৰ যিকোনো ব্যক্তিগত খেলত সোণৰ পদক জয় কৰা তেওঁ হৈছে দ্বিতীয়জন ভাৰতীয় খেলুৱৈ।
Happy Birthday Neeraj Chopra: শৈশৱত যিয়ে কৰিছিল মেদবহুলতাৰ বাবে ঠাট্টা, আজি কৰে নীৰজৰ প্ৰশংসা! জানক নীৰজ চোপ্ৰাৰ সফলতাৰ আঁৰৰ কাহিনী
নীৰজ চোপ্ৰা এথলেটিকছত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ। ২০২৪ চনত পেৰিছ অলিম্পিকতো ৰূপৰ পদক জয় কৰিছিল জেভেলিন থ্ৰ’ৰ তাৰকা নীৰজ চোপ্ৰাই।
- Barasha Misra
- Updated on: Dec 27, 2024
- 13:28 pm
সামৰণি পৰিল পেৰিছ অলিম্পিকৰঃ কোনকেইগৰাকী ভাৰতীয় খেলুৱৈয়ে জিনিলে পদক, চাওক…
দেওবাৰে নিশা সামৰণি পৰিল পেৰিছ অলিম্পিকৰ। আমেৰিকাই ৪০টা স্বৰ্ণ, ৪৪টা ৰূপ আৰু ৪২টা ব্ৰঞ্জৰ পদকসহ মুঠ ১২৬টা পদক লাভ কৰি পদক তালিকাত শ্ৰেষ্ঠত্ব অৰ্জন কৰে। ইফালে চীনে ৪০টা সোণ, ২৭টা ৰূপ আৰু ২৪টা ব্ৰঞ্জকে ধৰি মুঠ ৯১টা পদকেৰে পদক তালিকাৰ দ্বিতীয় স্থানত থাকে। আনহাতে ভাৰতে এটা ৰূপ আৰু পাঁচটা ব্ৰঞ্জৰ পদকেৰে তালিকাত ৭১ সংখ্যক স্থান লাভ কৰে। পেৰিছলৈ ভাৰতে ১১৭ জনীয়া এটা দল প্ৰেৰণ কৰিছিল। বিগত সংস্কৰণৰ টকিঅ’ অলিম্পিকতকৈ ভাৰতে এইবাৰ অধিক পদক লাভ কৰাৰ আশা কৰাৰ হৈছিল যদিও ৬টা পদকেৰে অভিযান সামৰে ভাৰতীয় দলে। চাওঁ আহক পেৰিছত পদক জয়ী ভাৰতীয় খেলুৱৈ আৰু তেওঁলোকৰ ইভেণ্টসমূহ।
- Monjit Dutta
- Updated on: Aug 12, 2024
- 17:08 pm
নীৰজ চোপ্ৰাৰ হৈছিল এই সমস্যা, এবছৰৰ পৰা ভুগি আছিল যন্ত্ৰণাত, প্ৰকাশ কৰিলে সকলো কথা
নীৰজ চোপ্ৰাই পেৰিছ অলিম্পিক ২০২৪ ত জেভেলিন থ্ৰোৰ ফাইনেলত ৮৯.৪৫ মিটাৰ থ্ৰোৰে ৰূপৰ পদক জিকিছিল। এনেদৰে নীৰজে টকিঅ' অলিম্পিকত খিতাপ ৰক্ষা কৰিব নোৱাৰিলে যদিও এথলেটিকছত একেৰাহে দুটা অলিম্পিকত পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয়।
- Barasha Misra
- Updated on: Aug 10, 2024
- 00:01 am
পেৰিছত ‘গোল্ডেন বয়’ নীৰজ চোপ্ৰাই জিনিলে ৰূপ: প্ৰশংসাত পঞ্চমুখ প্ৰধানমন্ত্ৰী মোদী
প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক এক্সত অভিনন্দন জনাই লিখিছে- "নীৰজ চোপ্ৰা উৎকৃষ্ট ব্যক্তিত্বৰ অধিকাৰী। বাৰে বাৰে তেওঁ নিজৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিছে। ভাৰত সুখী যে তেওঁ আকৌ এবাৰ অলিম্পিকত সফলতা লাভ কৰিছে। ৰূপৰ পদক জয় কৰাৰ বাবে তেওঁক অভিনন্দন জনাইছোঁ।"
- Trishna Kalita
- Updated on: Aug 9, 2024
- 07:25 am
Javelin Throw Final: পেৰিছ অলিম্পিক ভাৰতৰ হৈ প্ৰথমটো ৰূপৰ পদক অৰ্জন নীৰজ চোপ্ৰাৰ! ইতিহাস ৰচি স্বৰ্ণ জয় পাকিস্তানৰ আৰ্শাদ নাদিমৰ
Paris Olympics 2024: স্বৰ্ণ জয়ৰ পৰা এখোজ দূৰত ৰ'লেও তেওঁ অলিম্পিক ইতিহাসত নিজৰ নাম সন্নিবিষ্ট কৰিলে নীৰজ চোপ্ৰাই । ২টা অলিম্পিক পদক জয় কৰা ভাৰতৰ চতুৰ্থজন খেলুৱৈত পৰিণত হ'ল নিৰজ। তেওঁলোকৰ আগতে সুশীল কুমাৰ, পি ভি সিন্ধু আৰু একেখন অলিম্পিকতে মনু ভাকৰে এই আশ্চৰ্যজনক কাম কৰিছিল।
- Trishna Kalita
- Updated on: Aug 9, 2024
- 07:25 am
Neeraj Chopra: কেনেকৈ জেভলীন থ্ৰ’ খেলৰ প্ৰতি আকৰ্ষিত হৈছিল নীৰজ চোপ্ৰা, জানক তেওঁৰ ক্ৰীড়াজগতৰ যাত্ৰাৰ বিষয়ে…
এছিয়ান গেমছ ২০১৮-ত, নীৰজ চোপ্ৰা আৰু অৰশদ নাদিমক একেলগে পোডিয়ামত দেখা গৈছিল, য'ত নীৰজে স্বৰ্ণ জয় কৰিছিল। ইয়াৰ পিছত, টকিঅ' অলিম্পিকত তেওঁলোক দুয়োৰে যুটি আটাইতকৈ বেছি মনোযোগ আকৰ্ষণ কৰিছিল। এইবাৰ পেৰিছ অলিম্পিকৰ ফাইনেলত প্ৰৱেশ নীৰজ চোপ্ৰাৰ।
- Barasha Misra
- Updated on: Aug 6, 2024
- 23:18 pm