
নিৰ্মলা সীতাৰমণ
ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) কৰ্মী। যি বৰ্তমান বিত্ত মন্ত্ৰী আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেওঁ ২০১২ চনৰ পৰা ভাৰতীয় সংসদৰ উচ্চ সদন ৰাজ্যসভাৰ সদস্য হৈ আছে। নিৰ্মলা সীতাৰমণ ভাৰতৰ দ্বিতীয় গৰাকী মহিলা প্ৰতিৰক্ষা মন্ত্ৰী আৰু ইন্দিৰা গান্ধীৰ পিছত দ্বিতীয় গৰাকী মহিলা বিত্ত মন্ত্ৰী। তেওঁ বিত্ত মন্ত্ৰালয়ৰ অধীনত বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী আৰু স্বতন্ত্ৰ দায়িত্বৰে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। তেওঁ আগতে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
নিৰ্মলাৰ জন্ম তামিলনাডুৰ মাদুৰাইত সাবিত্ৰী আৰু নাৰায়ণন সীতাৰমণৰ ঘৰত হৈছিল। তেওঁৰ দেউতাক নাৰায়ণন তিৰুচিৰাপল্লী জিলাৰ মুচুৰীৰ আছিল আৰু তেওঁৰ মাতৃৰ পৰিয়াল তামিলনাডুৰ থিৰুভেনকুডি, থাঞ্জাভুৰ আৰু চালেম জিলাৰ আছিল। ২০১৬ চনৰ ১১ জুনত ৰাজ্যসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ বিজেপিয়ে মনোনীত কৰা ১২ জন প্ৰাৰ্থীৰ ভিতৰত তেওঁ এজন আছিল। তেওঁ কৰ্ণাটকৰ পৰা সফলতাৰে তেওঁৰ আসনত প্ৰতিদ্বন্দিতা কৰিছিল। ২০১৭ চনৰ ৩ ছেপ্টেম্বৰত তেওঁ প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে নিযুক্ত হোৱা ইন্দিৰা গান্ধীৰ দ্বিতীয় গৰাকী মহিলা হয়। ৩১ মে ২০১৯ তাৰিখে, নিৰ্মলা সীতাৰমণক বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়। তেওঁ ভাৰতৰ প্ৰথম পূৰ্ণ-সময়ৰ মহিলা বিত্ত মন্ত্ৰী।
১ এপ্ৰিলৰ পৰা বহু নিয়মেই সলনি হোৱাৰ পথত, জানি লওক সবিশেষ
অহা ১ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব নতুন বিত্তীয় বৰ্ষ । কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে বাজেট ভাষণত ঘোষণা কৰাৰ দৰে এতিয়া নতুন বিত্তীয় বৰ্ষৰ আৰম্ভণিৰ লগে লগে অৰ্থাৎ ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা কেতবোৰ নতুন নিয়ম কাৰ্যকৰী হ'ব । এই পৰিৱৰ্তনত কৰ কৰ্তন (টিডিএছ) আৰু উৎসত কৰ সংগ্ৰহ (টিচিএছ)ৰ বাবেও নতুন নিয়ম অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰ বিষয়ে বিতংভাৱে জানি লওক ।
- Raj Saikia
- Updated on: Mar 20, 2025
- 15:40 pm
ভাৰতৰ অৰ্থনীতি শক্তিশালী, ভয় কৰাৰ প্ৰয়োজন নাই: শ্বেয়াৰ বজাৰৰ অৱনমিত স্থিতিক লৈ ক’লে বিত্তমন্ত্ৰীয়ে…
শ্বেয়াৰ বজাৰত বিক্ৰীৰ সময়ছোৱাই আধিপত্য বিস্তাৰ কৰিছে। শ্বেয়াৰ বজাৰত ধন হেৰুৱাইছে হাজাৰ হাজাৰ কোটি বিনিয়োগকাৰীয়ে। বজাৰত অস্থিৰতাৰ আঁৰৰ কাৰণ হৈছে আমেৰিকাৰ শুল্কৰ ভাবুকি আৰু সোণৰ দাম বৃদ্ধি। ইয়াৰ মাজতে শ্বেয়াৰ বজাৰৰ পৰিস্থিত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।
- Trishna Kalita
- Updated on: Feb 17, 2025
- 20:06 pm
কোনবোৰ আয়ৰ ওপৰত নাথাকিব কৰ? জানক নতুন আয়কৰ বিধেয়ক ২০২৫ৰ নিয়ম…
দেশৰ আয়কৰ আইনত হ'ব ডাঙৰ পৰিৱৰ্তন! চৰকাৰে প্ৰকাশ কৰিছে নতুন আয়কৰ বিধেয়ক-২০২৫ৰ খচৰা। ইয়াত বহু বিধানৰ বিষয়ে আলোচনা কৰা হৈছে। এই প্ৰতিবেদনৰ জৰিয়তে জানো কোনবোৰ আয় আপোনাৰ মুঠ আয়ত গণনা কৰা নহ’ব।
- Trishna Kalita
- Updated on: Feb 13, 2025
- 11:28 am
New Income Tax Bill 2025: নতুন আয়কৰ বিধেয়কৰ পৰা কি লাভ হ’ব সাধাৰণ লোকৰ? বৃদ্ধি হ’ব নেকি কৰৰ বোজা?
২০২৪ চনৰ জুলাই মাহৰ বাজেট দাখিল কৰাৰ সময়ত আয়কৰ আইন পুনৰীক্ষণ কৰি প্ৰয়োজনীয় পৰিৱৰ্তন কৰিবলৈ কয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে । তেওঁ কয় যে নতুন আয়কৰ বিধেয়কখনে কৰ ব্যৱস্থাক অধিক সংক্ষিপ্ত, সহজ আৰু স্বচ্ছ কৰি তুলিব। বুজাত অসুবিধা হোৱাৰ বাবে কৰদাতাসকলে কৰ দিওঁতে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।
- Trishna Kalita
- Updated on: Feb 10, 2025
- 17:24 pm
Old Tax Regime: নতুন নিয়মৰ অধীনত ১২ লাখ টকালৈ কৰ ৰেহাই, বিলুপ্ত হ’ব নেকি পুৰণি কৰ নীতি? কি কয় বিত্তমন্ত্ৰীয়ে…
এতিয়াৰে পৰা বাৰ্ষিক উপাৰ্জন ১২ লাখ টকালৈকে কোনো কৰ নাথাকিব। ইয়াৰ সমান্তৰালকৈ নতুন কৰ ব্যৱস্থাত উপলব্ধ মানক কৰ্তন হৈছে ৭৫ হাজাৰ টকা পৰ্যন্ত। অৱশ্যে, এই সকলো ৰেহাই নতুন কৰ ব্যৱস্থাত পোৱা যাব। যিসকলে নতুন কৰ ব্যৱস্থা অনুসৰি কৰ পৰিশোধ কৰে তেওঁলোকে এই সুবিধা লাভ কৰিব। বিত্তমন্ত্ৰী এই ঘোষণাৰ পিছত এতিয়া বহুতৰ মনত অহা প্ৰশ্নটো হ'ল, আঁতৰাই দিয়া হ'ব নেকি পুৰণি কৰ ব্যৱস্থা?
- Trishna Kalita
- Updated on: Feb 2, 2025
- 19:19 pm
Union Budget 2025: কৃষকলৈ বাজেটে আনিছে সুখৰ বতৰা, জানক কি কি বৃ্হৎ ঘোষণা কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নতুন বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰে। এই সাধাৰণ বাজেটত কেন্দ্ৰীয় চৰকাৰে কৃষক, যুৱক-যুৱতী, মহিলাৰ আৰু দৰিদ্ৰ লোকসকলৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰিছে। এই বাজেটৰ কেন্দ্ৰবিন্দু হৈছে 'GYAN' অৰ্থাৎ দৰিদ্ৰ শ্ৰেণীৰ লোক, যুৱক-যুৱতী, কৃষক আৰু মহিলা শক্তি
- Barasha Misra
- Updated on: Feb 1, 2025
- 23:03 pm
Budget 2025: মধ্যবিত্ত শ্ৰেণীলৈ ডাঙৰ সকাহ! ১২.৭৫ লাখ টকা পৰ্যন্ত দিব নালাগে কৰ
মধ্যবিত্ত শ্ৰেণীৰ ওপৰত গুৰুত্ব দি ২০২৫ চনৰ বাজেটত আয়কৰৰ ক্ষেত্ৰত সকাহ প্ৰদান কৰিছে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে। এতিয়া দেশত ১২ লাখ টকালৈকে উপাৰ্জন কৰাসকলে দিব নালাগে কৰ। ইয়াৰ উপৰিও, মধ্যবিত্ত শ্ৰেণীয়ে ৭৫,০০০ টকাৰ মানক কৰ্তনৰ দ্বাৰাও লাভান্বিত হ'ব।
- Trishna Kalita
- Updated on: Feb 1, 2025
- 22:08 pm
Budget 2025: যুৱশক্তি আৰু মহিলাৰ বাবে কি কি ডাঙৰ ঘোষণা কৰিলে বিত্তমন্ত্ৰীয়ে?
সংসদত একেৰাহে অষ্টম বাজেট উপস্থাপন কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে । বিত্তমন্ত্ৰীয়ে যুৱসকলৰ বাবে IITৰ ৬,৫০০ শিক্ষাৰ্থীৰ বাবে নতুন আসন ঘোষণা কৰে। বিত্তমন্ত্ৰীয়ে গিগ শ্ৰমিকসকলৰ বাবে বহুতো ভাল খবৰ অন্তৰ্ভুক্ত কৰিছে। ...
- Trishna Kalita
- Updated on: Feb 1, 2025
- 21:52 pm
এয়া নামৰূপ সাৰ কাৰখানাক লৈ বিত্তমন্ত্ৰীৰ জীয়া ফাঁকি: বাজেটক লৈ অসন্তুষ্ট অসম জাতীয় পৰিষদ
নামৰূপ সাৰ কাৰখানাক লৈ বিত্তমন্ত্ৰীয়ে কৰা ঘোষণাৰ পাছত আৰম্ভ হৈছে প্ৰতিক্ৰিয়া। বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম জাতীয় পৰিষদে কেন্দ্ৰীয় বাজেটক হতাশাজনক, বিহাৰমুখী, পুঁজিপতিক সন্তুষ্ট কৰা বাজেট আখ্যা দিয়ে। নামৰূপ সাৰ কাৰখানাক লৈ বিত্তমন্ত্ৰীৰ জীয়া ফাঁকি বুলি উল্লেখ কৰাৰ লগতে বাজেট ধাৰ্য্য নকৰাকৈয়ে নতুন গোট স্থাপনৰ ঘোষণাক সমালোচনা কৰে দলটোৱে। ইয়াৰ উপৰিও এয়া চতুৰ্থবাৰৰ বাবে কেন্দ্ৰৰ প্ৰতাৰণা বুলি উল্লেখ কৰে।
- Trishna Kalita
- Updated on: Feb 1, 2025
- 20:44 pm
চৰকাৰী চিকিৎসালয়ত স্থাপন কৰা হ’ব কৰ্কট কেন্দ্ৰ: স্বাস্থ্যখণ্ডক লৈ বাজেটত ডাঙৰ ঘোষণা…
Budget 2025 : আজি সংসদত অষ্টমখন বাজেট দাখিল কৰি স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰত ডাঙৰ ঘোষণা কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। সেয়া হৈছে কৰ্কট ৰোগ নিৰাময়ৰ ওপৰত গুৰুত্ব দিয়া। কেন্দ্ৰীয় বাজেটত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে দেশৰ প্ৰতিখন জিলাতে কৰ্কট ৰোগ কেন্দ্ৰ স্থাপন কৰা হ'ব।
- Trishna Kalita
- Updated on: Feb 1, 2025
- 19:49 pm
Budget 2025: বাজেটত অসমৰ বাবে ভাল খবৰ, নামৰূপ সাৰ কাৰখানাত স্থাপন হ’ব ইউৰিয়া প্ৰকল্প
নামৰূপ সাৰ কাৰখানাৰ বাবে কেন্দ্ৰীয় বাজেটত বৃহৎ ঘোষণা। কাৰখানাটোক লৈ লোৱা সিদ্ধান্তৰ পিছতে প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক সামাজিক মাধ্যমৰ জৰিয়তে ধন্যবাদ জনাইছে মুখ্য়মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
- Barasha Misra
- Updated on: Feb 1, 2025
- 18:37 pm
Budget 2025: পিএম ৰিচাৰ্ছ ফেল’শ্বিপ কি, কোনে আৰু কিমান ধন লাভ কৰে ইয়াৰ অধীনত ? জানিলওক সবিশেষ
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ভাষণত ঘোষণা কৰে যে কাৰিকৰী গৱেষণাক আগুৱাই নিয়াৰ বাবে অহা ৫ বৰ্ষত প্ৰধানমন্ত্ৰী গৱেষণা ফেল'শ্বিপ যোজনাৰ অধীনত ১০০০০ নতুন ফেল'শ্বিপ দিয়া হ'ব । এইখিনিতে জানো আহক প্ৰধানমন্ত্ৰী গৱেষণা ফেল'শ্বিপ (PM Research Fellowship) যোজনাৰ দ্বাৰা কোনে আৰু কিমান ধন পাব ।
- Raj Saikia
- Updated on: Feb 1, 2025
- 16:04 pm
Budget-2025: বাজেটে আপোনাক কি কি দিলে? ২০টা পইণ্টত সবিশেষ জানক…
শনিবাৰে বাজেট উপস্থাপন কৰে বিত্তমন্ত্ৰীয়ে। তেওঁ মধ্যবিত্ত শ্ৰেণীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। কৃষকসকলকো দিয়া হৈছে কেইবাটাও উপহাৰ। অসমৰ বাবেও ঘোষণা কৰা হৈছে বাজেটত। কৰদাতাসকলক দিয়া হৈছে আটাইতকৈ ডাঙৰ সকাহ । এতিয়া ১২ লাখ লৈকে উপাৰ্জনৰ ওপৰত কোনো কৰ নাথাকিব।
- Trishna Kalita
- Updated on: Feb 1, 2025
- 17:26 pm
Budget 2025: মেডিকেল কলেজৰ আসনৰ পৰা AI লৈ…শিক্ষাখণ্ডৰ বাবে কি কি আছে সীতাৰমণৰ বাজেটত?
আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম পূৰ্ণাংগ বাজেট (Budget 2025-26) উপস্থাপন কৰে। য'ত দেশৰ শিক্ষা খণ্ডৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা অন্তৰ্ভুক্ত আছে। বিত্ত মন্ত্ৰীয়ে ঘোষণা কৰে যে আৰু ১০,০০০ চিকিৎসা আসন যোগ কৰা হ'ব।
- Trishna Kalita
- Updated on: Feb 1, 2025
- 14:30 pm
New Tax Regime vs Old Tax: নতুন কৰ ব্যৱস্থাৰ স্লেবতকৈ কিমান পৃথক পুৰণি কৰ ব্যৱস্থাৰ স্লেব?
New Tax Regime vs Old Tax Regime: নতুন স্লেব অনুসৰি ১২ লাখ টকা পৰ্যন্ত আয়ৰ ওপৰত কৰ বাতিল কৰা হৈছে। কিন্তু পুৰণি কৰ ব্যৱস্থাৰ কোনো পৰিৱৰ্তন হোৱা নাই। আজি জানক নতুন কৰ ব্যৱস্থা আৰু পুৰণি কৰ ব্যৱস্থাৰ মাজৰ পাৰ্থক্য।
- Barasha Misra
- Updated on: Feb 1, 2025
- 14:45 pm