
ওড়িশা
ওড়িশা ভাৰতৰ পূৱ প্ৰান্তৰ এখন ৰাজ্য। এই ৰাজ্য পৰ্যটনৰ সুব্যৱস্থাৰ বাবে জনা যায়। ৰাজ্যখনৰ ৰাজধানী ভুবনেশ্বৰক চিটি অৱ টেম্পলচ্ বা মন্দিৰৰ নগৰ বোলা হয়। ওড়িশাক আগতে অসমীয়া ভাষাত “উৰিষ্যা” বুলি লিখা হৈছিল।
ৰাজ্যখনৰ কাষৰীয়া ৰাজ্য পশ্চিমবঙ্গ, ঝাৰখণ্ড, ছত্তীছগঢ় আৰু অন্ধ্ৰ প্ৰদেশ আছে। ৰাজ্যখনৰ সোঁফালে বঙ্গোপসাগৰ আছে। ওড়িশাৰ ৰাজ্য ভাষা হৈছে ওড়িয়া। অসমীয়া আৰু বাংলা ভাষাৰ লগত ভাষাটোৰ যথেষ্ট মিল আছে। এই ভাষাটো প্ৰায় ৩ কোটি ১০ লাখ (১৯৯৬ চনৰ হিচাব অনুযায়ী) লোকৰ মাতৃভাষা, যাৰ ভিতৰত অধিকাংশই ওড়িশা ৰাজ্যৰ অধিবাসী। ইয়াৰ উপৰিও পশ্চিমবঙ্গ আৰু ঝাড়খণ্ড ৰাজ্যতো উড়িয়া ভাষা প্ৰচলিত। উড়িয়া ভাৰতৰ ২২টা স্বীকৃতিপ্ৰাপ্ত ভাষাৰ মাজত এটা; ই উৰিষ্যাৰ চৰকাৰী ভাষা আৰু ঝাৰখণ্ডৰ দ্বিতীয় চৰকাৰী ভাষা।
Cyclone Dana: ১২০ কিলোমিটাৰ গতিবেগ, প্ৰচণ্ড বৰষুণ, উভালি পৰিছে গছ… বিধ্বংসী ৰূপ ধাৰণ কৰিছে ‘ডানা’ই
Cyclone Dana: ওড়িশা আৰু পশ্চিমবংগৰ উপকূলত খুন্দা মৰাৰ পিছত এতিয়া ‘ডানা’ই বিধ্বংসী ৰূপ ধাৰণ কৰিছে। প্ৰচণ্ড বতাহ বলিছে, ধাৰাসাৰ বৰষুণ দি আছে। ইয়াৰ বাবে বহু ঠাইত ৰাস্তাতে উভালি পৰিছে গছ। ভূমিস্খলনৰ বাবে বহু স্থানত বাট-পথ বিচ্ছিন্ন হৈছে।
- Barasha Misra
- Updated on: Oct 25, 2024
- 07:49 am
Cyclone Dana: ওড়িশাত বৰষুণ, পশ্চিমবংগত ধুমুহা আৰু বিমানবন্দৰ বন্ধ…প্ৰভাৱ দেখিবলৈ আৰম্ভ কৰিছে ‘ডানা’ৰ
পশ্চিমবংগৰ উপসাগৰৰ পৰা উদ্ভৱ হোৱা ঘূৰ্ণীবতাহ ধুমুহা ‘ডানা’ই প্ৰভাৱ দেখুৱাবলৈ আৰম্ভ কৰিছে। ওড়িশাত প্ৰচণ্ড বৰষুণ দি থকাৰ সময়তে পশ্চিম বংগতো ধুমুহা আহিবলৈ আৰম্ভ কৰিছে। ঘূৰ্ণীবতাহ ধুমুহা ‘ডানা’ৰ গতিবেগ প্ৰতি ঘণ্টাত ১২০ কিলোমিটাৰ হ’ব পাৰে। শুকুৰবাৰে পুৱা ওড়িশা আৰু বংগৰ উপকূলত আঘাত হানিব পাৰে। এই কথা মনত ৰাখি NDRF আৰু SDRFৰ দল নিয়োগ কৰা হৈছে।
- Barasha Misra
- Updated on: Oct 24, 2024
- 22:45 pm
Cyclone Dana: ভক্তৰ বাবে বন্ধ থাকিব জগন্নাথ মন্দিৰ, জানক ‘ডানা’ৰ প্ৰভাৱৰ বিষয়ে…
‘ডানা’ৰ প্ৰভাৱ আৰম্ভ হৈছে। যাৰ বাবে ভক্তসকলক পুৰীৰ জগন্নাথ মন্দিৰ দৰ্শন নকৰিবলৈ পৰামৰ্শ দিছে। শুকুৰবাৰে পুৱা ওড়িশা আৰু বংগত ঘূৰ্ণীবতাহৰ ধুমুহাৰ প্ৰচণ্ড প্ৰভাৱ দেখা গৈছে।
- Barasha Misra
- Updated on: Oct 24, 2024
- 18:52 pm
Cyclone Dana: ‘ডানা’ৰ পৰা আপুনি কেনেকৈ সুৰক্ষিত হৈ থাকিব? জানক সবিশেষ
বৰষুণৰ বাবে আজি কমলা ৰঙৰ সতৰ্কতা আৰু কাইলৈ কলকাতাকে ধৰি আশে-পাশে থকা জিলাসমূহৰ বাবে ৰঙা সতৰ্কতাবাণী জাৰি কৰিছে। এই সময়ত আতংকিত নহয়, কেনেকৈ সাৱধানেৰে থাকিব জানক।
- Barasha Misra
- Updated on: Oct 24, 2024
- 17:23 pm
Cyclone Dana Update: তীব্ৰ গতিৰে আগবাঢ়িছে ‘ডানা’! অসমত কেতিয়া আৰু কোন কোন জিলাত পৰিব ইয়াৰ প্ৰভাৱ?
শেহতীয়া আপডেট অনুসৰি, কলকাতা আৰু ইয়াৰ কাষৰীয়া জিলাবোৰত কম সময়ৰ ভিতৰতে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। দুপৰীয়াৰ পৰা আবেলিৰ ভিতৰত সৰ্বাধিক ৪০ কিলোমিটাৰ গতিৰে ধুমুহা অহাৰ আশংকা প্ৰকাশ কৰা হৈছে। 'ডানা'ৰ ক্ষয়ক্ষতি ৰোধৰ বাবে বিভিন্ন সতর্কতামূলক ব্যৱস্থা লোৱা হৈছে পশ্চিমবংগত। জনাসাধাৰণৰ সুবিধাৰ বাবে সাজু কৰি তোলা হৈছে নিয়ন্ত্ৰণ কক্ষ।
- Trishna Kalita
- Updated on: Oct 24, 2024
- 17:23 pm