
অলিম্পিক
অলিম্পিক গেমছৰ ইতিহাস বহুপুৰণি। প্ৰাচীন কালত গ্ৰীচৰ ৰাজধানী এথেন্সত ১৮৯৬ চনত অলিম্পিক পৰ্বতত খেলা হোৱাৰ বাবে খেলখনক অলিম্পিক নাম দিয়া হৈছিল। সমগ্ৰ বিশ্বতে মুখ্যতঃ চাৰি প্ৰকাৰৰ অলিম্পিক ক্ৰীড়া আছে। যাৰ ভিতৰত আছে গ্ৰীষ্মকালীন অলিম্পিক, শীতকালীন অলিম্পিক, পেৰালিম্পিক আৰু যুৱ অলিম্পিক ক্ৰীড়া।
ইয়াৰ উদ্দেশ্য শান্তি আৰু ঐক্যৰ প্ৰচাৰ। অলিম্পিক গেমছে বিভিন্ন ৰাষ্ট্ৰীয়তা আৰু সংস্কৃতিৰ লোকসকলক একত্ৰিত কৰা আৰু ক্ৰীড়াৰ জৰিয়তে শান্তি আৰু ঐক্য বৃদ্ধি কৰা। পাঁচটা ৰঙৰ আঙঠিৰে গঠিত অলিম্পিক পতাকাখনে সংহতিৰ প্ৰতীক হৈ বিশ্বৰ পাঁচখন মহাদেশক প্ৰতিনিধিত্ব কৰে।
Imane khelif: অলিম্পিকত স্বৰ্ণ পদত লাভ কৰা ইমানে খলিফৰ দেহত অণ্ডকোষ আৰু XY ক্ৰম’জমৰ উপস্থিতি…
Imane khelif: অলিম্পিক পদক বিজয়ী ইমানে খেলিফাৰ লিংগ সন্দৰ্ভত এক ডাঙৰ তথ্য পোহৰলৈ আহিছে। পেৰিছ অলিম্পিকৰ সময়ত লিংগ বিতৰ্কত নাম সাঙোৰ খাইছিল ইমানে খালিফাৰ। অভিযোগ কৰা হৈছিল ইমানে খালিফা বায়লজিকেল পুৰুষ।
- Barasha Sarma
- Updated on: Nov 5, 2024
- 11:18 am
অলিম্পিক জয়ৰ স্বপ্ন সামৰি স্বগৃহত উপস্থিত বিনেশ ফ’গাট! কন্যাক সাৱটি উচুপি উঠিল মাতৃ
বিনেশ ফ'গাটে পেৰিছ অলিম্পিক ২০২৪ৰ ফাইনেলত প্ৰৱেশ কৰিছিল। কিন্তু ১০০ গ্ৰামৰ ওজনৰ বাবে ফ'গাট অযোগ্য ঘোষণা কৰা হৈছিল। ইয়াৰ বিৰুদ্ধে তেওঁ CASত আপীল কৰিছিল আৰু ৰূপৰ পদক দাবী কৰিছিল কিন্তু তাত সিদ্ধান্তটো বিনেশৰ বিৰুদ্ধে গৈছিল।
- Trishna Kalita
- Updated on: Aug 17, 2024
- 15:02 pm
অলিম্পিক পদক বিজয়ী মনু ভাকৰক গামোচাৰে সম্বৰ্ধনা জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে, প্ৰদান কৰিলে ১০ লাখ টকাৰ চেক
মনু ভাকৰে কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ উপস্থিতিত যুৱ নাবিকসকলৰ সৈতে বাৰ্তালাপ কৰে। শ্বুটাৰগৰাকীয়ে উল্লেখ কৰে যে কেনেদৰে তেওঁ মার্চেন্ট নেভীৰ অভিযন্তাৰ পৰিয়ালত ডাঙৰ-দীঘল হৈ অনুশাসন, নিষ্ঠা আৰু মনোযোগেৰে জীৱন বাটত অগ্ৰসৰ হৈছিল। সোণোৱালে ভাকাৰৰ মাক সুমেধা ভাকৰে আৰু তেওঁৰ দেউতাক ৰাম কিষাণ ভাকৰেকো সম্বৰ্ধনা জনায়।
- Trishna Kalita
- Updated on: Aug 17, 2024
- 11:34 am
প্ৰধানমন্ত্ৰীক সাক্ষাৎ পেৰিছ অলিম্পিকত অংশ লোৱা ভাৰতীয় খেলুৱৈৰঃ প্ৰদান কৰিলে এইসমূহ উপহাৰ
আজি দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈসকলক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী বাসভৱনত আতিথ্য প্ৰদান কৰে। পেৰিছত ইতিহাস সৃষ্টিকাৰী তাৰকা শ্বুটাৰ মনু ভাকৰ, ভাৰতীয় হকী দলৰ লগতে অন্যান্য খেলুৱৈসকল প্ৰধানমন্ত্ৰী বাসভৱনত উপস্থিত থাকে।
- Monjit Dutta
- Updated on: Aug 15, 2024
- 20:59 pm
মেৰী কমৰ পাছত বিনেশ ফ’গাটৰ চৰিত্ৰত অভিনয় কৰিব প্ৰিয়ংকা চোপ্ৰাই! ভাইৰেল হৈ পৰিছে Dangal 2ৰ পোষ্টাৰ
পদকৰ বাবে দীঘলীয়া যুঁজ কৰিবলগীয়া হৈছে বিনেশ ফ'গাটে । বিনেশ ফ'গাটে পেৰিছ অলিম্পিকত মল্লযুঁজৰ ৫০ কিলোগ্ৰাম ফ্ৰীষ্টাইল ইভেণ্টত অৱতীৰ্ণ হৈছিল। কিন্তু চূড়ান্ত ৰাউণ্ডৰ আগতে তেওঁ অযোগ্য ঘোষণা কৰা হৈছিল। ইয়াৰ বাবে CASত এটা গোচৰ ৰুজু কৰা হৈছে। যাৰ ওপৰত ১৬ আগষ্টত ৰায়দান হ'ব। ইফালে অনুৰাগীসকলে তেওঁৰ ওপৰত Dangal 2 বনাবলৈ দাবী জনাইছে। ইয়াৰ মাজতে ভাইৰেল হৈছে এখন পোষ্টাৰ, ইয়াৰ সত্যতা কি? জানক
- Trishna Kalita
- Updated on: Aug 14, 2024
- 18:15 pm
সামৰণি পৰিল পেৰিছ অলিম্পিকৰঃ কোনকেইগৰাকী ভাৰতীয় খেলুৱৈয়ে জিনিলে পদক, চাওক…
দেওবাৰে নিশা সামৰণি পৰিল পেৰিছ অলিম্পিকৰ। আমেৰিকাই ৪০টা স্বৰ্ণ, ৪৪টা ৰূপ আৰু ৪২টা ব্ৰঞ্জৰ পদকসহ মুঠ ১২৬টা পদক লাভ কৰি পদক তালিকাত শ্ৰেষ্ঠত্ব অৰ্জন কৰে। ইফালে চীনে ৪০টা সোণ, ২৭টা ৰূপ আৰু ২৪টা ব্ৰঞ্জকে ধৰি মুঠ ৯১টা পদকেৰে পদক তালিকাৰ দ্বিতীয় স্থানত থাকে। আনহাতে ভাৰতে এটা ৰূপ আৰু পাঁচটা ব্ৰঞ্জৰ পদকেৰে তালিকাত ৭১ সংখ্যক স্থান লাভ কৰে। পেৰিছলৈ ভাৰতে ১১৭ জনীয়া এটা দল প্ৰেৰণ কৰিছিল। বিগত সংস্কৰণৰ টকিঅ’ অলিম্পিকতকৈ ভাৰতে এইবাৰ অধিক পদক লাভ কৰাৰ আশা কৰাৰ হৈছিল যদিও ৬টা পদকেৰে অভিযান সামৰে ভাৰতীয় দলে। চাওঁ আহক পেৰিছত পদক জয়ী ভাৰতীয় খেলুৱৈ আৰু তেওঁলোকৰ ইভেণ্টসমূহ।
- Monjit Dutta
- Updated on: Aug 12, 2024
- 17:08 pm
সামৰণি পৰিল পেৰিছ অলিম্পিকৰঃ সামৰণি পেৰেডত ভাৰতৰ পতাকা কঢ়িয়ালে মনু-শ্ৰীজেশে
প্ৰায় তিনি সপ্তাহজোৰা সূচীৰ অন্তত দেওবাৰে নিশা পেৰিছত সামৰণি পৰিল দ্য গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ- অলিম্পিকৰ। পেৰিছৰ ষ্টেড ডি ফ্ৰান্স ষ্টেডিয়ামত বৰ্ণিল কাৰ্যসূচীৰে এই ক্ৰীড়া মহাৰোহৰ সামৰণি পৰে। এই অনুষ্ঠানত অলিম্পিকত অংশগ্ৰহণকাৰী দেশসমূহৰ দ্বাৰা হোৱা সামৰণি পেৰেডত ভাৰতীয় দলৰ ধ্বজাবাহী হিচাপে দেখা যায় মনু ভাকৰ আৰু শ্ৰীজেশক।
- Monjit Dutta
- Updated on: Aug 12, 2024
- 08:59 am
৪৭০ কোটি ব্যয়! ভাৰতৰ কোনগৰাকী খেলুৱৈৰ লগত কিমান টকা খৰচ কৰিলে চৰকাৰে?
লক্ষ্য সেন, পি ভি সিন্ধুকে ধৰি বেডমিন্টনৰ খেলুৱৈসকলৰ বাবে মুঠ ৭২.০৩ কোটি টকা ব্যয় কৰা হৈছিল। অৱশ্যে বেডমিন্টনত কোনোৱে পদক লাভ কৰিব নোৱাৰিলে।
- Barasha Sarma
- Updated on: Aug 11, 2024
- 18:31 pm
পুৰুষ বুলি অপমানঃ ঘৃণা বিয়পোৱা সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ ইমান খেলিফৰ
তেওঁৰ প্ৰতিদ্বন্দ্বীগৰাকীয়ে পৰাজয় গ্ৰহণ কৰাৰ পাছতে সংবাদ মাধ্যমৰ আগত কান্দি কান্দি কেতবোৰ মন্তব্য কৰিছিল। এনেবোৰ কাৰণতে বিভিন্নজনে ইমান খেলিফক পুৰুষ বুলি ট্ৰল কৰিছিল।
- Barasha Sarma
- Updated on: Aug 11, 2024
- 16:18 pm
ইতিহাস সৃষ্টিকাৰী নদীমলৈ পাকিস্তানৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান
পেৰিছ অলিম্পিকত ঐতিহাসিক স্বৰ্ণ জয়ৰ পিছত পাকিস্তানৰ তাৰকা আৰ্শদ নদীম স্বদেশত উপস্থিত হৈছে। নদীমে স্বদেশত অৱতৰণ কৰাৰ পূৰ্বেই পাকিস্তান চৰকাৰে তাৰকাগৰাকীক দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘হিলাল-ই-পাকিস্তান’ - ৰে সন্মানিত কৰিছে। এই গুৰুত্বপূৰ্ণ সন্মানেৰে সন্মানিত হোৱা দেশৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে নদীম।
- Monjit Dutta
- Updated on: Aug 11, 2024
- 15:30 pm
ৱিনেশৰ গতিয়েই হ’ল হয় অমনৰ গতি! কিদৰে ১০ ঘণ্টাত ৪.৫ কিলো হ্ৰাস কৰিলে ব্ৰঞ্জ জয়ী অমনে?
ৱিনেশৰ দৰেই হয়তো অধিক ওজনৰ বাবে অযোগ্য ঘোষিত হৈ অলিম্পিক পদকৰ পৰা বঞ্চিত হ’লহেঁতেন অমন। কিন্তু অশেষ কষ্ট আৰু একাগ্ৰতাৰে এই বাধা অতিক্ৰম কৰে অমন আৰু তেওঁৰ প্ৰশিক্ষক তথা সহায়ক দলটোৱে। এই অসামান্য কষ্টৰ সুবাদতে শুকুৰবাৰে পেৰিছ অলিম্পিকত ব্ৰঞ্জ জয়েৰে দেশবাসীক গোৰৱান্বিত কৰি তোলে অমনে।
- Monjit Dutta
- Updated on: Aug 10, 2024
- 11:47 am
মল্লযুঁজত অব্যাহত ভাৰতৰ সফলতাৰ ধাৰাঃ ইতিহাস ৰচি পেৰিছত ব্ৰঞ্জ জয় অমনৰ
ব্ৰঞ্জৰ পদকৰ মেচত প’ৱেৰ্ট’ ৰিকোৰ প্ৰতিদ্বন্দী ডেৰিয়ান ট্ৰয় ক্ৰুজক একপক্ষীয়ভাৱে ১৩-৫ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে অমনে আৰু এইদৰে পেৰিছ অলিম্পিকত ভাৰতৰ পদকৰ সংখ্যা ছয়টালৈ বৃদ্ধি কৰে। যুৱ তাৰকাগৰাকীয়ে লগতে অলিম্পিকত ব্যক্তিগত ইভেণ্টত পদক লাভ কৰা আটাইতকৈ কনিষ্ঠ ভাৰতীয় হিচাপে আন এক ইতিহাস ৰচনা কৰে।
- Monjit Dutta
- Updated on: Aug 10, 2024
- 06:22 am
পেৰিছৰ ঐতিহাসিক সাফল্যই জীৱন সলাইছে ‘পকা মিস্ত্ৰীৰ পুত্ৰ’ নদীমৰঃ বৈছে পুৰস্কাৰৰ বন্যা
চলিত পেৰিছ অলিম্পিকত বৃ্হস্পতিবাৰে নদীমে ৯২.৯৭ মিটাৰ জেভেলিন নিক্ষেপ কৰি ভংগ কৰে অলিম্পিকৰ পূৰ্বৰ সকলো অভিলেখ। ব্যক্তিগত ইভেণ্টত স্বৰ্ণ জয়ী প্ৰথমগৰাকী পাকিস্তানী খেলুৱৈ হিচাপে সৃষ্টি কৰে ইতিহাসৰ। প্ৰিয় খেলবিধৰ মূল সমল জেভলিনডালেই ক্ৰয় কৰিবলৈ এসময়ত অনুৰাগীৰ ওচৰত সহায়ৰ বাবে হাত পতা এই তাৰকাগৰাকীৰ শিৰত বৈছে এতিয়া উপহাৰৰ বন্যা।
- Monjit Dutta
- Updated on: Aug 9, 2024
- 21:36 pm
আৰ্থিক দৈন্যতা নেওচি অলিম্পিক ব্ৰঞ্জ জয়লৈ! কিদৰে ‘পৰমানন্দ’ৰ হাতত ঘূৰিছিল ললিতৰ ভাগ্যৰ চকৰী..
পেৰিছত ব্ৰঞ্জ জয়ী ভাৰতীয় হকী দলৰ অংশ হিচাপে ললিত আজি দেশবাসীৰ পৰিচিত মুখ হৈ পৰিছে। পিছে এই সফলতাৰ পথত তেওঁ এৰি আহিছে এক কঠিন অতীত। হকীৰ প্ৰতি ধাউতি থাকিলেও ললিতৰ বাবে সেই ইচ্ছা পূৰণৰ ক্ষেত্ৰত আছিল যথেষ্ট জটিলতা। হকীৰ ষ্টিক ক্ৰয় কৰিব পৰাকৈও স্বচ্ছল নাছিল ললিতৰ পৰিয়ালৰ আৰ্থিক অৱস্থা।
- Monjit Dutta
- Updated on: Aug 9, 2024
- 17:57 pm
পেৰিছত ‘গোল্ডেন বয়’ নীৰজ চোপ্ৰাই জিনিলে ৰূপ: প্ৰশংসাত পঞ্চমুখ প্ৰধানমন্ত্ৰী মোদী
প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক এক্সত অভিনন্দন জনাই লিখিছে- "নীৰজ চোপ্ৰা উৎকৃষ্ট ব্যক্তিত্বৰ অধিকাৰী। বাৰে বাৰে তেওঁ নিজৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিছে। ভাৰত সুখী যে তেওঁ আকৌ এবাৰ অলিম্পিকত সফলতা লাভ কৰিছে। ৰূপৰ পদক জয় কৰাৰ বাবে তেওঁক অভিনন্দন জনাইছোঁ।"
- Trishna Kalita
- Updated on: Aug 9, 2024
- 07:25 am