শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
পহলগাম আক্ৰমণ

পহলগাম আক্ৰমণ

২২ এপ্ৰিল, ২০২৫ ত পহলগামত সংঘটিত হয় ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা। এই ঘটনাত প্ৰায় ২৬ জনলোকে মৃত্যুক সাৱতি লয়।

পহলগাম জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত অৱস্থিত। প্ৰাকৃতিক সৌন্দৰ্য আৰু ধৰ্মীয় দিশৰ পৰা এই ঠাইৰ বিশেষ গুৰুত্ব আছে। প্ৰতিবছৰে লাখ লাখ পৰ্যটক পহলগামত উপস্থিত হয়।

স্থানীয় কাশ্মীৰী খাদ্য আৰু হস্তশিল্পৰ সামগ্ৰীও পহলগামত বিখ্যাত। কাশ্মীৰৰ বিখ্যাত চাদৰ, কাশ্মীৰী হস্তশিল্প আৰু মৌ ইত্যাদি ইয়াৰ বজাৰত ক্ৰয় কৰিব পাৰি।  মুঠতে পৰ্যটনৰ ক্ষেত্ৰৰ পৰা পহলগাম অতি চহকী।

কিন্তু বৰ্তমান পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ বাবে চৰ্চাত আছে। তদন্তকাৰী সংস্থাসমূহে ইয়াৰ বিৰুদ্ধে আৰম্ভ কৰিছে অভিযান।

Read More

কাশ্মীৰত আবদ্ধ পৰ্যটকৰ বাবে বিমান ভাৰা বৃদ্ধি নকৰিবলৈ নিৰ্দেশ, ৬ ঘণ্টাত কাশ্মীৰ এৰিলে ৩৩৩৭ গৰাকী লোকে

"শ্ৰীনগৰৰ পৰা অহা পৰ্যটকৰ নিৰাপদ যাত্ৰা নিশ্চিত কৰাৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আছো । বিমান কোম্পানীসমূহক কোনো ধৰণৰ ভাড়া বৃদ্ধিৰ পৰা বিৰত থাকিবলৈ কঠোৰ নিৰ্দেশনা দিয়া হৈছে । ভাড়া নিৰীক্ষণ কৰা হৈছে আৰু যুক্তিসংগত স্তৰত ৰখা হৈছে ।" অসামৰিক বিমান পৰিবহন মন্ত্ৰীৰ ভাষ্য ।

ভাৰতক কোনে কৰিব সমৰ্থন? পহলগাম আক্ৰমণৰ পাছত সহায়ৰ বাবে আগবাঢ়ি আহিল এইসমূহ দেশ…

Pahalgam terror attack: প্ৰায় সমগ্ৰ বিশ্বই পহলগাম কাণ্ডৰ ওপৰত গৰিহনা দিছে। ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰায় ২৬ জন লোকৰ মৃত্যু হৈছিল। এই সময়ত ভাৰতৰ সৈতে থিয় দিছে বিশ্বৰ বহু দেশ।

Pahalgam Attack: সন্ত্ৰাসবাদীক ৰেহাই দিয়া নহয়… পহলগাম আক্ৰমণক লৈ বলীউডতো ক্ষোভৰ জোৱাৰ!

Bollywood Celebs On Pahalgam Attack: কেৱল বলীউডেই নহয়, ভাৰতীয় চলচ্চিত্ৰ জগতৰ বহু তাৰকাই পহলগামত সংঘটিত হোৱা আক্ৰমণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এতিয়া এই তালিকাত জাভেদ আখতাৰ আৰু আলিয়া ভাটৰ নামো সংযোজন হৈছে। এই আক্ৰমণত নিহত হোৱা নিৰীহ লোকক আলিয়া ভাটে শ্ৰদ্ধাঞ্জলি জনোৱাৰ বিপৰীতে জাভেদ আখতাৰে এই আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দিছে।

সেনা বা আৰক্ষীয়ে সেই সময়ত প্ৰত্যুত্তৰ দিবলৈ সুযোগ নাপাব, নিশ্চিত আছিল আক্ৰমণকাৰী! কেনেদৰে হৈছিল পহলগামৰ নৰমেধ? Exclusive প্ৰতিবেদন

প্ৰায় ২০ মিনিট ধৰি এই হত্যালীলা অব্যাহত থাকে । গুলীচালনা হৈছিল । কাশ্মীৰ উপত্যকাত বহু দূৰলৈকে বন্দুকৰ গুলীৰ শব্দ শুনা গৈছিল । কিন্তু তাৰপাছতো সন্ত্ৰাসবাদীয়ে নিজৰ ‘মিছন’ নিৰ্বিঘ্নে সফল কৰে । মিছন শেষ কৰি তেওঁলোকে এটা নিৰ্দিষ্ট পথেৰে আঁতৰি গুচি যায় ।

Pahalgam terror attack: কাশ্মীৰৰ বাতৰি কাকতত ক’লা ৰং! প্ৰতিবাদী ভাষাৰে ক’লে-এই আক্ৰমণ কাশ্মীৰৰ পৰিচয় আৰু মূল্যবোধত

Pahalgam terror attack: পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণে জোকাৰি গৈছে সমগ্ৰ বিশ্ব। এই ঘটনাৰ প্ৰতিবাদ কাশ্মীৰৰ বাতৰি কাকতসমূহেও কৰে। এই কাণ্ডৰ প্ৰতিবাদত বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাটো ক'লা ৰঙেৰে প্ৰকাশ কৰে।

পহলগাম আক্ৰমণত জড়িত এটা সন্ত্ৰাসবাদীক চিনাক্ত, কিছুদিন পূৰ্বে পাকিস্তানৰ পৰা উভতি আহিছিল কাশ্মীৰলৈ

পহলগামত পৰ্যটকৰ ওপৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত জড়িত দুটা সন্ত্ৰাসবাদী আছিল কাশ্মীৰৰ স্থানীয় বাসিন্দা । বিশেষ সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য । এই আক্ৰমণৰ তদন্তৰ দায়িত্ব এনআইএই লোৱাৰ সম্ভাৱনা আছে ।

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ সাজু ভাৰত! শংকাত ভুগিছে পাকিস্তান

ফ্লাইট ৰাডাৰ 24 ত লিপিবদ্ধ হোৱা তথ্য অনুসৰি পহলগাম আক্ৰমণৰ লগে লগে ৰাৱালপিণ্ডি আৰু লাহোৰৰ পৰা সেনাৰ দুখন যুঁজাৰু বিমান উৰি থকা দেখা গৈছিল। এল অ’ চিৰ চাৰিওফালে ঘূৰি ফুৰিছিল এখন যুঁজাৰু বিমান।  শেষবাৰৰ বাবে আহমেদপুৰ ইষ্টৰ সমীপত পাকিস্তানী যুঁজাৰু বিমান উৰি থকা দেখা গৈছিল। সীমান্তত উৰি থকা পাকিস্তানী বায়ুসেনাৰ বিমানসমূহৰ ভিতৰত আছে PAF198 আৰু PAF101 নম্বৰৰ বিমান।

পলহগামত তেজৰ নৈ বোওৱা ৰেজিষ্টেন্স ফ্ৰণ্টে এনে কিমান নৰসংহাৰ কাণ্ড কৰিলে, কোন আক্ৰমণৰ মাষ্টাৰমাইণ্ড?

বিশ্বাস কৰা হয় যে টি আৰ এফ গঠনৰ ক্ষেত্ৰত পাকিস্তানৰ বৃহত্তম চোৰাংচোৱা সংস্থা আই এছ আইৰ আটাইতকৈ ডাঙৰ হাত আছে । এই নতুন সন্ত্ৰাসবাদী সংগঠন গঠনৰ উদ্দেশ্য আছিল লস্কৰ-ই-তৈবাৰ পৰা আন্তঃৰাষ্ট্ৰীয় দৃষ্টি আকৰ্ষণ কৰা ।

পহলগাম কাণ্ডত জড়িত সন্ত্ৰাসবাদীৰ ফটো পোহৰলৈ, তদন্তকাৰী সংস্থাই প্ৰকাশ কৰিলে ৩ জনৰ নাম…

Pahalgam terror attacker photo: পহলগাম আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত কেইজনমান সন্ত্ৰাসবাদীৰ ফটো পোহৰলৈ আহিছে। প্ৰাথমিক তদন্তত পোহৰলৈ অহা অনুসৰি, এই কাণ্ডত ২ জন স্থানীয় সন্ত্ৰাসবাদীও জড়িত হৈ আছে।

Pahalgam terror attack: কেৱল হিন্দুক হত্যা! বিমান বন্দৰত অজিত ডোভাল-জয়শংকৰৰ সৈতে মোদীৰ উচ্চস্তৰীয় বৈঠক…

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে দিল্লীত উপস্থিত হৈ মোদীয়ে এক উচ্চস্তৰীয় বৈঠকত অংশ গ্ৰহণ কৰে। পোহৰলৈ অহা তথ্য অনুসৰি, আক্ৰমণকাৰীসকলৰ ভিতৰত ২ জন পাকিস্তানী আছে বুলি জানিব পৰা গৈছে। মুঠ ৬ জন সন্ত্ৰাসবাদীয়ে এই আক্ৰমণ সংঘটিত কৰিছে বুলি সন্দেহ কৰা হৈছে।

পহলগাম আক্ৰমণৰ পাছতেই ভাৰত-পাক সীমান্তত সেনাৰ গুলীত নিহত দুটা সন্ত্ৰাসবাদী, চেষ্টা কৰিছিল ভাৰতত অনুপ্ৰৱেশৰ

বাৰমুল্লাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীচালনা হোৱাৰ মাজতে দুটা সন্ত্ৰাসবাদী নিহত হয় । সন্ত্ৰাসবাদী দুটাৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গুলী আৰু অন্যান্য যুদ্ধসদৃশ সামগ্ৰী উদ্ধাৰ কৰা হৈছে । অঞ্চলটোত অব্যাহত আছে সেনাৰ অভিযান ।

Pahalgam terror attack: প্ৰথমে আমি ভাৰতীয়- কাশ্মীৰৰ মছজিদৰ পৰা হৈছে বিশেষ ঘোষণা, বিৰোধত উত্তাল কাশ্মীৰী…

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ বিশ্ব। সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাত বৰ্তমান পৰ্যন্ত ২৬ জনৰ মৃত্যুৰ খবৰ আহি পৰিছে। এই সময়ত এই ঘটনাৰ কঠোৰ বিৰোধিতা কৰিছে কাশ্মীৰৰ জনসাধাৰণে।

৬ দিন পূৰ্বে হৈছিল বিয়া, পত্নীৰ লগত কাশ্মীৰত ফুৰিবলৈ গৈ সন্ত্ৰাসবাদীৰ গুলীত নিহত নৌসেনাৰ বিষয়া

Pahalgam Terrorist Attack: জানিব পৰা মতে মৃত বিষয়াজনৰ নাম বিনয় নৰৱাল (২৬)। ১৬ এপ্ৰিলত বিবাহপাশত আবদ্ধ হৈছিল  নৌসেনাৰ বিষয়াগৰাকী।ছুটীত অৱসৰ বিনোদৰ বাবে পত্নীৰ সৈতে কাশ্মীৰলৈ গৈছিল তেওঁ। সূত্ৰ অনুসৰি সন্ত্ৰাসবাদীৰ গুলীত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে বিনয় আৰু তেওঁৰ পত্নীয়ে।

Pahalgam Terrorist Attack LIVE: এনেকুৱা উত্তৰ দিয়া হ’ব যে সমগ্ৰ বিশ্বই চাব, দোষীক ৰেহাই দিয়া নহ’বঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

ভূ-স্বৰ্গ কাশ্মীৰত শান্তি ঘূৰি অহা যেন লগাৰ সময়তে সংঘটিত হয় এক অপ্ৰীতিকৰ ঘটনা। এইবাৰ সন্ত্ৰাসবাদীয়ে পৰ্যটকক আক্ৰমণ কৰে। যোৱা কেইবছৰমানৰ পৰা এনে লাগিছিল যে কাশ্মীৰত পৰ্যটকৰ বাবে শান্তি আৰু নিশ্চয়তা আছে।

পহলগাম আক্ৰমণৰ পিছত পাকিস্তানলৈ মোদীৰ কঠোৰ বাৰ্তা! ল’লে ডাঙৰ পদক্ষেপ…

পহলগাম সংঘটিত আক্ৰমণৰ পিছত প্ৰধানমন্ত্ৰী মোদী এই পদক্ষেপক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক ডাঙৰ প্ৰত্যুত্তৰ হিচাপে দেখা গৈছে। য’ত প্ৰধানমন্ত্ৰীয়ে পাকিস্তানক স্পষ্ট বাৰ্তা প্ৰদান কৰিছে যে সন্ত্ৰাসবাদীক সমৰ্থন কৰি অশান্তি বিয়পাই ভাৰতৰ সৈতে সম্পৰ্ক স্বাভাৱিক কৰিব নোৱাৰে।