শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ৰাজনীতি

ৰাজনীতি

ৰাজনীতি হৈছে এটা গোটত নিৰ্ণয় লোৱা বা ব্যক্তিৰ মাজত অন্যান্য প্ৰকাৰৰ শক্তিৰ সৈতে সম্পৰ্কিত কাৰ্যকলাপৰ সংহতি যেনে সম্পদ বা স্থিতি আদি বিতৰণ। প্ৰবুদ্ধ সমাজৰ ৰাষ্ট্ৰীয় সভাপতি ড০ শ্ৰী প্ৰকাশ বৰাণৱালে কয় যে, ৰাজনীতি হৈছে ৰাজ আৰু নীতি দুয়া শব্দৰ সংমিশ্ৰণ। য’ত ৰাজ মানে শাসন আৰু নীতিৰ অৰ্থ হৈছে সঠিক সময় আৰু স্থান সঠিক কাম কৰাৰ কলা। এটা বিশেষ নীতিৰ জৰিয়তে শাসন কৰা বা এটা নিৰ্দিষ্ট উদ্দেশ্যত উপনীত হোৱাক ৰাজনীতি বোলা হয়। ৰাজনীতি জনসাধাৰণৰ সামজিক আৰু অৰ্থনৈতিক স্তৰ উন্নীত কৰাৰ এক কৌশল। ৰাজনীতিৰ ইতিহাস অতি পুৰণি। যাৰ বিৱৰণ সনাতন ধৰ্মৰ বিভিন্ন গ্ৰন্থত পোৱা যায়। সেয়া লাগিলে মহাভাৰতৰ চক্ৰবেহুৰ সৃষ্টি হওক বা পাশা খেলত পাণ্ডৱক পৰাস্ত কৰাৰ ৰাজনীতি।

Read More

আলফা(স্বা), দল-সংগঠনৰ সকীয়নিৰ পাছত অসমত বাতিল ‘বিহাৰ দিৱস’ৰ কাৰ্যসূচী…

বিভিন্ন দল-সংগঠনৰ বিৰোধিতাৰ অন্তত অসমত বাতিল হ'ল বিহাৰ দিৱসৰ কাৰ্যসূচী। অহা ২২ মাৰ্চত অসমৰ বিভিন্ন প্ৰান্তত বিহাৰ দিৱস আয়োজনৰ প্ৰস্তুতি চলিছিল।

সাংসদ ৰকিবুল হুছেইনক কোনে দিলে প্ৰাণে মৰাৰ ভাবুকি? এজাহাৰ দাখিল…

ৰকিবুল হুছেইনক হত্যাৰ ভাবুকি এজন যুৱকৰ। সামাজিক মাধ্যমযোগে কেইবাবাৰো ভাবুকি দিয়াৰ পাছত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে সাংসদগৰাকীয়ে।

বন্ধুক পাহৰা নাই! মোদীৰ প’ডকাষ্ট পচন্দ আহিল ট্ৰাম্পৰ, কৰিলে এই কাম…

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্পৰ্কৰ কথা সকলোৱে জানে। কিন্তু যোৱা কেইটামান দিনৰ পৰা দুয়োৰে মাজৰ বন্ধুত্বৰ ওপৰত প্ৰশ্নবোধক আহি পৰিছিল। ইয়াৰ মাজতে কালি এক প'ডকাষ্টত নৰেন্দ্ৰ মোদীয়ে ট্ৰাম্পৰ প্ৰশংসা কৰে।

মধুৰ হোৱাৰ দিশে সম্পৰ্ক! মোদীৰ প্ৰশংসা ৰঙা চীনৰ, ক’লে…

সম্পৰ্ক মধুৰ হোৱাৰ দিশে আগবাঢ়িছে ভাৰত-চীনৰ। দেওবাৰে মোদীয়ে এক প'ডকাষ্টত অংশগ্ৰহণ কৰি ভাৰত-চীনৰ সম্পৰ্কৰ কথা উল্লেখ কৰে। তাৰ পাছতে চীনে প্ৰধানমন্ত্ৰীৰ প্ৰশংসা কৰে আৰু সম্পৰ্ক উন্নত কৰাৰ ইংগিত প্ৰদান কৰে।

নিখিল বড়ো ছাত্ৰ সন্থাই বড়ো জাতিৰ উত্তৰণত ডাঙৰ ভূমিকা গ্ৰহণ কৰি আহিছেঃ মুখ্যমন্ত্ৰী

দেওবাৰে কোকৰাঝাৰত অনুষ্ঠিত নিখিল বড়ো ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশনত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, বড়োলেণ্ড অঞ্চলৰ ৩৫ খন উচ্চ মাধ্যমিক বিদ্যালয়ক মডেল হাইস্কুললৈ ৰূপান্তৰ কৰা হ'ব যাতে বড়োলেণ্ডৰ শিক্ষাৰ এক নতুন পৰিৱেশ গঢ় লৈ উঠে।

এসময়ত এযোৰ জোতা আছিল মোৰ বাবে ডাঙৰ সম্পদ, তথাপিও দৰিদ্ৰতা নাছিল মোৰ বাবে বোজাঃ মোদী

Modi Podcast: মোদীয়ে কয়, মই মোৰ পৰিয়াল, মা-দেউতা,ভাই-ভগ্নী, খুড়া, ককা-আইতাৰ বিষয়ে ভাবো। তেতিয়া আমি সকলোৱে এটা সৰু ঘৰত বাস কৰিছিলো। তাত কোনো খিৰিকি নাছিল। এতিয়া আমি যি স্থানত বহি আছো সেই স্থান ইয়াতকৈও সৰু আছিল।

মই লাহোৰ গৈছিলো, পাকিস্তানক আমন্ত্ৰণ জনাইছিলো, কিন্তু পৰিণাম আছিল নকৰাত্মকঃ মোদী

"ভাৰতৰ লোকসকলে  বহু দুখেৰে দেশ বিভাজন মানি লৈছিল। কিন্তু তাৰ পাছতে পাকিস্তানত চলিছিল হত্যালীলা, ট্ৰেইনত ভৰ্তি হৈ মৃতদেহ আহিছিল ভাৰতলৈ, সেয়া আছিল ভয়ংকৰ দৃশ্য"।

অহা ২ বছৰত ১০০ শতাংশ কাৰ্যকৰী হ’ব বড়ো শান্তি চুক্তি, ইতিমধ্যে সম্পন্ন ৮০% চৰ্ত: অমিত শ্বাহ

বৰ্তমান অসম ভ্ৰমণত ব্যস্ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি কোকৰাঝাৰত উপস্থিত হৈ শ্বাহে কয় যে বড়ো শান্তি চুক্তিৰ বাবে কংগ্ৰেছে আমাক হাঁহিছিল, কিন্তু সেই চুক্তিৰ বাবে আজি বিটিআৰত শান্তি স্থাপন হৈছে।

মই পদত্যাগ কৰিম যদিহে…হিমন্ত বিশ্ব শৰ্মা

আজি বিধানসভাত অসম বাজেট সন্দৰ্ভত এক সাধাৰণ আলোচনা হয়। এই আলোচনাত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

কেতিয়া অনুষ্ঠিত হ’ব ২০২৬’ৰ বিধানসভা নিৰ্বাচন? বন্ধ হ’ব নেকি অৰুণোদয়… ক’লে মুখ্যমন্ত্ৰীয়ে…

Assam assembly election '26: আজি বিধানসভাৰ অধিবেশনত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। এই সময়চোৱাত তেওঁ ২০২৬ চনৰ নিৰ্বাচন আৰু অৰুণোদয় আঁচনি সন্দৰ্ভতো ডাঙৰ মন্তব্য কৰে।

Assam Budget 2025-26: অসম বাজেটৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ, কি কি ঘোষণা কৰিলে বিত্তমন্ত্ৰীয়ে

Assam Budget 2025-26: আজি অসম বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰে অসম বাজেট ২০২৫-২৬। ২০২৬ চনত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ আগত এয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অন্তিমখন পূৰ্ণাংগ বাজেট।

মুখ্যমন্ত্ৰীয়ে ক’লে, তৰুণ গগৈৰ দিনত কেনেকৈ হৈছিল ৰাজ্য কঁপাই যোৱা APSC কেলেংকাৰী…

APSC কেলেংকাৰী সন্দৰ্ভত বিপ্লৱ শৰ্মা প্ৰতিবেদনৰ ওপৰত আজি সদনত হয় আলোচনা। এই সময়চোৱাত হিমন্ত বিশ্ব শৰ্মাই কেলেংকাৰীৰ প্ৰতিটো দিশ দাঙি ধৰে।

একেটা দিনতে দুটা বিপৰীত দৃশ্য! সদনৰ ভিতৰত তীব্ৰ বাক-বিতণ্ডা, বাহিৰত মুখ্যমন্ত্ৰীক প্ৰশংসা অখিল গগৈৰ…

আজি আছিল অসম বিধানসভাৰ বাজেট অধিৱেশনৰ পঞ্চমটো দিন।। কিছুসময় পূৰ্বে সদনৰ মজিয়াত উত্তপ্ত বাক-বিতণ্ডাৰ পৰা ওলাই আহি দেখা গ'ল এখন সম্পূৰ্ণ বিপৰীত ছবি। নিজে গাড়ীৰ পৰা নামি আহি অখিল গগৈৰ লগত কথা পাতিলে মুখ্যমন্ত্ৰীয়ে। আনকি মুখ্যমন্ত্ৰীয়ে কৰমৰ্দন কৰিলে বিধায়কগৰাকীক।

Assam CM Hindu row: মুছলমান-খ্ৰীষ্টান নহয় ! হিন্দুৰ শত্ৰু এইসকল লোক; হিমন্ত বিশ্ব শৰ্মাই দিলে চিনাকী

মুছলমান বা খ্ৰীষ্টানসকল হিন্দুৰ বাবে ভাবুকি নহয় । হিন্দুক দুৰ্বল কৰাসকল নিজৰ মাজতে আছে । বাওঁপন্থী আৰু উদাৰসকল হিন্দুৰ বাবে ডাঙৰ বিপদ বুলি উল্লেখ কৰে ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

মন্ত্ৰীপত্নী হোৱাৰ সুযোগ লৈ আক্ৰমণ কৰিছিলা! অখিল গগৈ সন্দৰ্ভত বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীৰ মুকলি চিঠি

"তুমি মোৰ হাতত ধৰিছিলা আৰু কি কৈছিলা সেইবোৰ এতিয়া থাকক৷ মই কিন্তু সিদিনাও ৰাজনীতি বিজ্ঞানৰ শিক্ষক হিচাপে বিধান সভাত বিধায়ক হিচাপে তোমাৰ ভূমিকালৈ আঙুলিয়াই দি বিধান সভাৰ নিয়ম নীতি জানিবলৈ পঢ়িবলগীয়া গুৰুত্বপূৰ্ণ কিতাপখন আমাজনত বিচাৰি দেখুৱাই দিছিলোঁ৷"