
প্ৰভাস
প্ৰভাস এগৰাকী ভাৰতীয় অভিনেতা। বিশেষকৈ তেলেগু, হিন্দী আৰু তামিল ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে।
প্ৰভাসৰ পিতৃ আছিল চলচ্চিত্ৰ প্ৰযোজক ইউ সূৰ্যনাৰায়ণ ৰাজু আৰু মাতৃ শিৱ কুমাৰী। তিনিটা সন্তানৰ ভিতৰত প্ৰভাসৰ আছিল কনিষ্ঠ, প্ৰভাসৰ ভায়েকৰ নাম প্ৰবোধ আৰু ভগ্নীৰ নাম প্ৰগতি।
প্ৰভাসে ২০০২ চনৰ তেলেগু এক্সন ড্ৰামা ফিল্ম ‘ঈশ্বৰ’খনৰ দ্বাৰা চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। তেওঁ ‘মিৰ্চি’ চলচ্চিত্ৰখনত অভিনয় কৰাৰ ফলত শ্ৰেষ্ঠ অভিনেতাৰ নন্দী বঁটা লাভ কৰিবলৈ সক্ষম হয়। ২০১৪ চনত প্ৰভুদেৱা পৰিচালিত হিন্দী চলচ্চিত্ৰ ‘এক্সন জেক্সন’ত তেওঁ গেষ্ট এপিয়াৰেঞ্চ হিচাপে থাকে। ‘মাডামে টুচ্চাউদৰ ৱেক্স মিউজিয়াম’ত মমৰ ভাস্কৰ্য ৰখা প্ৰভাস দক্ষিণ ভাৰতৰ প্ৰথম অভিনেতা।
তেওঁৰ কৰ্মৰাজীসমূহৰ ভিতৰত ভাৰশাম (২০০৪), চত্ৰপাতি (২০০৫), চক্ৰম (২০০৫), বিল্লা (২০০৯), ডাৰ্লিং (২০১০), মিঃ পাৰফেক্ট (২০১১), আৰু মিৰ্চি (২০১৩)। এছ এছ ৰাজামৌলীৰ ইপিক এক্সন ছবি ‘বাহুবলি: দ্য বিগনিং’ (২০১৫)-ত প্ৰভাসে বাহুবলিৰ মুখ্য ভূমিকাত অভিনয় কৰে, যিখন আছিল সেই সময়ৰ চতুৰ্থ সৰ্বাধিক আয় কৰা ভাৰতীয় চলচ্চিত্ৰ। তেওঁ অভিনীত ‘বাহুবলী: দ্য কনক্লুশ্চন’ (২০১৭) ছবিখন আছিল গ্লবেল ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বকালৰ সৰ্বোচ্চ তথা ভাৰতৰ সৰ্বোচ্চ ব্যৱসায়িক সফল ছবি।যিখনে কেৱল দশ দিনতে সকলো ভাষাত ₹1000 কৌটি ডলাৰ (১৫৫ মিলিয়ন মাৰ্কিন ডলাৰ) উপাৰ্জন কৰিবলৈ সক্ষম হয়।
Happy Birthday Prabhas: আজি দাক্ষিণাত্যৰ চুপাৰষ্টাৰ প্ৰভাসৰ জন্মদিন, আপুনি জানেনে প্ৰভাসৰ প্ৰকৃত নাম কি?
দক্ষিণ–ভাৰতৰ চলচিত্ৰ জগতৰ চুপাৰষ্টাৰ প্ৰভাস। যি দেশৰ এজন জনপ্ৰিয় অভিনেতা হৈ পৰিছে আৰু যাক অনুৰাগীসকলে চাবলৈ যিকোনো কৰিব পাৰে। আজি অভিনেতাজনৰ জন্মদিন। সামাজিক মাধ্যমত শুভেচ্ছাৰে ওপচাই পেলাইছে অনুৰাগীয়ে।
- Barasha Misra
- Updated on: Oct 23, 2024
- 16:20 pm