
তমন্না ভাটিয়া
তমন্না ভাটিয়া এগৰাকী ভাৰতীয় অভিনেত্ৰী, যি য়ে মুখ্যতঃ তেলেগু আৰু তামিল চলচ্চিত্ৰত দেখা যায়। তেওঁ ২০০৫ চনত ‘চান্দ চা ৰোশন চেহৰা’ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল ১৯৮৯ চনৰ মুম্বাইত আজিৰ দিনটোতে তেওঁৰ জন্ম হৈছিল দক্ষিণৰ অভিনেত্ৰীগৰাকীৰ।
২০০৭ চনত তেওঁ তেলেগু চলচ্চিত্ৰ হেপ্পী ডেজ আৰু কলেজীয়া জীৱনৰ ওপৰত আধাৰিত তামিল চলচ্চিত্ৰ কাল্লুৰীতো অভিনয় কৰে। তামিল চলচ্চিত্ৰ আয়ান (২০০৯), পিয়া (২০১০) আৰু চিৰুথাই (২০১১)ত তেওঁৰ কাম। 2011 চনত, তেওঁ ১০০% লাভ (2011)ৰ সৈতে তেলেগু চলচ্চিত্ৰলৈ উভতি আহে। তেওঁৰ অন্যান্য চলচ্চিত্ৰসমূহৰ ভিতৰত আছে ৰাচা (২০১২), কেমেৰামেন গংগা থো ৰামবাবু (২০১২), থাডাকা (২০১৩), আগাডু (২০১৪), বাহুবলী: দ্য বিগিনিং, বেংগল টাইগাৰ (২০১৫), অপিৰি (২০১৬) আৰু বাহুবলী ২: দ্য কনক্লুচন (২০১৭)। তেতিয়া তেওঁ তেলেগু চলচ্চিত্ৰত এগৰাকী সমসাময়িক অভিনেত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল।
পুনৰ EDৰ কাৰ্যালয়ত হাজিৰ হ’ব লাগিব তামান্না ভাটিয়া! জেৰাৰ সময়ত কি কি ক’লে অভিনেত্ৰীগৰাকীয়ে?
EDৰ চাৰিটা শাখাৰ শীৰ্ষ বিষয়াই প্ৰায় ৭ ঘণ্টা ধৰি জেৰা চলালে ‘বাহুবলী’ৰ অৱন্তিকাখ্যাত তামান্না ভাটিয়া। চাইবাৰ চেল, IT চেল, ক্ৰাইম চেলে জেৰা কৰে অভিনেত্ৰী তামান্নাক। EDৰ জেৰাত ৮জন হাইপ্ৰফাইল লোকৰ নাম লৈছে অভিনেত্ৰীগৰাকীয়ে। গুৱাহাটী EDৰ সহকাৰী সঞ্চালক ৰাম দীক্ষিতে চমন প্ৰেৰণ কৰিছিল অভিনেত্ৰী তামান্নাক।
- Trishna Kalita
- Updated on: Oct 18, 2024
- 17:11 pm
কামাখ্যা মন্দিৰত অভিনেত্ৰী তমন্না ভাটিয়া! পিতৃ-মাতৃৰ সৈতে ল’লে মা কামাখ্যাৰ আশিস
শক্তিপীঠ মা কামাখ্যাত পূজা-অৰ্চনা অভিনেত্ৰী তামান্না ভাটিয়াৰ৷ মহাদেৱ বেটিং এপৰ প্ৰমোচনৰ অভিযোগত বৃহস্পতিবাৰে EDৰ জেৰাৰ সন্মুখীন হৈছিল তামান্না৷ গুৱাহাটীৰ কাৰ্যালয়ত ৮ ঘণ্টা ধৰি EDয়ে জেৰা চলালে তমন্নাক। নিশা হোটেল ৰেডিছন ব্লুত কটাই আজি কামাখ্যা মন্দিৰ দৰ্শন কৰে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে।
- Trishna Kalita
- Updated on: Oct 18, 2024
- 17:00 pm
হঠাৎ গুৱাহাটীত তমন্না ভাটিয়া! EDৰ প্ৰায় ৭ ঘন্টা মাৰাথন জেৰাৰ অন্তত যাবলৈ দিয়ে মোহময়ী অভিনেত্ৰীগৰাকীক
বৰ্তমান গুৱাহাটীত ‘বাহুবলী’ৰ অভিনেত্ৰী তামান্না ভাটিয়া। অনলাইন জুৱাৰ বিজ্ঞাপন কৰি বিপদত মোহময়ী অভিনেত্ৰী তামান্না। ঘণ্টা ঘণ্টা ধৰি খ্ৰীষ্টানবস্তিৰ EDৰ কাৰ্যালয়ত জেৰা তামান্নাক। অৱশেষত যাবলৈ দিয়া হ'ল অভিনেত্ৰীগৰাকীক।
- Barasha Misra
- Updated on: Oct 18, 2024
- 16:58 pm
গুৱাহাটীৰ ED কাৰ্যালয়ত বলিউডৰ অভিনেত্রী তমন্না ভাটিয়া! ৭ ঘণ্টা ধৰি EDয়ে চলালে জেৰা
অনলাইন জুৱাৰ বিজ্ঞাপন কৰি বিপদত মোহময়ী অভিনেত্ৰী তামান্না। ঘণ্টা ঘণ্টা ধৰি খ্ৰীষ্টানবস্তিৰ EDৰ কাৰ্যালয়ত জেৰা তামান্নাক। নিষিদ্ধ মহাদেৱ বেটিং এপৰ বিজ্ঞাপন কৰিছিল তামান্নাই। পিতৃ-মাতৃৰ সৈতে গুৱাহাটীত তামান্না ভাটিয়া। পূৰ্বেও অনলাইন জুৱাৰ সন্দৰ্ভত জেৰাৰ সন্মুখীন হৈছিল অভিনেত্ৰীগৰাকী।
- Trishna Kalita
- Updated on: Oct 18, 2024
- 16:59 pm