শিক্ষক দিৱস
শিক্ষক দিৱস (Teachers’ Days) বহু দেশত শিক্ষকসকলৰ সন্মানাৰ্থে পালন কৰা এটা দিৱস। এই দিনত শিক্ষকসকলক সন্মান প্ৰদৰ্শন কৰাৰ লগতে শৈক্ষিক ক্ষেত্ৰ বা সমাজলৈ তেওঁলোকৰ অৱদানৰ বাবে পুৰস্কৃত কৰা হয়। দেশভেদে শিক্ষক দিৱস আয়োজন কৰা দিনটো ভিন ভিন। প্ৰখ্যাত শিক্ষাবিদ আৰু পূৰ্বৰ ৰাষ্ট্ৰপতি ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ সোঁৱৰণত ভাৰতত তেখেতৰ জন্মৰ তাৰিখ ৫ ছেপ্তেম্বৰ শিক্ষক দিৱস পালন কৰা হয়। শিক্ষক দিৱস আৰু ‘বিশ্ব শিক্ষক দিৱস’ একে নহয়; UNESCO-ই আৰম্ভ কৰা পিছৰ দিৱসটো বিশ্বজুৰি ৫ অক্টোবৰত পালন কৰা হয়।