ভেলেন্টাইন দিৱস
ভেলেন্টাইন ডে হৈছে প্ৰেমৰ এটা দিন। বছৰৰ দ্বিতীয় মাহ ফেব্ৰুৱাৰী মাহৰ ১৪ তাৰিখে ইয়াক পালন কৰা হয়। ইয়াক এটা পৱিত্ৰ প্ৰেমৰ দিন হিচাপে সমগ্ৰ বিশ্বতে পালন কৰা হয়। এই দিনটোত প্ৰেমিক-প্ৰেমিকা সকলে নিজৰ প্ৰিয়জনক ফুলৰে, মিঠাই বা মৰমৰ বাৰ্তাৰে (ভেলেণ্টাইন বাৰ্তা) সম্ভাষণ জনায়। এই দিনটো, উচ্চ মধ্য যুগৰ জিও’ফ্ৰি চাওঁচাৰ (Geoffrey Chaucer)ৰ চক্ৰৰ লগত ৰাজকীয় প্ৰেমৰ পৰম্পৰাৰ জয়জয় ময়ময়ৰ সময়তে, প্ৰথম বাৰৰ বাবে ৰোমাণ্টিক প্ৰেমৰ লগত সাঙোৰ খাই পৰে। এই দিৱসটো প্ৰথম বাৰৰ বাবে প’প গিলাচিয়াছে ৪৯৬ খ্ৰীঃ পূঃ ত প্ৰতিষ্ঠিত কৰে আৰু ইয়াক পিছত ১৯৬৯ চনত চতুৰ্থ প’প প’লৰ দ্বাৰা সাধাৰণ ৰোমান দিনপঞ্জীৰ পৰা আঁতৰাই দিয়া হয়।
হৃদয়ৰ আকৃতিৰ পৰিসীমা, কপৌ আৰু ডেউকা থকা কিউপিডৰ ছবিক, আধুনিক ভেলেণ্টাইন দিৱসৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। ১৯ শতিকাৰ পৰা হাতে লিখা ভেলেণ্টাইন বাৰ্তা আঁতৰি, তাৰ ঠাইত পাইকাৰী হাৰত শুভেচ্ছা প্ৰত্ৰৰ প্ৰচলন আৰম্ভ হয়।