শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
বিৰাট কোহলি

বিৰাট কোহলি

বিৰাট কোহলিৰ জন্ম ৫ নৱেম্বৰ ১৯৮৮ত হয়। তেওঁ এজন ভাৰতীয় ক্ৰিকেট খেলুৱৈ। টপ অৰ্ডাৰত খেলা সোঁহতীয়া বেট্‌ছমেনজন ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক। ২০০৮ চনত মালয়েছিয়াত অনুষ্ঠিত ১৯-অনুৰ্দ্ধ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত জয়লাভ কৰা ভাৰতীয় দলৰ তেওঁ অধিনায়ক আছিল। ঘৰুৱা ক্ৰিকেটত তেওঁ দিল্লী দলৰ হৈ খেলে আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ দলৰ তেওঁ প্ৰাক্তন অধিনায়ক।

২০০৮ চনত ক’হলিয়ে ভাৰতৰ হৈ এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত আত্মপ্ৰকাশ কৰে আৰু ২০১১ চনৰ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ তেওঁ সদস্য আছিল। এদিনীয়া দলত নিয়মীয়াকৈ খেলি আছিল যদিও ক’হলিয়ে ২০১১ চনতহে টেষ্টত আত্মপ্ৰকাশ কৰে কিংষ্ট’নত ৱেষ্ট ইণ্ডিজৰ বিপক্ষে। ২০১১-১২ চনত এডিলেইডত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ক’হলিয়ে প্ৰথম টেষ্ট শতক অৰ্জন কৰে।

এদিনীয়া ক্ৰিকেটত ক’হলিৰ নামত বহুখিনি অভিলেখ আছে। ইয়াৰ ভিতৰত ভাৰতীয় বেট্‌ছমেনৰ দ্ৰুততম শতৰাণ আৰু যিকোনো দেশৰ হৈ আটাইতকৈ কম খেলত ১৭টা শতৰাণ উল্লেখযোগ্য।সৌৰভ গাংগুলী (১৯৯৭-২০০০), শচীন টেণ্ডুলকাৰ (১৯৯৬-৯৮) আৰু মহেন্দ্ৰ সিং ধোনিৰ (২০০৭-০৯) পাছতে তেওঁ এদিনীয়া ক্ৰিকেটত ক্ৰমাগত তিনি বা ততোধিক বৰ্ষত ১০০০ বা ততোধিক ৰাণ কৰা চতুৰ্থ বেট্‌ছমেন। এদিনীয়া ক্ৰিকেটৰ দ্বিতীয় ইনিংছত বেটিং কৰি ১৪ টা শতৰাণ কৰি তেওঁ শচীন টেণ্ডুলকাৰৰ পাছতে দ্বিতীয় স্থানত আছে। দুবাৰকৈ ক্ৰমাগত ৫ খন খেলত ৫০ বা ততোথিক ৰাণ কৰা তেওঁ প্ৰথম খেলুৱৈ। ২০১২ চনত ক’হলিয়ে আই চি চি বৰ্ষশ্ৰেষ্ঠ এদিনীয়া খেলুৱৈৰ সন্মান লাভ কৰে। ২০১৩ চনৰ নৱেম্বৰত তেওঁ প্ৰথমবাৰৰ বাবে আই চি চি এদিনীয়া বেট্‌ছমেনৰ ৰেংকিঙত প্ৰথম স্থান লাভ কৰে। ২০১৪ চনত বাংলাদেশত অনুষ্ঠিত টুৱেণ্টী ২০ বিশ্বকাপত তেওঁ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ (মেন অৱ দ্য টুৰ্ণামেণ্ট) সন্মান লাভ কৰে।

Read More

কোহলী প্ৰেমে কাৰাগাৰলৈ পঠিয়ালে যুৱককঃ খেলপথাৰতে ঘটিছিল এনে…

ক্ৰিকেট বিশ্বত বিৰাট কোহলীৰ জনপ্ৰিয়তা সকলোৰে বিদিত। ইডেনৰ গেলাৰীতো কালি দেখা গ’ল তাৰ দৃশ্য। ঘৰুৱা দল কলকাতাৰ লগতে কোহলী তথা আৰচিবিৰ অনুৰাগীয়েও কালি ভিৰ কৰে ইডেনত। পিছে মেচখনৰ সামৰণিৰ পিছতে কাৰাগাৰলৈ যাবলগা হৈছে কোহলীৰ এগৰাকী অনুৰাগী।

কোহলীৰ বলিঙেৰে আৰম্ভ হ’ল আই পি এল ২০২৫! এয়া কি ঘটিল কলকাতা-বাংগালুৰুৰ মেচত..

আই পি এল ২০২৫ৰ প্ৰথমখন মেচত আজি আৰচিবিৰ অধিনায়ক ৰজত পাটিদাৰে টছত জয়ী হৈ প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত লয়। কলকাতাৰ হৈ বেটিং মুকলি কৰিবলৈ ক্ৰীজলৈ আহে অপেনাৰদ্বয় কুইণ্টন ডে কুক আৰু সুনীল নাৰাইণ। পিছে মেচ আৰম্ভ হোৱাৰ লগে লগে দেখা গ’ল এক আচৰিত দৃশ্য। এই নতুন ছিজনৰ প্ৰথম অভাৰতে বলাৰৰ ৰূপত দেখা গ’ল তাৰকা বেটাৰ বিৰাট কোহলীক।

বিৰাট কোহলিৰ বেটিং অৰ্ডাৰ কিয় সলনি হ’ল ক’লে ৰোহিত শৰ্মাই, ৪৬ ৰানত আউট হোৱাৰ পিছত ক’লে এই ৪টা ডাঙৰ কথা

বেংগালুৰু টেষ্টৰ দ্বিতীয় দিনা টিম ইণ্ডিয়াৰ বিৰুদ্ধে ১৩৪ ৰানৰ অগ্ৰগতি লাভ কৰিছে নিউজিলেণ্ডে। ভাৰতীয় দলটোৱে প্ৰথম ইনিংছত মাত্ৰ ৪৬ ৰানলৈ হ্ৰাস পাইছিল। প্ৰথম দিনাৰ নাটকৰ অন্তত ৰোহিত শৰ্মাই নিজৰ ভুল স্বীকাৰ কৰি চাৰিটা ডাঙৰ ডাঙৰ কথা ক’লে।

মই সদায় বিৰাট কোহলিক লৈ চিন্তিত…কিংবদন্তি খেলুৱৈৰ ডাঙৰ স্বীকাৰোক্তি

২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত টেষ্ট ছিৰিজ। এই পাঁচখন খেলৰ শৃংখলাৰ পূৰ্বেও অষ্ট্ৰেলিয়াৰ খেলুৱৈসকলে টিম ইণ্ডিয়াৰ খেলুৱৈৰ বিৰুদ্ধে মন্তব্য আগবঢ়াইছে। এই সময়ছোৱাত ট্ৰেভিছ হেডে বিৰাট কোহলিক লৈ এটা আমোদজনক মন্তব্য আগবঢ়াইছে।

Photos: বিৰাট কোহলী-গৌতম গম্ভীৰে প্ৰশিক্ষণত হাঁহিলে জোৰেৰে, কাৰণ জানি আপুনিও হাঁহিব!

মাত্ৰ কেইমাহমান আগলৈকে বিৰাট কোহলী আৰু গৌতম গম্ভীৰক ইজনে সিজনৰ শত্ৰু বুলি গণ্য কৰা হৈছিল। যোৱা বছৰ আই পি এল মেচৰ সময়ত খেলপথাৰত দুয়োৰে মাজত হোৱা তৰ্কৰ পিছত সকলোৱে এনেকৈয়ে ধাৰণা কৰিছিল।