
পশ্চিমবংগ
পশ্চিমবংগ ভাৰতবৰ্ষৰ এখন ৰাজ্য। জনসংখ্যাৰ ঘনত্বৰ বিচাৰত এই ৰাজ্য ভাৰতৰ চতুৰ্থ সৰ্বাধিক জনবহুল ৰাজ্য। পশ্চিমবংগ মুঠ ঘৰুৱা উৎপাদনত ভাৰতৰ তৃতীয় বৃহত্তম অৱদানকাৰী।এই ৰাজ্যৰ পূৰ্ব সীমান্তত বাংলাদেশ; উত্তৰ পূৱত অসম; উত্তৰে ভূটান আৰু ছিকিম; উত্তৰ পশ্চিম দিশত নেপাল; পশ্চিমে বিহাৰ আৰু ঝাৰখণ্ড; আৰু দক্ষিণ পশ্চিমে উৰিষ্যা অৱস্থিত। আধুনিক “পশ্চিমবংগ” নামে পৰিচিত এই ভূখণ্ডটি বিগত দুই হাজাৰ বছৰ ধৰি একাধিক ৰাজবংশ আৰু সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হয়। ১৭৫৭ চনত পলাশীৰ যুদ্ধত জয়লাভ কৰি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানিয়ে এই অঞ্চলত নিজ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত সুদীৰ্ঘকাল কলকাতাই ব্ৰিটিছ ভাৰতৰ ৰাজধানীৰ মৰ্যাদা পায়। বিংশ শতাব্দীৰ প্ৰথমছোৱাত পূৰ্ববংগ (বৰ্তমান বাংলাদেশ) আৰু পশ্চিম বংগক একেলগে বেঙ্গল প্ৰেসিডেন্সি বোলা হৈছিল। ব্ৰিটিছ ভাৰতৰ প্ৰথম ৰাজধানী হিচাবে কলিকতা (বৰ্তমানৰ কলকাতা) পশ্চিমীয়া শিক্ষাৰ এক কেন্দ্ৰস্থল স্বৰূপ হৈ পৰে। পশ্চিমীয়া শিক্ষাৰ সুপ্ৰভাবত অঞ্চলটোত শিক্ষা, সংস্কৃতি আৰু প্ৰগতিবাদী চিন্তাধাৰাৰ প্ৰভাৱত নবজাগৰণস্বৰূপৰ সূচনা হয়। ইয়াৰ ফলত ৰাজা ৰামমোহন ৰায়, দয়ানন্দ সৰস্বতী, স্বামী বিবেকানন্দ, ৰবীন্দ্ৰনাথ ঠাকুৰ, অৰবিন্দ আদি মণিষীৰ উত্থান ঘটে। তেওঁলোকৰ মুক্ত চিন্তাধাৰাৰ আৰু সংস্কাৰপন্থী কাৰ্যকলাপৰ ফলত ইয়াতে ভাৰতীয় জাতীয়তাবাদৰ শক্তিশালী ধাৰণাৰ উদ্ভৱ হয় আৰু ই ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক পীঠস্থানত পৰিণত হয়। ১৯৪৭ চনৰ দেশ বিভাজনৰ বঙালী দ্বিখণ্ডিত হ’ল আৰু পশ্চিমবংগ ভাৰতীয় প্ৰজাতন্ত্ৰৰ অন্তৰ্ভুক্ত হয়। পৰবৰ্তীকালত স্বাধীন ভাৰতৰ পশ্চিমবংগত সমসাময়িক ছ’ভিয়েট সংঘৰ লেনিনপন্থী মাৰ্ক্সবাদৰ প্ৰভাৱত সমাজবাদী চিন্তাধাৰাৰ সূচনা হয় আৰু স্বাধীনতাৰ পাচত ইয়াত বৰ্তমানলৈকে (২০১১) মাৰ্ক্স-লেনিনবাদী ৰাজনৈতিক সংস্কৃতিৰ প্ৰাধান্যৰে পৰিচালিত বামপন্থী আঞ্চলিক দলে ৰাজ্যিক শাসনকাৰ্য চলাই আহিছে।
পশ্চিমবংগত দুটা ইউনেস্কোৰ বিশ্ব ঐতিহ্যবাহী স্থান আছে। সেয়া হৈছে দাৰ্জিলিং হিমালয়ান ৰেল (ভাৰতীয় পাৰ্বত্য ৰেলপথৰ অংশ হিচাপে) আৰু সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান।
Cyclone Dana update: ঘূৰ্ণিবতাহ ‘ডানা’ৰ বাবে পশ্চিমবংগত সতৰ্কবাণী, অসমতো পৰিছে প্ৰভাৱ!
গুৱাহাটীৰ লগতে ৰাজ্যৰ ঠায়ে ঠায়ে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হৈ আছে। কেইবাখনো জিলাত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। ডানাৰ প্ৰভাৱত ৫ ডিগ্ৰীলৈ হ্ৰাস পাইছে তাপমাত্ৰা। গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ ২৬ ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন ২২ ডিগ্ৰী চেলচিয়াছ।
- Trishna Kalita
- Updated on: Oct 25, 2024
- 10:44 am
Cyclone Dana: ১২০ কিলোমিটাৰ গতিবেগ, প্ৰচণ্ড বৰষুণ, উভালি পৰিছে গছ… বিধ্বংসী ৰূপ ধাৰণ কৰিছে ‘ডানা’ই
Cyclone Dana: ওড়িশা আৰু পশ্চিমবংগৰ উপকূলত খুন্দা মৰাৰ পিছত এতিয়া ‘ডানা’ই বিধ্বংসী ৰূপ ধাৰণ কৰিছে। প্ৰচণ্ড বতাহ বলিছে, ধাৰাসাৰ বৰষুণ দি আছে। ইয়াৰ বাবে বহু ঠাইত ৰাস্তাতে উভালি পৰিছে গছ। ভূমিস্খলনৰ বাবে বহু স্থানত বাট-পথ বিচ্ছিন্ন হৈছে।
- Barasha Misra
- Updated on: Oct 25, 2024
- 07:49 am
Cyclone Dana: ওড়িশাত বৰষুণ, পশ্চিমবংগত ধুমুহা আৰু বিমানবন্দৰ বন্ধ…প্ৰভাৱ দেখিবলৈ আৰম্ভ কৰিছে ‘ডানা’ৰ
পশ্চিমবংগৰ উপসাগৰৰ পৰা উদ্ভৱ হোৱা ঘূৰ্ণীবতাহ ধুমুহা ‘ডানা’ই প্ৰভাৱ দেখুৱাবলৈ আৰম্ভ কৰিছে। ওড়িশাত প্ৰচণ্ড বৰষুণ দি থকাৰ সময়তে পশ্চিম বংগতো ধুমুহা আহিবলৈ আৰম্ভ কৰিছে। ঘূৰ্ণীবতাহ ধুমুহা ‘ডানা’ৰ গতিবেগ প্ৰতি ঘণ্টাত ১২০ কিলোমিটাৰ হ’ব পাৰে। শুকুৰবাৰে পুৱা ওড়িশা আৰু বংগৰ উপকূলত আঘাত হানিব পাৰে। এই কথা মনত ৰাখি NDRF আৰু SDRFৰ দল নিয়োগ কৰা হৈছে।
- Barasha Misra
- Updated on: Oct 24, 2024
- 22:45 pm
Cyclone Dana: ভক্তৰ বাবে বন্ধ থাকিব জগন্নাথ মন্দিৰ, জানক ‘ডানা’ৰ প্ৰভাৱৰ বিষয়ে…
‘ডানা’ৰ প্ৰভাৱ আৰম্ভ হৈছে। যাৰ বাবে ভক্তসকলক পুৰীৰ জগন্নাথ মন্দিৰ দৰ্শন নকৰিবলৈ পৰামৰ্শ দিছে। শুকুৰবাৰে পুৱা ওড়িশা আৰু বংগত ঘূৰ্ণীবতাহৰ ধুমুহাৰ প্ৰচণ্ড প্ৰভাৱ দেখা গৈছে।
- Barasha Misra
- Updated on: Oct 24, 2024
- 18:52 pm
Cyclone Dana: ‘ডানা’ৰ পৰা আপুনি কেনেকৈ সুৰক্ষিত হৈ থাকিব? জানক সবিশেষ
বৰষুণৰ বাবে আজি কমলা ৰঙৰ সতৰ্কতা আৰু কাইলৈ কলকাতাকে ধৰি আশে-পাশে থকা জিলাসমূহৰ বাবে ৰঙা সতৰ্কতাবাণী জাৰি কৰিছে। এই সময়ত আতংকিত নহয়, কেনেকৈ সাৱধানেৰে থাকিব জানক।
- Barasha Misra
- Updated on: Oct 24, 2024
- 17:23 pm
Cyclone Dana Update: তীব্ৰ গতিৰে আগবাঢ়িছে ‘ডানা’! অসমত কেতিয়া আৰু কোন কোন জিলাত পৰিব ইয়াৰ প্ৰভাৱ?
শেহতীয়া আপডেট অনুসৰি, কলকাতা আৰু ইয়াৰ কাষৰীয়া জিলাবোৰত কম সময়ৰ ভিতৰতে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। দুপৰীয়াৰ পৰা আবেলিৰ ভিতৰত সৰ্বাধিক ৪০ কিলোমিটাৰ গতিৰে ধুমুহা অহাৰ আশংকা প্ৰকাশ কৰা হৈছে। 'ডানা'ৰ ক্ষয়ক্ষতি ৰোধৰ বাবে বিভিন্ন সতর্কতামূলক ব্যৱস্থা লোৱা হৈছে পশ্চিমবংগত। জনাসাধাৰণৰ সুবিধাৰ বাবে সাজু কৰি তোলা হৈছে নিয়ন্ত্ৰণ কক্ষ।
- Trishna Kalita
- Updated on: Oct 24, 2024
- 17:23 pm