
জুবিন গাৰ্গ
জুবিন গাৰ্গ কেৱল অসমৰেই নহয় ভাৰতৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু চলচ্চিত্ৰ অভিনেতা। অসমীয়া, হিন্দী ভাষা, বঙালী, বড়ো, কোচ-ৰাজবংশী, কমতাপুৰী, গোৱালপাৰীয়া, চাহ বাগানীয়া, হাজং, মিচিং, কাৰ্বি, গাৰো, ৰাভা, ডিমাচা, টাই-আহোম, নেপালী, ভোজপুৰী, বিষ্ণুপ্ৰিয়া মণিপুৰী, ককবৰক, ওড়িয়া, তামিল, তেলুগু, কন্নড়, ইংৰাজী, আদি, গালো, মালয়ালম, মাৰাঠী আদি বিভিন্ন ভাষাত তেওঁ কণ্ঠদান কৰিছে।
১৯৯২ চনত জুবিনৰ প্ৰথমটো এলবাম অনামিকা মুক্তি পায়। ইয়াৰ লগে লগেই জুবিন পেছাদাৰী সংগীত জগতখনত জড়িত হৈ পৰে। জুবিনে ঢোল, দোতাৰা, মেণ্ডলিনৰ দৰে বাদ্যযন্ত্ৰ বজোৱাৰ উপৰিও এজন কৃতী কীবৰ্ড প্লেয়াৰ।
বঙালী চিনেমা শুধু তুমিৰ কাৰণে জুবিনে ২০০৫ চনত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল। হিন্দীৰ য়া আলি গীতটোৰ বাবে জুবিনে ২০০৭ চনত গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড (GIFA) আৰু ষ্টাৰডাষ্ট এৱাৰ্ডত শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী (পুৰুষ) বঁটা লাভ কৰিছিল। ইয়াৰ উপৰি Echoes of Silence (ইংৰাজী-খাচী) ছবিৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) লাভ কৰিছিল। আধুনিক অসমীয়া সংগীতত নতুন মাত্ৰা প্ৰদান কৰাৰ বাব ২০১৪ চনত জুবিন গাৰ্গলৈ ৰেনেছাঁ অসম বঁটা আগবঢ়োৱা হয়।
Roi Roi Binale Movie: জুবিন গাৰ্গৰ নতুন ছবি ৰৈ ৰৈ বিনালেৰ প্ৰথম পোষ্টাৰ মুকলি, ছবিখনে দৰ্শকৰ মন জয় কৰিব পাৰিবনে?
Zubeen Garg New Movie: খানাপাৰাৰ ৰঙালীৰ অনুষ্ঠানত জুবিনে প্ৰথমটো লুক দৰ্শকক দেখুৱাইছিল। ইয়াৰ পিছতে ভাইলে হৈ পৰে জুবিন গাৰ্গ। ছবিখন সংগীতৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে। তথ্যনুসৰি ছবিখনৰ শ্বুটিং শ্ৰীলংকা আৰু অৰুণাচল প্ৰদেশত কৰিছে।
- Barasha Misra
- Updated on: Apr 8, 2025
- 16:31 pm
Zubeen Garg: নিৰাশ দৰ্শক, হতাশ জুবিন অনুৰাগী! খানাপাৰাৰ ‘ৰঙালী’ত কিয় অনুষ্ঠান নকৰিলে জুবিন গাৰ্গে?
খানাপাৰালৈ আহিছিল জুবিন গাৰ্গ, কিন্তু পৰিবেশন নকৰিলে গীত। ইয়াকে লৈ একাংশই সামাজিক মাধ্যমত জুবিন গাৰ্গক কটাক্ষ কৰি বিভিন্ন ধৰণৰ পোষ্ট শ্বেয়াৰ কৰি আছে। তাৰ মাজতে ৰঙালীৰ আয়োজক শ্যামকানু মহন্তই সামাজিক মাধ্যমত পোষ্ট দি ক'লে প্ৰকৃত কথা।
- Barasha Misra
- Updated on: Apr 5, 2025
- 17:05 pm
হাস্পতালৰ বিচনাত জুবিন! হঠাৎ কি হ’ল হাৰ্টথ্ৰবৰ?
হাস্পতালত চিকিৎসাধীন অৱস্থাত দেখা গ'ল জুবিন গাৰ্গক। জুবিন কাষত আছে পত্নী গৰিমা শইকীয়া গাৰ্গ। আকৌ অসুস্থ হ'ল নেকি কণ্ঠশিল্পীগৰাকী? ফটো দেখি চিন্তি হৈ পৰিছে অনুৰাগীসকল।
- Trishna Kalita
- Updated on: Apr 4, 2025
- 15:46 pm
ASSAMESE UPCOMING MOVIE: আহি আছে ‘ভাইমন দা’… কেতিয়া মুক্তি পাব এই নতুন ছবিখন?
অসমীয়া চলচ্চিত্ৰ জগতৰ এক উজ্জ্বল নক্ষত্ৰ, মুনিন বৰুৱা, যাক সকলোৱে মৰমতে সম্বোধন কৰিছিল ‘ভাইমন দা’ বুলি । তেওঁ প্ৰায় ১৪ খন চিনেমা নিৰ্মাণ কৰি অসমীয়া ছবি জগতলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে ।
- Barasha Misra
- Updated on: Apr 8, 2025
- 16:31 pm
Rongali Bihu: বিহুৰ মঞ্চ কঁপাবলৈ সাজু জুবিনৰ পৰা মৰ্মিতালৈ… এইবাৰ বিহু মঞ্চত কোন কণ্ঠশিল্পীয়ে ল’ব কিমান মাননি?
ৰঙালীৰ মঞ্চৰ বাবে সাজু হৈছে ৰাজ্যৰ সংগীত শিল্পীসকল ৷ আপুনি জানেনে এইবাৰ মঞ্চত সংগীত পৰিবেশনৰ বাবে কোনগৰাকী শিল্পীয়ে কিমান মাননি লৈছে ? প্ৰতিবছৰৰ দৰে এইক্ষেত্ৰত এইবাৰো শীৰ্ষত আছে জুবিন গাৰ্গ আৰু পাপন ৷
- Barasha Misra
- Updated on: Mar 19, 2025
- 16:21 pm
Zubeen Garg-Garima Wedding Anniversary: আজি যুগ্ম জীৱনৰ ২৩ টা বৰ্ষ গৰকিলে জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গে
জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গ অসমৰ জনপ্ৰিয় দম্পতিসকলৰ ভিতৰত অন্যতম। আজি সুখে-দুখে যুগ্ম জীৱনৰ ২৩টা বসন্ত গৰকিলে জুবিন-গৰিমাই।
- Barasha Misra
- Updated on: Feb 4, 2025
- 18:52 pm
আমি নিজে খেতি কৰিম নিজে খাম, আমাক FREE বস্তু নালাগেঃ জুবিন গাৰ্গ
তেজপুৰত সংগীতানুষ্ঠানত জুবিনে কয়, আজিকালি FREE চাউল খুৱাই খুৱাই সকলোকে চবজী বনাই দিছে। আমি নিজেই খেতি কৰিম নিজে খাম। অসমীয়া ল'ৰাই বৰকৈ চিঞৰে, চিঞৰিবই লাগিব, নিচিঞৰাবোৰ চবজিৰ দৰে, আমি চিঞৰিম, আমি টাইগাৰ।
- Barasha Misra
- Updated on: Jan 7, 2025
- 00:19 am