শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
আজি পুনৰ নিম্নগামী শ্বেয়াৰ বজাৰ, কিমান পৰিল নিফটি আৰু ছেনছেক্স? সবিশেষ চাওক ভিডিঅ'যোগে

আজি পুনৰ নিম্নগামী শ্বেয়াৰ বজাৰ, কিমান পৰিল নিফটি আৰু ছেনছেক্স? সবিশেষ চাওক ভিডিঅ’যোগে

raj-saikia
Raj Saikia | Updated On: 10 Mar 2025 21:27 PM

আজি নিফটি ফিফটি ৯২ পইন্ট হ্ৰাস পোৱাৰ বিপৰীতে ২১৭ পইন্ট হ্ৰাস পায় ছেনছেক্স । ইয়াৰ উপৰিও আজি দেশৰ বেছিভাগ সূচক নিম্নগামী হোৱা দেখা যায় । ২ শতাংশতকৈও অধিক নিম্নগামী হৈছে স্মলকেপ সূচকসমূহ ।

ক্ৰমাগতভাৱে কেবাদিনো ঊৰ্ধগামী হোৱাৰ পাছত আজি সামান্য নিম্নগামী হয় ভাৰতীয় শ্বেয়াৰ বজাৰৰ দুই মুখ্য সূচক । নিফটি ফিফটি ৯২ পইন্ট হ্ৰাস পোৱাৰ বিপৰীতে ২১৭ পইন্ট হ্ৰাস পায় ছেনছেক্স । ইয়াৰ উপৰিও আজি দেশৰ বেছিভাগ সূচক নিম্নগামী হোৱা দেখা যায় । ২ শতাংশতকৈও অধিক নিম্নগামী হৈছে স্মলকেপ সূচকসমূহ ।

তাৰোপৰি আজি নিম্নগামী হৈছে চীনা সূচক হেংছেং । অৱশ্যে সামান্য ঊৰ্ধগামী হৈছে জাপানী সূচক নিক্কেই ।

আজি কি কি বাঢ়িল:
আজি সৰ্বোচ্চ ১৭.২৯ শতাংশ বাঢ়িছে বংকা বায়’-লুৰ শ্বেয়াৰৰ দাম । ইয়াৰোপৰি আজি বাঢ়িছে ওৱেলস্পান ইনভেষ্টমেন্ট, বোদাল কেমিকেলছ, আইচ মেক ৰেফ্ৰিজাৰেশ্যন আৰু নীতিৰাজ ইঞ্জিনীয়াৰ্ছৰ শ্বেয়াৰৰ দাম ।

আজি কি কি কমিল:
আজি সৰ্বোচ্চ ১১.০৮ শতাংশ কমিল হিন্দুস্তান মিডিয়া ভেঞ্চাৰ্ছৰ শ্বেয়াৰৰ দাম । ইয়াৰ উপৰিও নিওজেন কেমিকেলছ, মইণ্ডটেক, কেপিটেল ট্ৰাষ্ট আৰু এইচপি এডহেছিভৰ শ্বেয়াৰৰ দাম আজি নিম্নগামী হয় ।