শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Share Market News: আজিৰ শ্বেয়াৰ বজাৰৰ খবৰ

Share Market News: আজিৰ শ্বেয়াৰ বজাৰৰ খবৰ

barasha-misra
Barasha Misra | Updated On: 12 Mar 2025 22:51 PM

আজি সৰ্বোচ্চ ৩.৩৩ শংতাংশ কমিল ইণ্ডাষ্ট্ৰীয়েল ইনভেষ্টমেন্ট ট্ৰাষ্টৰ শ্বেয়াৰৰ দাম । ইয়াৰ বাহিৰেও কমিছে উৰাভি ডিফেন্স এণ্ড টেকন’ল’জীছ, কম্পুকম ছফ্টৱেৰ, ইণ্ডিজেন লিমিটেড আৰু কোষ্টেল কৰ্পৰেশ্যনৰ শ্বেয়াৰৰ দাম ।

আজি ১২ মাৰ্চ, কালি ২৭ শতাংশৰো অধিক কমিছিল ইণ্ডাছইণ্ড বেংকৰ শ্বেয়াৰৰ দাম । আজি বজাৰ আৰম্ভ হোৱাৰ লগে লগেই ৬০৬ টকা পৰ্যন্ত নিম্নগামী হয় বেংকটোৰ শ্বেয়াৰৰ দাম । তাৰ পাছত ধীৰে ধীৰে ৰিকভাৰ হয় বজাৰ । দিনটোৰ শেষত ১১ মাৰ্চৰ তুলনাত ৪.৪৩ শতাংশ ৰিকভাৰ কৰে ইণ্ডাছইণ্ড বেংকে ।

একেদৰে কালি ষ্টাৰলিংকৰ সৈতে এয়াৰটেলৰ চুক্তিৰ খবৰ প্ৰকাশ পোৱাৰ পাছত ধাৰণা কৰা হৈছিল যে আজি বাঢ়িব পাৰে কোম্পানীটোৰ শ্বেয়াৰৰ দাম । কিন্তু আজি নিম্নগামীহে হয় কোম্পানীটোৰ শ্বেয়াৰৰ ।

ভাৰতৰ দুই বেঞ্চমাৰ্ক সূচক আজি সামান্য নিম্নগামী হ’লেও নিফটি বেংক আৰু বিএছই বেংকেক্স সূচক ঊৰ্ধগামী হয় । আজি সামান্য বাঢ়িছে নিফটি নেক্সট ফিফটি সূচক ।