ঊৰ্ধগামী ভাৰতীয় বজাৰ, আশাৰ সঞ্চাৰ বিনিয়োগকাৰীৰ মনত
আজি সৰ্বোচ্চ ১৯.৯৯ শতাংশ বাঢ়িল এন এ চি এল ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰ । তাৰোপৰি নীৰজ চিমেন্ট ষ্ট্ৰাকচাৰেলছ, উদয়শিবকুমাৰ ইনফ্ৰা, এলগি ইক্যুইপমেন্টছ, নূপুৰ ৰিচাইকেলাৰ্ছৰ শ্বেয়াৰৰ দামো আজি বাঢ়িছে । আজি সৰ্বোচ্চ ১৫.৫৬ শতাংশ কমিছে আয়ন-টেক ছলিউশ্যনছৰ শ্বেয়াৰ । তাৰোপৰি কমিছে মেগেলানিক ক্লাউড, গ্ল'বেল এডুকেশ্যন, এছিয়ান এনাৰ্জি আৰু বিননি ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰৰ দাম ।
আজি ১৭ মাৰ্চ, সপ্তাহৰ প্ৰথম দিনটোতেই ঊৰ্ধগামী হ’ল নিফটি ফিফটি । আজি ১১২ পইন্ট বাঢ়িছে ভাৰতীয় বজাৰৰ এই বেঞ্চমাৰ্ক সূচক । ইফালে ৩১৪ পইন্ট বাঢ়িছে ভাৰতীয় বজাৰৰ আন এক বেঞ্চমাৰ্ক সূচক ছেনছেক্স । তাৰোপৰি আজি ২৯৩ পইন্ট বাঢ়িছে নিফটি বেংক । একেদৰে ফিননিফটি ২৩৯ পইন্ট আৰু নিফটি নেক্সট ফিফটি ৪৩০ পইন্ট বাঢ়ে আজি । ভাৰতীয় সূচৰক সমান্তৰালভাৱে আজি ৩৪৩ পইন্ট বাঢ়িছে জাপানৰ সূচক নিক্কেই । চীনা সূচক হেংছেঙো আজি ১৮৫ পইন্ট বাঢ়ে ।
আজি কি কি বাঢ়িল:
আজি সৰ্বোচ্চ ১৯.৯৯ শতাংশ বাঢ়িল এন এ চি এল ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰ । তাৰোপৰি নীৰজ চিমেন্ট ষ্ট্ৰাকচাৰেলছ, উদয়শিবকুমাৰ ইনফ্ৰা, এলগি ইক্যুইপমেন্টছ, নূপুৰ ৰিচাইকেলাৰ্ছৰ শ্বেয়াৰৰ দামো আজি বাঢ়িছে ।
আজি কি কি কমিল:
আজি সৰ্বোচ্চ ১৫.৫৬ শতাংশ কমিছে আয়ন-টেক ছলিউশ্যনছৰ শ্বেয়াৰ । তাৰোপৰি কমিছে মেগেলানিক ক্লাউড, গ্ল’বেল এডুকেশ্যন, এছিয়ান এনাৰ্জি আৰু বিননি ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰৰ দাম ।
যদি কোনো শ্বেয়াৰত বিনিয়োগ কৰিব খোজে, তেন্তে সেই শ্বেয়াৰসমূহৰ বিষয়ে সঠিক অধ্যয়ন আৰু বিশ্লেষণ কৰক । এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যেহে । TV9-অসমে কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।
বিঃদ্ৰঃ যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ি লওক । তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত লওক ।