শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
বেঞ্চমাৰ্ক সূচক ঊৰ্ধগামী, ৭৩৮ পইন্ট বাঢ়িছে নিফটি বেংক

বেঞ্চমাৰ্ক সূচক ঊৰ্ধগামী, ৭৩৮ পইন্ট বাঢ়িছে নিফটি বেংক

raj-saikia
Raj Saikia | Published: 16 Apr 2025 19:20 PM

ভাৰতৰ বজাৰ ঊৰ্ধগামী হ'লেও আজিৰ দিনটো মুঠেও সুখৰ নহয় এছিয়াৰ অন্যান্য দেশৰ বজাৰৰ বাবে । ৩৪৭ পইন্ট কমিছে জাপানী সূচক নিক্কেই । ৪০৯ পইন্ট বাঢ়িছে চীনা সূচক হেংছেং । আনকি নিম্নগামী দক্ষিণ কোৰিয়ান সূচকো ।

আজি ১৬ এপ্ৰিল, কালিৰ দৰে আজিও ঊৰ্ধগামী হয় ভাৰতীয় বজাৰৰ দুই বেঞ্চমাৰ্ক সূচক । ১০৮ পইন্ট বাঢ়িছে নিফটি ফিফটি । একেদৰে আন এক বেঞ্চমাৰ্ক সূচক ছেনছেক্স বাঢ়িছে ৩০৯ পইন্ট ।

কালি ঊৰ্ধগামী হোৱাৰ দৰে হুৰমূৰকৈ নাবাঢ়িলেও কেইটামান খণ্ডৰ সূচকক বাদ দি বজাৰ মোটামুটি সুস্থিৰ দেখা যায় । আজি ৭৩৮ পইন্ট বাঢ়িছে নিফটি বেংক । ৮৬৯ পইন্ট বাঢ়িছে বিএছই বেংকেক্স । ইয়াৰ বাহিৰেও আজি ঊৰ্ধগামী হৈছে নিফটি নেক্সট ফিফটি, নিফটি স্মলকেপ হাণ্ড্ৰেড, বিএছই স্মলকেপৰ দৰে সূচক । ৫২৯ পইন্ট বাঢ়িছে নিফটি কমোডিটিজৰ দৰে খণ্ডৰ সূচক ।

ভাৰতৰ বজাৰ ঊৰ্ধগামী হ’লেও আজিৰ দিনটো মুঠেও সুখৰ নহয় এছিয়াৰ অন্যান্য দেশৰ বজাৰৰ বাবে । ৩৪৭ পইন্ট কমিছে জাপানী সূচক নিক্কেই । ৪০৯ পইন্ট বাঢ়িছে চীনা সূচক হেংছেং । আনকি নিম্নগামী দক্ষিণ কোৰিয়ান সূচকো ।

শ্বেয়াৰ মাৰ্কেটৰ এইধৰণৰ গৱেষণামূলক তথ্য যদি ভাল লাগে, তেন্তে অৱশ্যেই লাইক কৰক । যদি কোনো শ্বেয়াৰৰ সম্পৰ্কে জানিব খোজে, কমেন্ট বক্সত লিখক । আমি পৰৱৰ্তী ভিডিঅ’ত সেই বিষয়ে আলোচনা কৰিম ।

আজি কি কি বাঢ়িল:

আজি আপাৰ চাৰ্কিট স্পৰ্শ কৰে একাধিক কোম্পানীয়ে । ইয়াৰ ভিতৰচত আছে সোমা টেক্সটাইল এণ্ড ইণ্ডাষ্ট্ৰীজ, আৰ্কিডপ্লাই ডেকৰ, ছেকমাৰ্ক কনচালটেন্সী, ৰাজ অইল মিলছ, মানাকছিয়া এলুমিনিয়াম ।

আজি কি কি কমিল:

আজি নিম্নগামী হয় জেটিএল ইণ্ডাষ্ট্ৰীজ, ইণ্ডাষ্ট্ৰিয়েল ইনভেষ্টমেন্ট ট্ৰাষ্ট, ৰাজ টেলিভিশন নেটৱৰ্ক, ইজ মাই ট্ৰিপ, জাইডাছ লাইফ ছাইন্সেছৰ শ্বেয়াৰৰ দাম ।

১৬ এপ্রিলত বজাৰ বন্ধ হোৱা সময়লৈকে পোৱা তথ্য অনুসৰি

যদি কোনো শ্বেয়াৰত বিনিয়োগ কৰিব খোজে, তেন্তে সেই শ্বেয়াৰৰ বিষয়ে সবিশেষ অধ্যয়ন আৰু বিশ্লেষণ কৰক । এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যেহে । TV9-অসমে কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।

বিঃদ্ৰঃ যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ি লওক । তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰক ।