শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Share Market: দুদিন ধৰি ঊৰ্ধগামী ভাৰতৰ বজাৰ

Share Market: দুদিন ধৰি ঊৰ্ধগামী ভাৰতৰ বজাৰ

barasha-misra
Barasha Misra | Published: 19 Mar 2025 22:04 PM

১৮ মাৰ্চৰ দৰে হুৰমূৰকৈ নাবাঢ়িলেও আজি ৩৮৮ পইন্ট বাঢ়িল নিফটি বেংক সূচক । অৱশ্যে আজি ৩৯৫ পইন্ট হ্ৰাস পাই নিফটি আইটি সূচক । ৯৭৮ পইন্ট বাঢ়িল এছ এণ্ড পি বিএছই স্মলকেপ সূচক । আজি ৯৮২ পইন্ট বাঢ়িছে নিফটি নেক্সট ৫০ সূচকো ।

আজি ১৯ মার্চ, আজিও কিছু ঊৰ্ধগামী হয় ভাৰতীয় শ্বেয়াৰ বজাৰৰ দুই বেঞ্চমাৰ্ক সূচক নিফটি ফিফটি আৰু বিএছই ছেনছেক্স । আজি ৭৩ পইন্ট বাঢ়িল নিফটি ফিফটি আৰু ১৪৭ পইন্ট বাঢ়িল ছেনছেক্স ।

১৮ মাৰ্চৰ দৰে হুৰমূৰকৈ নাবাঢ়িলেও আজি ৩৮৮ পইন্ট বাঢ়িল নিফটি বেংক সূচক । অৱশ্যে আজি ৩৯৫ পইন্ট হ্ৰাস পাই নিফটি আইটি সূচক । ৯৭৮ পইন্ট বাঢ়িল এছ এণ্ড পি বিএছই স্মলকেপ সূচক । আজি ৯৮২ পইন্ট বাঢ়িছে নিফটি নেক্সট ৫০ সূচকো ।

ভাৰতৰ বিভিন্ন সূচক আজি ঊৰ্ধগামী দেখালেও নিম্নগামী হয় জাপানী সূচক নিক্কেই । ৯৩ পইন্ট হ্ৰাস পায় এই সূচক । অৱশ্যে আজি প্ৰায় ৩০ পইন্ট বাঢ়িছে চীনা সূচক হেংছেং ।