ভাৰতীয় সেনাৰ যুদ্ধংদেহী ৰূপ! এটাৰ পাছত আনটো সন্ত্ৰাসবাদীৰ ঘৰত বিস্ফোৰণ
জানিব পৰা মতে, জম্মু-কাশ্মীৰৰ শ্বোপিয়ানত আদনান শ্বাফি (১৮) নামৰ এজন সন্ত্ৰাসবাদীৰ ঘৰত বিস্ফোৰণ ঘটাই নিৰাপত্তাৰক্ষীয়ে। বিগত এবছৰ ধৰি বিভিন্ন সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত হৈ আছে আদনান। আনহাতে, পুলৱামাৰ ট্ৰাল অঞ্চলত জৈছ উগ্ৰপন্থী আমিৰ নাজিৰ ৱানীৰ ঘৰো ধ্বংস কৰা হয়।
যুদ্ধংদেহী ৰূপত দেখাত গৈছে ভাৰতীয় সেনাক। পহলগাঁৱত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাঙি পেলোৱা হৈছে এটাৰ পাছত আনটো সন্ত্ৰাসবাদীৰ ঘৰ। শেহতীয়াকৈ জম্মু-কাশ্মীৰত আৰু দুটা সন্ত্ৰাসবাদীৰ বাসগৃহত বিস্ফোৰণ ঘটাই ভাৰতীয় সেনাই । ইয়াকে ধৰি ৪৮ ঘন্টাত ৬টা সন্ত্ৰাসবাদী ঘৰ ভাঙি পেলোৱা হয়।
জানিব পৰা মতে, জম্মু-কাশ্মীৰৰ শ্বোপিয়ানত আদনান শ্বাফি (১৮) নামৰ এজন সন্ত্ৰাসবাদীৰ ঘৰত বিস্ফোৰণ ঘটাই নিৰাপত্তাৰক্ষীয়ে। বিগত এবছৰ ধৰি বিভিন্ন সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত হৈ আছে আদনান। আনহাতে, পুলৱামাৰ ট্ৰাল অঞ্চলত জৈছ উগ্ৰপন্থী আমিৰ নাজিৰ ৱানীৰ ঘৰো ধ্বংস কৰা হয়। ১৯২০ চনত জন্মগ্ৰহণ কৰা আমিৰৰ নাম ইতিমধ্যে উগ্ৰপন্থীৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। শনিবাৰে ফাৰুক আহমেদ নামৰ আন এজন লস্কৰ-ই-তৈবাৰ সৈতে জড়িত সন্ত্ৰাসবাদীৰ ঘৰো ভাঙি পেলোৱা হৈছিল। জম্মু-কাশ্মীৰৰ কুপৱাৰাত আছিল তেওঁৰ ঘৰ।