ক’ত হেৰাল IndusInd Bankৰ ২১০০ কোটি টকা? চিন্তিত গ্ৰাহক
ইণ্ডাছইণ্ড বেংকৰ মুখ্য কাৰ্যবাহী বিষয়া তথা পৰিচালন সঞ্চালক সুমন্ত কাঠপালিয়াই কয় যে, এই বিত্তীয় বিজুতি যোৱা বছৰৰ ছেপ্টেম্বৰ-অক্টোবৰ মাহটো লক্ষ্য কৰা হৈছিল। যোৱা সপ্তাহত বেংকটোৱে ভাৰতীয় ৰিজাৰ্ভ বেংকক এক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল কৰিছিল।
আপুনিও IndusInd Bankৰ এগৰাকী গ্ৰাহক নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে অত্যন্ত প্ৰয়োজনীয়। ইণ্ডাছইণ্ড বেংক (IndusInd Bank) ৰ গ্ৰাহকসকলৰ সন্মুখত ডাঙৰ বিপদ। চৰ্চালৈ আহিছে বেংকটোত সংঘটিত বৃহৎ বিত্তীয় অনিয়মৰ তথ্য। হিচাপ মিলা নাই ২১০০ কোটি টকাৰ। তেন্তে ইমান টকা ক’লৈ গ’ল? স্বাভাৱিকতে গ্ৰাহকসকলে তেওঁলোকৰ জমা ধনৰ কি হ’ব সেই লৈ চিন্তিত হৈ পৰে। এতিয়া IndusInd Bankৰ এই তথ্য অধিক চিন্তিত কৰি তুলিছে গ্ৰাহকক।
ইফালে ২১০০ কোটি টকাৰ বিত্তীয় অনিয়মৰ বিষয়টো পোহৰলৈ অহাৰ লগে লগে হ্ৰাস পাইছে বেংকৰ শ্বেয়াৰ । প্ৰায় ২৭ শতাংশ হ্ৰাস পাইছে শ্বেয়াৰৰ মূল্য। আতংকিত হৈ ধন উলিয়াবলৈ বেংকলৈ ঢাপলি মেলিছে গ্ৰাহকেও। এই পৰিস্থিতিত ইণ্ডুছইণ্ড বেংকে কয় যে, তেওঁলোকৰ হাতত আৰ্থিক অভাৱ পূৰণ কৰিব পৰাকৈ যথেষ্ট মজুত মূলধন আছে। সেয়েহে গ্ৰাহকসকলে চিন্তা কৰাৰ কোনো কাৰণ নাই।