ভাৰতীয় বজাৰ ঊৰ্ধগামী, বিনিয়োগকাৰীৰ মুখত সন্তুষ্টিৰ হাঁহি
আজি ১৫৯ পইন্ট বৃদ্ধি পাই ২৩,৩৫০-ত উপনীত হৈছে নিফটি ফিফটি । দেশৰ আন এক বেঞ্চমার্ক সূচক ছেনছেক্স আজি ঊৰ্ধগামী হৈছে ৫৫৭ পইন্ট ।
আজি ২১ মার্চ, যোৱা এসপ্তাহ ধৰি ক্রমাগতভাৱে ঊৰ্ধগামী হৈছে ভাৰতৰ শ্বেয়াৰ বজাৰৰ সূচক । আজি ১৫৯ পইন্ট বৃদ্ধি পাই ২৩,৩৫০-ত উপনীত হৈছে নিফটি ফিফটি । দেশৰ আন এক বেঞ্চমার্ক সূচক ছেনছেক্স আজি ঊৰ্ধগামী হৈছে ৫৫৭ পইন্ট ।
আজি ৫৩০ পইন্ট বাঢ়িছে নিফটি বেংক । বাঢ়িছে নিফটি আইটিৰ দৰে সূচকো । ৯৫২ পইন্ট বাঢ়িছে এছ এণ্ড পি বিএছই স্মলকেপ সূচক । ৫৪৬ পইন্ট বাঢ়িছে নিফটি নেক্সট ফিফটি । ৬৬৫ পইন্ট বাঢ়িছে বিএসই বেংকেক্স ।
ভাৰতৰ বজাৰৰ এই ভাল সময়ৰ মাজতে নিম্নগামী হৈছে বিভিন্ন বৈদেশিক সূচক । ৭৪ পইন্ট পৰিছে জাপানৰ সূচক নিক্কেই । ৫৩০ পইন্ট পৰিছে চীনা সূচক হেংছেং ।
আজি কি কি বাঢ়িল:
আজি আপাৰ ছার্কিট স্পৰ্শ কৰিছে ভেলোৰ ইষ্টেট, বালু ফোর্জ ইণ্ডাষ্ট্ৰীজ আৰু আয়ন-টেক ছলিউশ্যনছৰ শ্বেয়াৰৰ দামে । ইয়াৰ বাহিৰেও আজি বাঢ়িছে এছ এম এল ইছুজু আৰু আৰমান ফাইনেন্সিয়েল ছার্ভিচেছৰ শ্বেয়াৰৰ দাম ।
আজি কি কি কমিল:
আজি কোনও কোম্পানীয়ে নিম্ন চার্কিট স্পৰ্শ কৰা নাই । অৱশ্যে সর্বোচ্চ ৬.২২ শতাংশ কমিছে শ্রী তিৰুপতি বালাজী এগ্ৰ’ৰ শ্বেয়াৰ । ইয়াৰ বাহিৰেও আজি কমিছে গ্রীণলেম ইণ্ডাষ্ট্ৰীজ, ৰেমণ্ড লাইফষ্টাইল, ক্রিছিল আৰু ৰিলায়েন্স কমিউনিকেশ্যনছৰ শ্বেয়াৰৰ দাম ।
বজাৰৰ টুকুৰা খবৰ
* আজি প্ৰতি শ্বেয়াৰত ১ টকা ৩০ পইচা লভ্যাংশ দিয়ে চিজি পাৱাৰে
* ১:১০ অনুপাতত স্প্লিট হয় শুক্ৰ ফাৰ্মা
* আজি ২ টকা ৩০ পইচা লভ্যাংশ প্ৰদান এনএমডিচিৰ
* আজি ১:১ অনুপাতত বোনাচ দিয়ে গ্রীণলেম ইণ্ডাষ্ট্ৰীজে
* প্ৰতি শ্বেয়াৰত ৮০ পইচা লভ্যাংশ দিয়ে আইআৰএফচিয়ে
* আজি সৰ্বোচ্চ স্তৰ স্পৰ্শ কৰে বহু কেইটা কোম্পানীয়ে । তাৰ ভিতৰত অন্যতম চম্বল ফাৰ্টিলাইজাৰ্ছ, কোটাক মহিন্দ্ৰা বেংক, অবন্তী ফিডছ, শ্ৰী চিমেন্টছ, বাজাজ ফাইনেন্স, মনপ্পুৰম ফাইনেন্স
২১ মার্চত বজাৰ বন্ধ হোৱা সময়লৈকে পোৱা তথ্য
কোনো শ্বেয়াৰত বিনিয়োগ কৰিব বিচাৰিলে সেই শ্বেয়াৰৰ বিষয়ে সবিশেষ অধ্যয়ন আৰু বিশ্লেষণ কৰক । এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যেহে । TV9 অসমে কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।
বিঃদ্ৰঃ যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগৰ পূৰ্বে সকলো নথি-পত্ৰ ভালদৰে পঢ়ি লওক, তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰক ।