৯৮১ পইন্ট বাঢ়িল নিফটি নেক্সট ফিফটি সূচক
আজি আপাৰ চার্কিট স্পৰ্শ কৰিছে এমবিএল ইনফ্রাষ্ট্ৰাকচাৰ, অৰিয়নপ্র' চলিউশ্যনছ আৰু জিন্দাল ওৱর্ল্ডওৱাইডৰ শ্বেয়াৰৰ দাম । ইয়াৰ বাহিৰেও আজি বাঢ়িছে ভাৰত আর্থ মুভাৰ্ছ লিমিটেড বা বিইএমএল আৰু বিএফ ইউটিলিটিজৰ শ্বেয়াৰৰ দাম ।
আজি ২৭ মার্চত কিছু ঊৰ্ধগামী হৈছে ভাৰতৰ শ্বেয়াৰ বজাৰ । আজি ১০৫ পইন্ট বাঢ়িছে ভাৰতৰ বেঞ্চমার্ক সূচক নিফটি ফিফটি । ৩১৭ পইন্ট বাঢ়িছে আন এক বেঞ্চমার্ক সূচক ছেনছেক্স ।
আজি ৩৬৬ পইন্ট বাঢ়িছে নিফটি বেংক সূচক । তাৰোপৰি আজি বাঢ়িছে নিফটি আইটি, ফিন-নিফটিৰ দৰে সূচক । এছ এণ্ড পি বিএছই স্মলকেপ সূচক বাঢ়িছে ৪১৭ পইন্ট । ৯৮১ পইন্ট বাঢ়িল নিফটি নেক্সট ফিফটি সূচক ।
ইফালে আজি ২২৭ পইন্ট নামিছে জাপানি সূচক নিক্কেই । অৱশ্যে আজি ৯৫ পইন্ট বাঢ়িছে চীনা সূচক হেংছেং ।
আজি কি কি বাঢ়িল:
আজি আপাৰ চার্কিট স্পৰ্শ কৰিছে এমবিএল ইনফ্রাষ্ট্ৰাকচাৰ, অৰিয়নপ্র’ চলিউশ্যনছ আৰু জিন্দাল ওৱর্ল্ডওৱাইডৰ শ্বেয়াৰৰ দাম । ইয়াৰ বাহিৰেও আজি বাঢ়িছে ভাৰত আর্থ মুভাৰ্ছ লিমিটেড বা বিইএমএল আৰু বিএফ ইউটিলিটিজৰ শ্বেয়াৰৰ দাম ।
আজি কি কি কমিল:
আজি নিম্নগামী হৈছে কাপ্রি গ্ল’বেল কেপিটেল, এনডিএল ভেঞ্চার্ছ, সংগিনীতা কেমিকেলছ, শ্রী তিৰুপতি বালাজী এগ্রো আৰু কেশোৰাম ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰৰ দাম ।
২৭ মার্চত বজাৰ বন্ধ হোৱা সময়লৈকে পোৱা তথ্য
যদি কোনো শ্বেয়াৰত বিনিয়োগ কৰিব বিচাৰে, তেন্তে সেই শ্বেয়াৰৰ বিষয়ে সবিশেষ অধ্যয়ন আৰু বিশ্লেষণ কৰক । এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যে । TV9 অসমে কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।
বিঃদ্ৰঃ যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতি বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ি লওক । তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰক ।