শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
সামান্য নিম্নগামী শ্বেয়াৰ বজাৰ, ৩১৫ পইন্ট নামিল ছেনছেক্স

সামান্য নিম্নগামী শ্বেয়াৰ বজাৰ, ৩১৫ পইন্ট নামিল ছেনছেক্স

raj-saikia
Raj Saikia | Published: 24 Apr 2025 22:34 PM

কেবাটাও ছেক্টৰিয়েল সূচকক বাদ দি আজি প্ৰায়সমূহ সূচকেই নিম্নগামী হয় । ১৬৮ পইন্ট নামিছে নিফটি বেংক । ১৪০ পইন্ট নামিছে নিফটি ফাইনেন্সিয়েল ছাৰ্ভিচেছ ।

আজি ২৪ এপ্রিল । সামান্য নিম্নগামী নিফটি ফিফটি । ৮২ পইন্ট পৰিছে ভাৰতৰ এই বেঞ্চমার্ক সূচক । আন এক বেঞ্চমার্ক সূচক ছেনছেক্স নামিছে ৩১৫ পইন্ট । কেবাটাও ছেক্টৰিয়েল সূচকক বাদ দি আজি প্ৰায়সমূহ সূচকেই নিম্নগামী হয় । ১৬৮ পইন্ট নামিছে নিফটি বেংক । ১৪০ পইন্ট নামিছে নিফটি ফাইনেন্সিয়েল ছাৰ্ভিচেছ । ৩১৫ পইন্ট নামিছে বিএছই বেংকেক্স ।

অৱশ্যে ইয়াৰ মাজতে আজি কেবাটাও ছেক্টৰিয়েল সূচক ঊৰ্ধগামী হয় । ১৬ পইন্ট বাঢ়িছে নিফটি মেটেল সূচক । ২৩৫ পইন্ট বাঢ়িছে নিফটি ফাৰ্মা । আনহাতে নিফটি কম’ডিটিজ সূচক বাঢ়িছে ২৭ পইন্ট ।

শ্বেয়াৰ মাৰ্কেটৰ এনেধৰণৰ গৱেষণামূলক তথ্য ভাল লাগিলে অৱশ্যেই লাইক কৰক । যদি আন কোনো শ্বেয়াৰৰ বিষয়ে জানিব খোজে তেন্তে কমেন্টযোগে জনাওক । পৰৱৰ্তী প্ৰতিবেদনত আমি এই বিষয়ে আলোচনা কৰিম ।

আজি কি কি বাঢ়িল:
আজি আপাৰ চাৰ্কিট স্পৰ্শ কৰিছে একাধিক কোম্পানীয়ে । ইয়াৰ ভিতৰত আছে ফিউশন ফাইনেন্স ৰাইটছ, মোদী ৰাবাৰ, এডেলকো হাউছিং এণ্ড ইণ্ডাষ্ট্ৰীজ, ৰেপ্ৰো ইণ্ডিয়া, জিএছএছ ইনফ’টেক ।

আজি কি কি কমিল:
আজি নিম্নগামী হয় একাধিক কোম্পানীৰ শ্বেয়াৰ । ল’ৱাৰ চাৰ্কিট স্পৰ্শ কৰিছে ষ্টাৰলাইট টেকন’লজিছে । ইয়াৰ বাহিৰেও পৰিছে ছিনজিনি ইণ্টাৰনেশ্যনেল, ডিজি কন্টেন্ট, মংগলম গ্ল’বেল এন্টাৰপ্ৰাইজ, ডিজে মিডিয়াপ্ৰিন্ট এণ্ড লজিষ্টিক্সৰ শ্বেয়াৰৰ দাম ।

বজাৰৰ টুকুৰা খবৰ:
* আজি চতুর্থ ত্রৈমাসিকৰ ফলাফল প্রকাশ কৰিছে হিন্দুস্তান ইউনিলিভাৰ, এলিকন ইঞ্জিনীয়াৰিং কোম্পানী, ইণ্ড বেংক মার্চেন্ট, ফেমিলী কেয়াৰ হস্পিতাল, এছেলিয়া চ’লিউশ্যন, টেক মাহিন্দ্রা, এছবিআই লাইফ ইঞ্চুৰৰেন্স আৰু চিএলএন এনার্জীয়ে
* আজি বার্ষিক ফলাফল প্রকাশ কৰিছে সহজ ছ’লাৰ, নেছলে ইণ্ডিয়া, জয়শ্রী কেমিকেলছ, নিউ মার্কেটছ এডভাইছৰি, ছুপ্রিম ইণ্ডাষ্ট্ৰীজ, সুমিত ইণ্ডাষ্ট্ৰীজ, শান্তি গিয়াৰ্ছ, ৰাজো ইঞ্জিনীয়াৰ্ছ, ক্রেটো ছিছকন, ছায়েন্ট, এক্সিছ বেংক, এল এণ্ড টি টেকন’লজী, আইইএছ, আভাস ফাইনেন্সাৰ্ছ, মেক্র’টেক ডেভছ আৰু সুদর্শন ফার্মাই
* বার্ষিক ফলাফলৰ লগতে চতুর্থ ত্রৈমাসিকৰ ফলাফল প্রকাশ কৰিছে বিডিআৰ বিল্ডকন, প্রাইম ছিকিউৰিটিজ, এচিচি, নেলকো, কির্লোস্কাৰ নিউমেটিক, আর্টছন, ইবিএনএল, এমফেছিছ, সুমেৰু ইণ্ডাষ্ট্ৰীজ, একডেৰে, টানলা প্লেটফর্মছ, পাৰ্ছিষ্টেন্ট ছিষ্টেমছ, আদানি এনার্জী চ’লিউশ্যন, ওৱাৰি টেকন’লজিছ, লৰাস লেবছ, ষ্টার্লিং, এছবিআই কার্ডছ এণ্ড পেমেন্ট আৰু ফোর্বছ প্রেছিশ্যন টুলছ
* আজি ৫২ সপ্তাহৰ সর্বোচ্চ স্তৰ স্পৰ্শ কৰিছে একাধিক কোম্পানীয়ে । ইয়াৰ ভিতৰত অন্যতম আল্ট্রাটেক চিমেন্ট, ইউপিএল, এছবিআই কার্ডছ এণ্ড পেমেন্টছ, জেকে চিমেন্ট, বিএছই, বাজাজ ফিনছার্ভ, ডিভি’ছ লেবৰেটৰীছ, লৰাছ লেবছ, এষ্ট্ৰাজেনেকা ফার্মা, নবীন ফ্ল’ৰিন ইন্টাৰনেশ্যনেল, বাজাজ ফাইনেন্স, গ্লেক্সো স্মিথ কাইন
* কোনো কোম্পানীয়ে আজি ৫২ সপ্তাহৰ সর্বনিম্ন স্তৰ স্পৰ্শ কৰা নাই

২৪ এপ্রিলত বজাৰ বন্ধ হোৱা সময়লৈকে পোৱা তথ্য

কোনো শ্বেয়াৰত বিনিয়োগ কৰিব খুজিলে সেই শ্বেয়াৰৰ বিষয়ে সবিশেষ অধ্যয়ন আৰু বিশ্লেষণ কৰক । এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যে । TV9-অসমে কোনো বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।

বিঃদ্ৰঃ যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ি লওক । তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰক ।

প্ৰতিবেদক- সুপ্ৰিয় ঘোষ, ছিনিয়ৰ ছাব এডিটৰ, TV9-বাংলা