শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
সামান্য ঊৰ্ধগামী ভাৰতীয় শ্বেয়াৰ বজাৰ, চাওক ভিডিঅ'

সামান্য ঊৰ্ধগামী ভাৰতীয় শ্বেয়াৰ বজাৰ, চাওক ভিডিঅ’

raj-saikia
Raj Saikia | Published: 25 Mar 2025 23:42 PM

আজি প্ৰতি শ্বেয়াৰত ৭ টকা ৫০ পইচা লভ্যাংশ দিয়ে কে ছল্ভছে । প্ৰতি শ্বেয়াৰত ৭৫ পইচা লভ্যাংশ দিয়ে মিশ্ৰ ধাতু নিগম । আজি ৫২ সপ্তাহৰ সৰ্বোচ্চ স্তৰ স্পৰ্শ কৰে একাধিক কোম্পানীয়ে । ইয়াৰ ভিতৰত জেএছডব্লিউ ষ্টীলছ, কোটাক মাহিন্দ্ৰা বেংক, এছবিআই কাৰ্ডছ, বাজাজ ফাইনেন্স আৰু শ্ৰী চিমেন্টছ উল্লেখযোগ্য ।

আজি মার্চৰ ২৫ তাৰিখ । সমগ্ৰ মাৰ্চ মাহৰ তুলনাত আজি বিশেষ ঊৰ্ধগামী হোৱা নাই ভাৰতৰ দুই বেঞ্চমার্ক সূচক । মাত্র ১০ পইন্ট বাঢ়িছে নিফটি ফিফটি । আনহাতে, ৩২ পইন্ট বাঢ়িছে ছেনছেক্স ।

অৱশ্যে আজি ৯৭ পইন্ট কমিছে নিফটি বেংক । ৭৮১ পইন্ট কমিছে বিএসই স্মলকেপ সূচক । ৯৩৪ পইন্ট কমিছে নিফটি নেক্সট ফিফটি সূচক । ইফালে আজি ৪৮৯ পইন্ট বাঢ়িছে নিফটি আইটিৰ সূচক ।

আজি ১৭২ পইন্ট বাঢ়িছে জাপানৰ শ্বেয়াৰ বজাৰৰ সূচক নিক্কেই । আনহাতে ৫৬১ পইন্ট কমিছে চীনা সূচক হেংছেং ।

আজি কি কি বাঢ়িল:
আজি আপাৰ চাৰ্কিট স্পৰ্শ কৰে ভিনাইল কেমিকেলছ আৰু কিনোট ফাইনেন্সিয়েল ছাৰ্ভিচেছ । ইয়াৰ বাহিৰেও বাঢ়িছে এইচইজি লিমিটেড, মেগলানিক ক্লাউড আৰু ব্লু ডাৰ্ট এক্সপ্ৰেছৰ শ্বেয়াৰৰ দামে ।

আজি কি কি কমিল:
আজি সর্বোচ্চ ১৪.৭ শতাংশ কমিছে নাগৰিকা এক্সপোর্টছ । ইয়াৰ বাহিৰেও আজি পৰিছে মহাদেৱ মার্বল এণ্ড গ্রেনাইটছ, সাৰদা এনার্জি এণ্ড মিনাৰেলছ, কেছোৰাম ইণ্ডাষ্ট্ৰীজ আৰু আয়ন-টেক ছলিউশ্যনছৰ শ্বেয়াৰৰ দাম ।

২৫ মার্চত বজাৰ বন্ধ হোৱা সময়লৈকে পোৱা তথ্য

কোনো শ্বেয়াৰত বিনিয়োগ কৰাৰ পূৰ্বে সেই শ্বেয়াৰৰ বিষয়ে অধ্যয়ন আৰু বিশ্লেষণ কৰক । এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যেহে । TV9 অসমে কোনো বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।

বিঃদ্ৰঃ যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ি লওক । তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰক ।

প্ৰতিবেদক- সুপ্ৰিয় ঘোষ, ছিনিয়ৰ ছাব এডিটৰ, TV9-বাংলা