সামান্য ঊৰ্ধগামী শ্বেয়াৰ বজাৰ, ৭০ পইন্ট বাঢ়িল ছেনছেক্স
দেশৰ ছেক্টৰিয়েল সূচকসমূহৰ ভিতৰত নিফটি আইটি বাঢ়িছে ৪৩৭ পইন্ট । আন ছেক্টৰিয়েল সূচকৰ মাজত নিফটি ফাৰ্মা নিম্নগামী হয় ২৩১ পইন্ট । নিফটি FMCG নামিছে ১৪৫ পইন্ট । বিএছই বেংকেক্স পৰিছে ২১৬ পইন্ট । নিফটি নেক্সট ফিফটি নামিছে ১৫১ পইন্ট ।
আজি ২৯ এপ্ৰিল । ৭ পইন্ট বাঢ়িছে দেশৰ বেঞ্চমাৰ্ক সূচক নিফটি ফিফটি । আনহাতে অন্য এক বেঞ্চমাৰ্ক সূচক বিএছই ছেনছেক্স বাঢ়িছে ৭০ পইন্ট । দেশৰ ছেক্টৰিয়েল সূচকসমূহৰ ভিতৰত নিফটি আইটি বাঢ়িছে ৪৩৭ পইন্ট । আন ছেক্টৰিয়েল সূচকৰ মাজত নিফটি ফাৰ্মা নিম্নগামী হয় ২৩১ পইন্ট । নিফটি FMCG নামিছে ১৪৫ পইন্ট । বিএছই বেংকেক্স পৰিছে ২১৬ পইন্ট । নিফটি নেক্সট ফিফটি নামিছে ১৫১ পইন্ট ।
আজি সামান্য বাঢ়িছে চীনা সূচক হেংছেং । ১৩৪ পইন্ট বাঢ়িছে জাপানী সূচক নিক্কেই ।
শ্বেয়াৰ মার্কেটৰ এনে গৱেষণামূলক তথ্য যদি ভাল লাগে, তেন্তে অৱশ্যেই লাইক কৰক । যদি কোনো শ্বেয়াৰৰ সম্পর্কে জানিব খোজে তেন্তে কমেন্ট বক্সত জনাওক । পৰৱৰ্তী ভিডিঅ’ত আমি এই বিষয়ে আলোচনা কৰিম ।
আজি কি কি বাঢ়িল:
আজি আপাৰ চাৰ্কিট স্পৰ্শ কৰে মালু পেপাৰ মিলছ আৰু পৰশ ডিফেন্স এণ্ড স্পেচ টেকন’লজীছৰ শ্বেয়াৰৰ দামে । ইয়াৰ বাহিৰেও ডাটা পেটাৰ্ণছ, গাৰ্ডেনৰিচ শ্বিপবিল্ডাৰ্ছ এণ্ড ইঞ্জিনীয়াৰ্ছ আৰু টবো টেকৰ শ্বেয়াৰৰ দাম আজি বৃদ্ধি পায় ।
আজি কি কি কমিল
আজি কোনো শ্বেয়াৰে ল’ৱাৰ চাৰ্কিট স্পৰ্শ কৰা নাই । কিন্তু কেবাটাও কোম্পানীৰ শ্বেয়াৰৰ দাম নিম্নগামী হৈছে । ইয়াৰ ভিতৰত আছে গ্ল’বেল ভেক্ট্ৰা হেলিকৰ্প, শিবা মিলছ, মানকশিয়া, লক্ষ্মী ফাইনেন্স এণ্ড ইণ্ডাষ্ট্ৰিয়েল কৰ্প, গো ডি়জিট জেনেৰেল ইঞ্চুৰেন্সৰ শ্বেয়াৰৰ দাম ।
বজাৰৰ টুকুৰা খবৰ:
- আজি শ্বেয়াৰে প্রতি ৬ টকা লভ্যাংশ দিয়ে ৩৬০ ওৱান ওৱামে
- আজি চতুর্থ ত্রৈমাসিকৰ ফলাফল প্রকাশ কৰিছে ভাৰত পেট্র’লিয়াম আৰু চিআইই অটোমোটিভে
- আজি বার্ষিক ফলাফল প্রকাশ কৰিছে এনভাইৰোটেক চিষ্টেমছ, অম্বুজা চিমেন্ট, টকিঅ’ ফাইনেন্স, পঞ্জাব এণ্ড সিন্ধ বেংক, ইউটিআই এএমচি, ষ্টাৰ হেল্থ ইঞ্চুৰেন্স, জন স্মল ফাইনেন্স বেংক আৰু বিশাল মেগা মার্টে
- বার্ষিক ফলাফলৰ লগতে চতুর্থ ত্রৈমাসিকৰ ফলাফল প্রকাশ কৰিছে বাজাজ ফাইনেন্স, ট্রেন্ট, চিয়েট, জিন্দাল হোটেলছ, ছপাৰ্ছ ষ্টপ, বাজাজ ফিনছার্ভ, আইআৰএফচিয়ে
- আজি ৫২ সপ্তাহৰ সর্বোচ্চ স্তৰ স্পৰ্শ কৰিছে একাধিক কোম্পানীয়ে । ইয়াৰ ভিতৰত আছে মেক্স ফাইনেন্সিয়েল ছার্ভিচেছ, আইচিআইচিআই বেংক, মাজাগন ডক শ্বিপবিল্ডাৰ্ছ, ছ’লাৰ ইণ্ডাষ্ট্ৰীজ, কৰমণ্ডল ইন্টাৰনেশ্যনেল আৰু বিএছই
- কোনো কোম্পানীয়ে আজি ৫২ সপ্তাহৰ সর্বনিম্ন স্তৰ স্পৰ্শ কৰা নাই
২৯ এপ্রিলত বজাৰ বন্ধ হোৱা সময়লৈকে পোৱা তথ্য
যদি কোনো শ্বেয়াৰত বিনিয়োগ কৰিব খোজে, তেন্তে সেই শ্বেয়াৰৰ বিষয়ে সবিশেষ অধ্যয়ন আৰু বিশ্লেষণ কৰক । এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যে । TV9-অসমে কোনো বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।
বিঃদ্ৰঃ- যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ি লওক । তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰক ।
প্ৰতিবেদন- সুপ্ৰিয় ঘোষ, ছিনিয়ৰ ছাব এডিটৰ, TV9 বাংলা